Wednesday, April 24, 2024
Homeবাতৰিতৰমুজ খেতিৰে আশাৰ ৰেঙনি কঢ়িয়াইছে কোকিলা গাঁওৰ কৃষকে

তৰমুজ খেতিৰে আশাৰ ৰেঙনি কঢ়িয়াইছে কোকিলা গাঁওৰ কৃষকে

প্ৰকাশিত তাৰিখঃ ১৫ মাৰ্চ , ২০১৭

চানডুবি নিউজ ব্যুৰ’–

কোকিলা বঙাইগাঁও জিলাৰ অতি পিছপৰা এখন গাঁও। ব্ৰহ্মপুত্ৰই গৰাখহনীয়াৰ সৃষ্টি এই গাঁওখনৰ খেতিয়কসকলে তৰমুজ খেতিৰে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। গৰাখহনীয়াই সৰ্বস্বান্ত কৰা এই গাঁওখনৰ খেতিয়কসকল সম্প্ৰতি ব্যস্ত হৈ পৰিছে তৰমুজ খেতিক লৈ।

গাঁওখনৰ প্ৰায় পাঁচশ বিঘা কৃষিভূমিত এতিয়া তৰমুজৰ খেতি আৰম্ভ কৰিছে। প্ৰতি বিঘা মাটিত তৰমুজৰ বীজ সিঁচতে খৰচ হয় ১৬–২০ হাজাৰ টকা আৰু প্ৰতিকিলো তৰমুজ ১৫–২০ টকা দৰত বিক্ৰী কৰি প্ৰায় ৭০–৯০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই মন্তব্য কোকিলা গাঁওৰ খেতিয়ক ৰঞ্জিত দাস, ভোলানাথ দাস আৰু জাফৰ আলীৰ।

গাঁওখনৰ দুখীয়া কৃষকসকলে ভাড়ামাটিত মহাজনৰ পৰা ধন ধাৰে লৈ তৰমুজ খেতি আৰম্ভ কৰিছে। আৰু উৎপাদিত তৰমুজ বিক্ৰীৰে মহাজনৰ ধাৰে লোৱা ধন আৰু মাটিৰ ভাড়া আদায় দিয়াৰ লগতে পৰিয়ালক ভৰণ–পোষণ দিবলৈও সমৰ্থ হৈছে। যদিও এই পৰ্যন্ত ৰাজ্যৰ কৃষি বিভাগৰ দৃষ্টিত পৰা নাই এই খেতিয়কসল। ৰাজ্যৰ কৃষি বিভাগে এই খেতিয়কসকলক সহায়ৰ হাত কেতিয়া আগবঢ়াব ?

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward