Friday, March 29, 2024
HomeUncategorizedদীপৰ বিল সুৰক্ষা মঞ্চৰ গণতান্ত্ৰিক আন্দোলন

দীপৰ বিল সুৰক্ষা মঞ্চৰ গণতান্ত্ৰিক আন্দোলন

প্ৰকাশি তাৰিখঃ ১৮ মে’ ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ পৰিবেশ সুস্থ কৰিবলৈ হ’লে দীপৰ বিল সুৰক্ষিত হ’বই লাগিব। চৌপাশৰ জৈৱ–বৈচিত্ৰ্যতা অক্ষুণ্ণ থাকিলেহে দীপৰ বিল সুৰক্ষিত হ’ব। গুৱাহাটী পৌৰ নিগমে বৰাগাঁৱত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড আৰু ম’ৰা ভৰলু, বাহিনী নদীয়ে অহৰহ বিলখনক বিষাক্ত পদাৰ্থ যোগান ধৰি আহিছে। দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰিবেশ সুস্থ্য কৰি তোলাৰ স্বাৰ্থত দীপৰ বিল সুৰক্ষা মঞ্চই বিভিন্ন দাবী সম্বলিত এলানী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে।

গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী মৰ্মে যোৱা ১৭ মে’ত পশ্চিম বৰাগাঁৱৰ বেলৰ তলত ডেৰ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। এই কাৰ্যসূচীত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়াক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তগৰাকীও উপস্থিত থাকে। বিভিন্ন প্ৰতিবাদী ধ্বনিৰে পৌৰ নিগমৰ আয়ুক্তগৰাকীক এক সপ্তাহৰ ভিতৰত বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড উঠাই নিবলৈ ৰাইজে দাবী তোলে। আনহাতে সমষ্টিটোৰ বিধায়কগৰাকীয়ে সদায় ৰাইজৰ পক্ষত থাকিব বুলি ঘোষণা কৰে।

প্ৰতিবাদী সভাত আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, দীপৰ বিল সুৰক্ষা মঞ্চৰ কৰ্মকর্তা বলেশ্বৰ ৰংপি, প্ৰমোদ কলিতা, হেনৰী ডেভিড টেৰণ, সুশীল টেৰণ, গোলক দাস, উৎপল কুমাৰ দাস, সনেশ টেৰণ, ভনিতা বড়ো ৰংপী, দময়ন্তী ইংতি, গোলক দাস(২), ভূমিধৰ দাস, তৰুণ চন্দ্ৰ তালুকদাৰকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে অংশ গ্ৰহণ কৰে।

ফটোঃ কন্দৰ্প বড়ো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward