Friday, April 26, 2024
Homeবাতৰিদীৰ্ঘদিনৰ অন্তত অসম চুক্তি ৰূপায়ণ বিভাগে লাভ কৰিলে পূৰ্ণাংগ কাৰ্যালয়

দীৰ্ঘদিনৰ অন্তত অসম চুক্তি ৰূপায়ণ বিভাগে লাভ কৰিলে পূৰ্ণাংগ কাৰ্যালয়

প্ৰকাশিত তাৰিখঃ ১৮ ডিচেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

অৱশেষত অসম চুক্তি ৰূপায়ণ বিভাগে লাভ কৰিলে এক সূকীয়া পূৰ্ণাংগ কাৰ্যালয়। এই পূৰ্ণাংগ কাৰ্যালয়ে খৰতকীয়া কৰিব অসম চুক্তি ৰূপায়ণ সম্পৰ্কীয় কাম–কাজৰ গতি। স্বাভাৱিকতে ৰাজ্যবাসীৰ মনত এই বতৰাই কিছু আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যু বৰণ কৰা ১০ ডিচেম্বৰ দিনটো প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় সংগঠনে ‘শ্বহীদ দিৱস’ ৰূপে পালন কৰি আহিছে। অৱশ্যে বিগত বৰ্ষ সমূহত এই শ্বহীদ দিৱস চৰকাৰীভাৱে পালন কৰাৰ উদাহৰণ নাই। যদিও এইবাৰ বিপৰীত ছবি এখন প্ৰতিফলিত হৈছে। বিজেপি মিত্ৰজোঁট চৰকাৰখনে যেন এই দিশত কিছু গুৰুত্ব প্ৰদান কৰা দেখা গ’ল। শাসকীয় চৰকাৰখনে পোন প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজন কৰিলে শ্বহীদ দিৱস। উক্ত দিৱসৰ লগত সংগতি ৰাখি অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদ পৰিয়ালক ৫লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰে।            

উল্লেখ্য ২০১৭ চনৰ ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খানাপাৰাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত অসম চুক্তি ৰূপায়ণ বিভাগৰ সুকীয়া কাৰ্যালয় উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– এই কাৰ্যালয় উদ্বোধনে ৰাজ্যবাসীৰ অসম চুক্তি ৰূপায়ণত অংশগ্ৰহণ আৰু শ্বহীদসকলৰ স্মৃতিক স্মৰণ কৰাত সহজ কৰি তুলিব। অসম আন্দোলনৰ বিভিন্ন মুহুৰ্ত সহজে উপলব্ধ হোৱাকৈ কাৰ্যালয়টোত স্থিৰচিত্ৰৰ বীথিকা এটা সংলগ্ন কৰা হৈছে। তেখেতে কয়– ৰাজ্যত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ভাৰত–বাংলাদেশ সীমান্ত সম্পূৰ্ভাৱে ছীল কৰাৰ পিচতহে অসম সুৰক্ষিত হ’ব। অসম চুক্তিৰ সকলোবোৰ দফা ফলপ্ৰসু ৰূপায়ণ হ’লেহে ৰাজ্যৰ বিকাশ সম্ভৱ হ’ব। অসম আন্দোলনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, নিৰ্যাতিতসকলক উপযুক্ত সাহাৰ্য প্ৰদানৰ বাবে কাৰ্য ব্যৱস্থা হাতত লোৱা হ’ব।

ৰাজ্য চৰকাৰে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ যোৱাটো বাজেট অধিবেশনত কিছু প্ৰস্তাৱ ঘোষণা কৰিছিল। সেইমৰ্মে শ্বহীদ উদ্যানৰ বাবে গুৱাহাটীৰ বৰাগাঁৱত মাটি বাছনি কৰে আৰু নিৰ্বাচিত সেই ভূমিত মুখ্যমন্ত্ৰীয়ে শ্বহীদ উদ্যানৰ আধাৰশিলা স্থাপন কৰে।    

অসম চুক্তি অনুসৰি বিদেশী বহিষ্কাৰৰ ভিত্তি বৰ্ষ নিৰ্ধাৰণ কৰিছিল ১৯৭১ চনৰ ২৫ মাৰ্চ। তাৰ আগতে অহা লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্তি কৰি এখন শুদ্ধ নাগৰিকপঞ্জী প্ৰকাশৰ বাবে পূৰ্ণ গতিত চলি আছে কাম–কাজ। অসমে বিশ্বত পৰিচিতি লাভ কৰিছিল ঐতিহাসিক অসম আন্দোলনৰ ফলতহে যি আন্দোলনক আমেৰিকা, ইউৰোপ আদি বিদেশী ৰাষ্ট্ৰ সমূহেও স্বীকৃতি দিছিল। 

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward