Friday, April 19, 2024
Homeবাতৰিধান ক্ৰয়ৰ নামত অসমৰ কৃষকক প্ৰতাৰণা কৰিছে ভাৰতীয় খাদ্য নিগমে

ধান ক্ৰয়ৰ নামত অসমৰ কৃষকক প্ৰতাৰণা কৰিছে ভাৰতীয় খাদ্য নিগমে

প্ৰকাশিত তাৰিখঃ ২৪ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

ধান ক্ৰয়ৰ নামতো ভাৰতীয় খাদ্য নিগমে (এফ চি আই) ঠগিছে অসমৰ কৃষকক। অসমৰ কৃষকে উৎপাদন কৰা ধান ক্ৰয় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আছিল যদিও ৰাজ্যখনৰ পৰা নামমাত্ৰ ধান ক্ৰয় কৰি বাকী বৃহৎ অংশ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ কৃষকৰ পৰা ক্ৰয় কৰি আহিছে। অসমৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ভুল তথ্য দাখিল কৰি অহা বুলি জানিব পৰা গৈছে।

ভাৰতীয় খাদ্য নিগমে অসমক প্ৰৱঞ্চনা কৰাৰ তথ্য ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰতিশ্ৰুতি অনুসৰি এফ চি আইয়ে অসমৰ পৰা ৬২ হাজাৰ মেট্ৰিকটন ধান ক্ৰয় কৰিব লাগিছিল যদিও ২৫,৩১৬ মেট্রিকটন ধান ক্ৰয় কৰিয়েই সমাপ্ত কৰিলে। নিগমে ৩০ হাজাৰ মেট্ৰিকটন ধানো ক্ৰয় নকৰিলে। নিগমৰ কাম–কাজত এই পৰ্যন্ত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে নিমাত হৈ থকা পৰিলক্ষিত হৈছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমকে ধৰি উত্তৰ–পূবৰ ৰাজ্যকেইখনক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিবলৈ কেন্দ্রীয় মন্ত্রীসভাক কঠোৰ নিৰ্দেশ দিছিল। কিন্তু সেই নিৰ্দেশৰ পিচতো নিজৰ খেয়াল–খুছিমতে কাম কৰি থকা ভাৰতীয় খাদ্য নিগমক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কিয় জবাবদিহি কৰিব পৰা নাই অথবা নিগমে চৰকাৰক অৱগত কৰিবলৈ কিয় প্ৰয়োজনবোধ কৰা নাই সেয়াহে ৰাইজৰ বুজিব নোৱাৰা এক সাঁথৰ।

আনহাতে ভাৰতীয় খাদ্য নিগমৰ বাদেও কেন্দ্রীয় চৰকাৰৰ অধীনস্থ বহুকেইটা প্রতিষ্ঠানেও অসমৰ কৃষকৰ পৰা ধান ক্রয় কৰাৰ কথা আছিল, কিন্তু তেওঁলোকেও এফ চি আই’ৰ দৰে একেটা পথকে অনুসৰণ কৰা দেখা গৈছে। নিয়ম অনুসৰি নেশ্যনেল এগ্রিকালচাৰেল কো–অপাৰেটিভ মাৰ্কেটিং ফেডাৰেশ্যনে বৰ্ষটোত অসমৰ পৰা ৬ হেজাৰ মেট্রিকটন ধান ক্রয় কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ থকাৰ বিপৰীতে ২,১৪৪ মেট্রিকটন, নেশ্যনেল কো–অপাৰেটিভ কনজুমাৰ ফেডাৰেশ্যনে ৩২২৪ মেট্রিকটন আৰু এন এ চি অ’ এফ নামৰ সংস্থাটোৱে ১২১ মেট্রিকটন ধান ক্রয় কৰিয়েই সামৰণি মাৰিলে। চলিত বৰ্ষৰ ৩১ আগষ্টলৈকে ৰাজ্যৰ কৃষকৰ পৰা ১০,৫২১ মেট্রিকটন বৰোধান ক্ৰয় কৰিয়েই সামৰণি পেলোৱা ভাৰতীয় খাদ্য নিগমে ২১,০০০ মেট্রিকটন ধান ক্রয় কৰাৰ কথা আছিল। ৫,৫০০ মেট্রিকটন বৰোধান ক্রয়ৰ প্রতিশ্রুতি দিয়া এন এ চি অ’ এফ নামৰ সংস্থাটোৱে মূলকত এক কুইণ্টল ধানো ক্রয় নকৰা বুলি জানিব পৰা গৈছে।

এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা কেইটাই অসমৰ ধান ক্ৰয়ৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰি আহিলেও পঞ্জাব, হাৰিয়ানাৰ পৰা কিন্তু পৰ্যাপ্ত পৰিমাণৰ ধান ক্ৰয় কৰিয়েই আহিছে। উক্ত ৰাজ্যকেইখনৰ পৰা ক্ৰয় কৰা ধানৰ পৰা উৎপাদিত চাউল পুনৰ অসমকে যোগান ধৰি আহিছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward