Friday, April 26, 2024
Homeবাতৰি৩৬ টা গঁড়ৰ আবাসস্থলী মানাহ ৰাষ্ট্ৰীয় উদ্যানত ‘বিশ্ব গঁড় দিৱস’ উদ্‌যাপন

৩৬ টা গঁড়ৰ আবাসস্থলী মানাহ ৰাষ্ট্ৰীয় উদ্যানত ‘বিশ্ব গঁড় দিৱস’ উদ্‌যাপন

প্ৰকাশিত তাৰিখঃ ২৪ ছেপ্টেম্বৰ, ২০১৮

চি এন ডেক্স

২২ ছেপ্টেম্বৰ দিনটো সমগ্ৰ বিশ্বই গঁড় দিৱস ৰূপে পালন কৰে। এই দিনটোৰ লগত সংগতি ৰাখি  বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আয়োজন কৰে বিশ্ব গঁড় দিৱস। মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংস্থা ডব্লিউ ডব্লিউ এফ আৰু মানাহ এভাৰ ৱেলফেয়াৰ ছ’চাইটীৰ উদ্যোগত এই দিৱস উদ্‌যাপন কৰা হয়।

উদ্যানখনৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মা আৰু বিশেষ কৰ্তব্যৰত বিষয়া ধৰণীধৰ বড়োৱে বিশ্ব গঁড় দিৱস আৰু গঁড় সংৰক্ষণৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। লগতে দেশে–বিদেশে গঁড়ৰ খৰ্গক লৈ মানুহৰ মাজত যি অন্ধ বিশ্বাসে গ্ৰাস কৰিছে সেই সন্দৰ্ভতো ব্যাখ্যা আগবঢ়ায়। এই দিৱসত অঞ্চলটোৰ স্থানীয় ৰাইজ, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই অংশ গ্ৰহণ কৰে।

মানাহ এভাৰ ৱেলফেয়াৰ ছ’চাইটীৰ সভাপতি চিক্ৰম বৰ্মন, সম্পাদক বুবুল নাথে উপস্থিত থকা অনুষ্ঠানটোত ডব্লিউ ডব্লিউ এফ’ৰ সুশান্ত বৰঠাকুৰ, দেৱ কুমাৰ দত্ত, অবিনাশ বড়োই ছাত্ৰ–ছাত্ৰী সকলক প্ৰকৃতি সংৰক্ষণ বিষয়ত সাম্যক ধাৰণা দিয়ে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward