Friday, March 29, 2024
HomeNEWSঅনামিকা নাগিনী ছোৱালী

অনামিকা নাগিনী ছোৱালী

প্ৰকাশিত তাৰিখঃ ১৩ মাৰ্চ, ২০২৩

কল্প ৰঞ্জন গগৈ –

অনামিকা নাগিনী ছোৱালী। এসময়ৰ নগা পাহাৰ জিলা আহোম ৰজাৰ দিনৰ মিতা–গদাপানীৰ আশ্ৰয়স্থল। আজি এখন পৃথক ৰাজ্য। কিছুদিনৰ আগলৈকে ৰাজনীতিত অংশ ল’ব নিবিচৰা কিন্তু তুলনামূলকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অগ্ৰণী নাৰী বাহিনী, সমাজিকভাৱে সৱল অনামিকা নাগিনীৰ দেশত এইবছৰৰ নিৰ্বাচনত দুগৰাকী প্ৰতিনিধিৰ জয়লাভে কি ইংগিত দিয়ে? বিশেষকৈ স্বাধীনচিতীয়া নগাৰ মাতৃ বাহিনীৰ ভাৰতৰ ৰাজনীতিৰ প্ৰতি আস্থা নে সমৰ্থন? নে নগা শোকগাঁথা বা ভাৰতবৰ্ষৰ লগত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ (Framework Agreement) এক সম্প্ৰসাৰন?

সি যিকি নহওঁক ফিজোৰ দ্বাৰা একত্ৰিত নগাজাতি, ৰাণী গাইডালোৰ দেশৰ ভাইসকল– কুটুমসকলৰ এয়া এক নতুন যাত্ৰা বুলিলে ভুল হ’ব নেকি? মনত ৰখা ভাল আমাৰ অসমৰ কুটুমবৃন্দই যে মহান নেতা ফিজো আজাদ হিন্দ ফৌজৰ বুকুৰ কুটুম– নেতাজীৰ সহযোদ্ধা আছিল। লৰ্ড ব্লাইভে থৈ যোৱা বানৰ–বিড়াল বাহিনীৰ বাবে মহাশত্ৰু– যেনেদৰে নেতাজীও মহাশত্ৰু আছিল।

নগা ৰমণীসকল সকলো ক্ষেত্ৰতে আমাৰ ভাৰতীয় ৰমণীতকৈ অগ্ৰণী। বৰ্তমানৰ স্থিতি কি তাক জনাবলৈ মই ১ মাৰ্চৰ দ্য হিন্দু বাতৰি কাকতখনৰ ৭ম পৃষ্ঠাৰ পৰা কিছু সংখ্যক তথ্য তুলি দিছো।

ক) ২০১৯–২০২১ লৈ নগাপাহাৰৰ ৮৫% নাৰী– ৫বছৰ বয়সৰ ওপৰৰ– সকলো বিলাকেই শিক্ষিত। সেই সময়ৰ সৰ্বভাৰতীয় নাৰী শিক্ষাৰ হাৰ আছিল মুঠেই ৭২%।

খ) ভাৰতবৰ্ষত গড়ে ২৩% নাৰী ১৮ বছৰ বয়সৰ আগতে অৰ্থাৎ বাল্য বিবাহ হয়/ হৈছিল। বিপৰীতে নগালেণ্ডত ৬%তকৈ কম নাৰীৰ বাল্যবিবাহ হৈছিল/ হয়।

গ) ৯৯% সংসাৰী মহিলাই নিজৰ সংসাৰৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল/ লয়।

ঘ) স্বাস্থ্যৰ ক্ষেত্ৰত নগাপাহাৰৰ নাৰী ২৯% ই ৰক্তহীনতাত ভোগে।

ঙ) বিপৰীতে ভাৰতীয় নাৰী ৫৮% বা তাতোকৈ বেছি ৰক্তহীনতাত ভোগে/ ভূগিছিল।

এনে এটা পৰিস্থিতিত যোৱা বছৰলৈ এগৰাকী নাৰীয়েও নিৰ্বাচনত অংশ লোৱা নাছিল।

নগা মাতৃ সমাজখন যথেষ্ট শক্তিশালী আৰু তাৰ সমাজৰ ক্ষেত্ৰত এক নিৰ্ণায়ক শক্তি হিচাপে ক্ৰিয়া কৰে তেনেক্ষেত্ৰত দলীয় ৰাজনীতিত অংশ গ্ৰহণ নকৰা অথবা স্বাধীন ভাৰতৰ দলীয় ৰাজনীতিৰ সংকীৰ্ণতাৰ পৰা নিলগত থকা কাৰ্য নিশ্চয় সমৰ্থনযোগ্য– মই তেনেদৰেই ভাবো। সেয়ে দলীয় অংশ গ্ৰহণৰ বাবে মই মহীয়সী নাৰী নেহেৰুৰ জীয়ৰী ইন্দিৰাক মহিয়সী মাতৃ বুলি নম্বৰ দিব নোৱাৰো।

২০২৩ চনৰ নগাপাহাৰৰ নিৰ্বাচনত ১৮৩গৰাকী প্ৰাৰ্থীৰ মাজত মাত্ৰ চাৰিগৰাকী নাৰী প্ৰাৰ্থী আছিল। অথচ ১৩,১৭,৬৩২ গৰাকী ভোটাৰৰ ভিতৰত ৬,৫৬,১৪৩ গৰাকীয়েই নাৰী।

সামাজিকভাৱে শক্তিশালী (Socially Empowered) কিন্তু ৰাজনৈতিকভাৱে (দলীয়) প্ৰতিনিধিত্বহীন হৈ থকা ভাল নে বেয়া নাজানো কিন্তু তাৎপৰ্যপূৰ্ণ।

আজি নগাপাহাৰৰ পৰিস্থিতি বিশ্বৰ আৰ্থ–সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিস্থিতিৰ পৰা পৃথক কৰি চাব নোৱাৰি। উত্তৰ–উত্তৰ আধুনিক যুগৰ গোলকীয় অসভ্যালীয়ে নিৰ্ণায়ক ভূমিকা ল’বলৈ যাওঁতে নগা– মাতৃসকলৰ প্ৰতিৰোধ নিশ্চয়কৈ উল্লেখযোগ্য।

১৫ শতিকাতে শ্ৰীমন্ত শংকৰে বুজালে যে নাৰী পূৰ্ণ আকাশ, সেয়ে নাৰী শৰণীয়া নহয়। ৰজা আৰু বিজ্ঞ–প্ৰাজ্ঞ সকলক শৰণ দিব নোৱাৰি কাৰণ তেওঁলোকৰ পদস্খলন ঘটা অসম্ভৱ নহয়। শক্তিৰ দ্বাৰা বা জ্ঞানৰ দ্বাৰা তেওঁলোকে একশৰণ ভক্তিৰ ধাৰণাক দমন আৰু বিচ্যুত কৰিব পাৰে।

নাৰী শক্তিয়ে পূৰ্ণ আকাশ হৈ সমাজৰ কেন্দ্ৰস্থল দখল কৰিলেহে এক যুদ্ধবিহীন জ্ঞানময় পৃথিৱী সম্ভৱ। মহাভাৰত আৰু ৰামায়ণৰ যুদ্ধই সঁকিয়াই গৈছে যে যুদ্ধই বিধৱাৰ বাহিৰে একোৱেই দিব নোৱাৰে।

অসম বুৰঞ্জীৰ শৰণীয়া নাৰী বৰৰজা ফুলেশ্বৰী আৰু স্বাধীন নাৰী সতী জয়মতী। লাচিত বৰফুকন– আতন বুঢ়াগোহাঁইৰ বীৰত্বৰ উৎস মাতৃ দুগৰাকীহে। একেদৰে মৈদামৰ মাঁওচেং সকলৰ শোকগাঁথা মনত ৰাখক। সতী যোৱা ৰমণীসকলৰ চকুপানীহে গংগাই বহন কৰি আছে। ঠিক সেইদৰে দিখৌৱেদি বৈ আছে আজান পীৰৰ শোকগাঁথা।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward