Wednesday, April 24, 2024
HomeARTICLEনিৰাপত্তাহীন খেতিয়ক

নিৰাপত্তাহীন খেতিয়ক

প্ৰকাশিত তাৰিখঃ ৭ ফেব্ৰুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ–

একৈশ শতিকাৰ বাইশতম বছৰৰ প্ৰথম মাহত উড়িষ্যাৰ খেতিয়কৰ বাস্তৱ ছবি। বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত চপোৱা ধানৰ ক্ষতি। সময়মতে বেছিব নোৱাৰা ধানৰ পথাৰত থকা বস্তা। খেতিয়ক সকলে বতৰৰ উমান নোপোৱাৰ ফলত অসময়ৰ বৰষুণ আৰু শিলাবৃষ্টিৰ বাবে খেতিয়কৰ জীৱনলৈ কেনেধৰণৰ বিপদ নামি আহিব পাৰে তাক বুজিবলৈ সাংঘাতিক জ্ঞান নেলাগে। লাগে মাথো সংবেদনশীলতা। এই ঘটনাৰ মাজেদি প্ৰতিফলন ঘটে স্বাধীন গণতান্ত্ৰিক, সাৰ্বভৌম ভাৰতবৰ্ষৰ ৭০% জনতাৰ প্ৰকৃত অৱস্থা আজিও তেওঁলোক নিৰাপত্তাহীন। অখণ্ড দেশৰ স্বাধীনতা অনাত এই খেতিয়কসকলৰ তেজ আৰু ঘামৰ প্ৰধান ভূমিকা আছিল। অথচ অতি দুখলগা কথা কৈছে দেশৰ স্বাধীনতা যুদ্ধৰ মুল শক্তি আৰু তাক জাগৰিত কৰা সকলৰ বিৰুদ্ধে কথা কোৱা; দেশৰ স্বাধীনতাপ্ৰাপ্তিৰ প্ৰতি হিংসুক মনোভাৱ ভাৰতবৰ্ষত আজিও আছে। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিষবাস্প আজিও আছে বাবেই আমাৰ অন্নদাতা সকলে ৩৮০ দিন প্ৰতিবাদী কাৰ্যসূচী ল’বলগীয়া হৈছিল। ভাৰত চৰকাৰৰ বাবে ই গৌৰৱৰ নে লাজৰ কথা আছিল প্ৰশ্নটো থাকিলেও এই আন্দোলন আছিল বিশ্বৰ দীৰ্ঘতম কৃষকৰ বিদ্ৰোহ। ১৮৫৭ চনৰ ব্ৰিটিছে কোৱা চিপাহী বিদ্ৰোহ যদি মনিষী কাৰ্লমাৰ্ক্সৰ মতে ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা যুদ্ধ তেনেহ’লে ২০২০ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা কৃষকৰ সংগ্ৰাম হৈছে ভাৰতৰ দ্বিতীয় স্বাধীনতা যুদ্ধৰ পাতনি। ইয়াৰ পৰা আমাৰ বিদ্বৎ সমাজে শিকিবল’গীয়া বহুত বস্তুৱেই আছে বিশেষকৈ যোৱা ৭৫ বছৰে ভাৰতবৰ্ষৰ গ্ৰামীণ আৰু নাগৰিক সমাজত সুপ্ত হৈ থকা সমস্যাবোৰৰ লগতে আজিও আমাৰ সমাজৰ ভিতৰত লুকাই থকা ভাৱধাৰা।

কবি জীৱনান্দ দাশে যেতিয়া লিখিছিল– আজি পৃথিৱীলৈ এক অদ্ভূত অন্ধকাৰ নামি আহিছে– তেতিয়া তেওঁ স্পষ্ট আছিল এই অন্ধকাৰৰ স্ৰষ্টা কোন। যিসকল অন্ধ তেওঁলোকেই দেখিছে তৰা, পৃথিৱী অচল আজি সেইসকলৰ পৰামৰ্শ অবিহনে– যাৰ অন্তৰত প্ৰেম–প্ৰীতিৰ লগতে কৰুণাৰ আলোড়ন নাই। যোৱা ৭৫ বছৰে ভাৰতবৰ্ষ এইসকল প্ৰেম–প্ৰীতি, কৰুণা বিহীন, সংবেদনহীন সকলৰ নিৰ্দেশত চলি আছিল নেকি?

আজি আমি মৰ্মে মৰ্মে অনুভৱ কৰিছো যে তেনে এক অন্ধকাৰ পথেদিয়েই গৈ আছো। আমাৰ সাধাৰণ মানুহ, বুদ্ধিৰ কাৰিকৰ, ৰাজনীতিৰ কাৰিকৰ সকলোৱেই বিভ্ৰান্ত– চক্ৰবেহুৰ ভিতৰত থকা বীৰ অভিমন্যুৰ দৰে। আমাৰ সকলোৰে অৱস্থা ৰাজসভাত অপমানিত দ্ৰৌপদীৰ দৰে, অন্ধ(?) গান্ধাৰীৰ দৰে, সীতা আৰু কুন্তীৰ দৰে। আৰু এই অৱস্থাৰ পৰা মুক্ত কৰাৰ পণ লৈছে আমাৰ নিৰাপত্তাহীন খেতিয়ক সকলে। সেয়ে আমি বিচাৰো এক বহল আৰু বিশাল সমন্বয়ৰ ক্ষেত্ৰ গঢ়িবলৈ।

আমি জানো যে সম্প্ৰসাৰণ হৈছে জীৱনৰ লক্ষণ আৰু এই জীৱন বিৰোধী সকলে সংকুচনৰ বাবে অহৰহ শক্তি প্ৰয়োগ কৰি আছে। সেয়ে আমি গঢ়িব বিচাৰো এক মহান সমন্বয়– Grand Harmony। আমাৰ মহান দাৰ্শনিকসকলে বিভিন্ন ধৰণে এই সমন্বয় গঢ়াৰ পথ দি গৈছে। হেজাৰ হেজাৰ উপায় আছে। কেৱল সেই উপায়বোৰৰ বিষয়ে অধ্যয়ন কৰি তাৰ সঠিক অনুশীলন কৰিব লাগিব। এই অনুশীলন বৌদ্ধিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক বিষয়ত সকলো দিশ সামৰিব লাগিব।

যেনেদৰে চাকিৰ পোহৰৰ তলতে আন্ধাৰ থাকে সেইদৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পোহৰৰ লগে লগে সংগ্ৰাম বিৰোধী অন্ধকাৰৰ গোট (Lobby–লবী) লগে লগে আহি আছিল– ব্ৰিটিছ সাম্ৰাজ্যবাদে সেই লবী– Lobby বাঢ়িবলৈ বিভিন্ন পথ লৈছিল স্বাধীনতাৰ পিছত ইয়াৰ সম্প্ৰসাৰণ Extension and Expansion ঘটি এক বিশাল দানৱৰ ৰূপ ল’লে। আজি সেয়ে আমাৰ সমাজ বহু লবীত– Lobby বিভক্ত। তাৰ বিপৰীতে যুক্ত মৰ্চ্চা গঢ়াৰ প্ৰচেষ্টাও অব্যাহত। কাৰো পক্ষ নোলোৱাকৈ ক’ব পৰা যায় যে ইউ পি এ বা সন্মিলিত প্ৰগতিশীল লবীত চৰকাৰ আছিল ভাৰতীয় ৰাজনৈতিক কাৰিকৰ সকলৰ বন্ধন। ভাৰতীয় জনতাৰ গভীৰতাত প্ৰৱেশ কৰিব নোৱাৰা বাবে আজিৰ খণ্ডিত খণ্ডিত ভাইৰাছ যাৰ উপাদান হৈছে সামাজিক –ৰাজনৈতিক হিংসা। পোষ্ট ম’ৰ্টেমৰ পৰা গম পাওঁ যে আমাৰ ৰাজনৈতিক কাৰিকৰ, আমোলা, পক্ষপাতগ্ৰস্ত সংবাদ মাধ্যমে কৰি অহা কিছুমান ঐতিহাসিক ভুলৰ কৰ্মফল আজিৰ ভাৰতবাসীয়ে ভূগিছো। তাকো এনে এখন দেশত য’ত বিশ্বৰ প্ৰথম পূৰ্ণাংগ বিশ্ববিদ্যালয় আছিল– পঞ্চম শতিকাৰ সম্পদ– নালন্দা। বৰ্তমান লবীকেন্দ্ৰীক যি নীতি চলিছে, মানুহক খণ্ড খণ্ড কৰা প্ৰয়াস চলিছে তাৰ ঔষধ এটাই– বুদ্ধচেতনা বা জ্ঞানৰ সম্প্ৰসাৰণ। অন্তিম নবী হজৰত মহম্মৰ পিচত কিতাপহে পৃথিৱীৰ একমাত্ৰ সম্পদ আৰু আদিগুৰু বুদ্ধই হৈছে বহুমাত্ৰা– Multidimension।

সেয়ে আজি আমাৰ অতীতক প্ৰথমে পোষ্ট ম’ৰ্টেম কৰিব লাগিব নতুন সময়ৰ চাকিৰ পোহৰত। কেৱল তাতেই আছে ভৱিষ্যতৰ নিৰাপত্তা– সকলোৰে বাবে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward