Saturday, April 27, 2024
HomeARTICLEনিৰৱ কৃষি বিপ্লৱত ব্যস্ত এচাম জনজাতীয় কৃষক

নিৰৱ কৃষি বিপ্লৱত ব্যস্ত এচাম জনজাতীয় কৃষক

প্ৰকাশিত তাৰিখঃ ২৩ নৱেম্বৰৰ, ২০২০

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

নিৰৱে আৰম্ভ কৰিছে কৃষি বিপ্লৱ কিন্তু উৎপাদিত ফচলৰ প্ৰাপ্য দামৰ পৰাহে বঞ্চিত কৃষকসকল। গাৰো জনজাতি বসতিপ্ৰধান ‘গণপতি’ এই গাঁওখন গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম–মেঘালয় সীমান্তত অৱস্থিত। নাই কোনো চৰকাৰী অনুদানৰ ব্যৱস্থা, নাই কোনো উৎপাদিত ফচল বিক্ৰীৰ বজাৰ ব্যৱস্থা। কিন্তু ৰৈ থকা নাই গাঁওখনৰ কৃষকসকলে নিৰৱে কৃষি বিপ্লৱ কৰি গৈ আছে।গণপতি ৰাণীৰ পৰা ১কিলোমিটাৰ দূৰত্বৰ পূৱ–দক্ষিণ কোণত। খ্ৰীষ্টান ধৰ্মাৱলম্বী এই গাঁওখন তামোল, জালুক, পান খেতিৰ বাবে অঞ্চলটোৰ ভিতৰতে বিশেষভাৱে জনাজাত। কিয়নো গাঁওখনৰ প্ৰতিঘৰ পৰিয়ালতে কম–বেছি পৰিমাণৰ তামোল বাগান আছে, সেইবোৰত জালুক আৰু কিছু পৰিমাণে পান ৰোপণ কৰিছে।       

দিলীপ মাৰাক, ৫৫ বছৰ, পাঁচশ জোপাৰ তামোলৰ এখন ডাঙৰ বাগানৰ গৰাকী। প্ৰতিজোপা তামোলত জালুক ৰোপণ কৰিছে অৱশ্যে ১২জোপা পান গছ আছে। জালুকৰ গছবোৰ স্থানীয় জাতৰ সেয়ে ফল কমকৈ উৎপাদন হয়। যোৱাবছৰ বাগানখনৰ পৰা ডেৰশ কিলো শুকান জালুক লাভ কৰিছিল। লকডাউনৰ বাবে ২৫০ টকাতে প্ৰতিকিলো জালুক বিক্ৰী কৰিব লগা হৈছিল। কিন্তু তাৰ আগৰ বছৰ উৎপাদিত ডেৰশ কিলো শুকান জালুকৰ প্ৰতিকিলোত পাঁচশ–ছয়শ টকাকৈ বিক্ৰী হৈছিল। কেঁচা জালুকত প্ৰতিকিলোত ৬০ টকাৰ ওপৰ কোনোদিনে লাভ কৰা নাই। হাজিৰাৰ মানুহ লগাই বাগানখনৰ জালুক ছিঙিবলগীয়া হোৱাত ১০–১২ হেজাৰ টকা ওপৰঞ্চি খৰচ হয়। ইপিনে, বাগানখনত তামোল উৎপাদন হৈছিল ৪৪বেগ। বাগান পৰিচালনাৰ বাবে স্থানীয় বেপাৰীৰ পৰা আগতীয়া টকা লোৱা বাবে প্ৰতিবেগ তামোলত পোন্ধৰশ টকাত বিক্ৰী কৰিব লগা হৈছে। বেপাৰীৰ পৰা আগধন নল’লে তামোলৰ প্ৰতিবেগত ৩হেজাৰ টকাৰ ওপৰত বিক্ৰী হয়। তেখেতৰ পৰিয়ালটোত পত্নীৰ লগতে ল’ৰা দুজন, ছোৱালী তিনিজনী আৰু ঘৰজোঁৱাই এজনৰ সৈতে মুঠ আঠজনীয়া সদস্যৰ এটি যৌথ পৰিয়াল। যৌথ পৰিয়ালটোৰ মাজত কোনো হাই–কাজিয়া নোহোৱাকৈ সুন্দৰভাৱে চলি আছে। আনহাতে, উইনাৰ্ড মাৰাক (৬০)ৰ বাগানত পাঁচশ জোপা তামোল গছ আছে। এই বৃহৎ বাগানখনৰ প্ৰতিজোপা তামোল গছত জালুক ৰোপণ কৰিছে। উল্লেখনীয় যে, দিলীপ আৰু উইনাৰ্ড সম্পৰ্কত ককাই–ভাই। গাঁওখনত হেনো এই দুই ককাই–ভাইয়ে পুৰণি আৰু ডাঙৰ তামোল–জালুক বাগানৰ গৰাকী। উইলিং মাৰাক, ৬০ বছৰ, ৩৫০ জোপা তামোল গছৰ এখন বাগান। প্ৰতিজোপা তামোলতে জালুক ৰোপণ কৰিছে, অৱশ্যে তাৰ মাজে মাজে দুই এজোপা পান গছো আছে। বৰ্তমান জালুক গছৰ বয়স ৭ বছৰ। তেখেতে বাগানত তিনিটা জাতৰ জালুক গছ ৰোপণ কৰিছে। জুলাই মাহত দুবিধ জাতৰ জালুকে ফুল ধৰাৰ সময়ত অন্য এটা জাতৰ পৰা ফচল চপোৱাৰ সময় হয়। কৃষকজনে জালুকবোৰ শুকুৱাই বিক্ৰী কৰাৰ সলনি কেঁচা গুটিবোৰহে বিক্ৰী কৰে। যোৱা বছৰ তেওঁৰ বাগানত ২হেজাৰ কিলো কেঁচা জালুক উৎপাদন হৈছিল। প্ৰতিকিলো কেঁচা জালুক এশ টকাৰ ওপৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আনকি সময়ে সময়ে ৪০ টকা দামতো বিক্ৰী কৰিব লগা হৈছে। অৱশ্যে, তাৰ আগৰ বছৰত প্ৰতিকিলো কেঁচা জালুক ১২০–১৫০ টকাকৈ বিক্ৰী কৰিছিল। কৃষকজনৰ নিজ খেতিমাটি ১বিঘা আৰু বন্ধকী ৩বিঘা। সেই খেতিৰ ধানেৰে চাৰিজনীয়া পৰিয়ালটোৰ বছৰজোৰা ভাতকেইটা কোনোমতে যোগাৰ হয়। বৰ্ষটোৰ ৪ মে’ তাৰিখত কৃষি মন্ত্ৰী অতুল বৰাই মাৰাকৰ জালুক বাগানখন পৰিদৰ্শন কৰে। দুলাল মাৰাক, ৩৭ বছৰ, ৪ বিঘাৰ বস্তিটোত তামোল বাগান থকাৰ লগতে বিশ বছৰ বয়সীয়া দুশ জোপা তামোল গছত জালুক ৰোপণ কৰিছে। আজি তেওঁৰ জালুক গছৰ বয়স ৭ বছৰ হৈছে। যোৱা বছৰ লাভকৰা ৪৫ কিলো শুকান জালুকৰ প্ৰতি কিলোত তিনিশ টকাকৈ বিক্ৰী কৰিছে। কিন্তু তাৰ আগৰ বছৰ ২৬০ টকাকৈহে লাভ কৰিবলৈ সক্ষম হৈছিল। ইপিনে, যোৱা বছৰ ২৮বেগ তামোল লাভ কৰিছিল। বেপাৰীৰ পৰা আগধন লোৱা বাবে প্ৰতিবেগ তামোলত পোন্ধৰশ টকাত বিক্ৰী কৰিব লগা হৈছিল। তাৰ আগৰ বছৰ বেপাৰীৰ পৰা আগধন নোলোৱা বাবে প্ৰতিবেগ তামোলত দুহেজাৰৰ–তিনিহেজাৰ টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। দুলালে ৫ বিঘা মাটিত আকৌ নতুনকৈ তামোলৰ বাগান এখন স্থাপন কৰিছে, বাগানখনৰ বয়স আজি দুই বছৰ হৈছে। তামোল গছবোৰৰ উপযুক্ত বয়স হ’লে জালুক ৰোপণ কৰাৰ সপোন পুহি ৰাখিছে। চুপাৰছন মাৰাক, ৪৬ বছৰ, পাঁচশ জোপা তামোলৰ এখন বাগান থকাৰ লগতে প্ৰতিজোপা তামোলতে জালুক ৰোপণ কৰিছে। জালুকৰ গছবোৰ আজি ৪বছৰীয়া হ’ল। যোৱা বছৰ ৭০ কিলো কেঁচা জালুক লাভ কৰিছে। সুনীল মাৰাক, ৩৬ বছৰ, তিনি বিঘা মাটিত তামোল, পান, জালুকৰ বাগান এখন গঢ়ি তুলিছে। পদ্মাৱতী মাৰাকৰ ৪বিঘা মাটিত তামোল বাগান স্থাপন কৰি প্ৰতিজোপাতে জালুক আৰু কম পৰিমাণে পান ৰোপন কৰিছে। গিমেলথন চাংমাইয়ো জালুক ৰোপণ কৰা আজি দুবছৰ হ’ল। তদুপৰি, গণপতি ৰাইজ গয়ৰহৰ ১৫ বিঘা মাটিত দুখন তামোলৰ বাগান আছে। ৩৫–৪০ বছৰ বয়সীয়া তামোল গছবোৰৰ পৰা প্ৰচুৰ পৰিমাণে উৎপাদন লাভ কৰি আহিছে। প্ৰতিটো বৰ্ষতে ৰাইজে তামোল বিক্ৰী কৰি তিনি লাখ টকা উপাৰ্জন কৰি আহিছে। বৰ্তমান কৃষকসকলৰ জালুকবোৰ পকিব আৰম্ভ কৰিছে। কোনো কোনোৱে ৰাণী বজাৰত প্ৰতি কিলোত ৮০–১০০ টকাত কেঁচা জালুকৰ গুটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।    

উল্লেখযোগ্য যে, গণপতি গাঁওখনত প্ৰায় তিনিশটা পৰিয়াল আছে। অধিক সংখ্যক পৰিয়ালতে তামোল–জালুকৰ বাগান আছে। কিছু সংখ্যক লোকে কল বাগান স্থাপন কৰিছে, তদুপৰি মুগা–এড়ি পালন তেওঁলোকৰ পুৰণি পৰম্পৰা। প্ৰথম অৱস্থাত এড়ি–মুগা খেতিক বেছি প্ৰাধান্য দিয়া বাবে ডাঙৰ ডাঙৰ মুগা চোমনি গঢ়ি উঠিছিল। কালক্ৰমত তামোল বাগানত বেছি গুৰুত্ব দিয়াত মুগা খেতিৰ সংখ্যা কমি গ’ল। ডাঙৰ ডাঙৰ মুগা চোমনিবোৰ ভাঙি তামোল ৰোপণ কৰিব ধৰিলে। দুখৰ বিষয়, এইহেন শ্ৰমজীৱি খেতিয়ক সকলৰ এজনেও প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে বাচনি নহ’ল। এজন কৃষকেও কৃষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ আজি পৰ্যন্ত লাভ কৰা নাই। যাৰ ফলত তেওঁলোকে বেপাৰীৰ পৰা আগধন লৈ বাগান পৰিচালনাৰ সকলোবোৰ কাম–কাজ কৰিবলগা হৈছে। আৰ্থিক অভাৱত ভূগি থকা কৃষকসকলক সহায়ৰ বাবে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ কৰণীয় একো নাছিলনে? কৃষকক উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ ক’ত গ’ল? অসমৰ উদ্যান শস্য বিভাগ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward