Monday, May 6, 2024
HomeNEWSঅপৰাধী নিপাত যাওক– জোনমণি  ৰাভাৰ ন্যায় সফল কামনাৰে দেৱ–দেৱীৰ ওচৰত পূজা–অৰ্চনা

অপৰাধী নিপাত যাওক– জোনমণি  ৰাভাৰ ন্যায় সফল কামনাৰে দেৱ–দেৱীৰ ওচৰত পূজা–অৰ্চনা

প্ৰকাশিত তাৰিখঃ ৫ জুলাই, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত ঘটা মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে চি বি আয়ে চলাই থকা তদন্ত প্ৰক্ৰিয়া সফল হওক। ঘটনাটোৰ লগত জড়িত অপৰাধী নিপাত যাওক। এই জঘন্য কাণ্ডৰ লগত জড়িত লোকসকলক আইনগতভাৱে উচিত শাস্তি প্ৰদান কৰক। লগতে এইসকল লোকক ঈশ্বৰেও চৰম শাস্তি প্ৰদান কৰক। জোনমণি ৰাভাৰ ন্যায় সফল কামনাৰে সমগ্ৰ ৰাজ্যখনৰ ৰাভা ৰাইজে জাগ্ৰত দেৱ–দেৱীৰ মঠ–মন্দিৰ, থান–দেৱালয়ৰ ওচৰত এভাগ পূজা–অৰ্চনা আগবঢ়ায়।

উল্লেখ্য যে, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ আহ্বানত ৪ জুলাইত ৯টা ৰাভা জাতীয় সংগঠনৰ শাখা সমূহে নিজ নিজ এলেকাৰ জাগ্ৰত দেৱ–দেৱীৰ মঠ–মন্দিৰ, থান–দেৱালয় সমূহত এভাগ পূজা আগবঢ়ায়। এই মানসেৰে দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ কুলশীৰ জাগ্ৰত আইথান টিয়ামাৰীতো এভাগ পূজা–অৰ্চনা আগবঢ়োৱা হয়।

সদৌ ৰাভা কৃষ্টি সন্মিলনৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত পালন কৰা এই ধৰ্মীয় কাৰ্যসূচীত ছাত্ৰ সংগঠন, ষষ্ঠ অনুসূচী দাবী সমিতি, মহিলা পৰিষদ, নিখিল ৰাভা জাতীয় পৰিষদ, ৰাভা সাহিত্য সভাকে ধৰি জোনমণিৰ ন্যায়িক সংগ্ৰামখনৰ লগত জড়িত সকলোকেইটা সংগঠনৰ স্থানীয় শাখা সমূহে অংশ গ্ৰহণ কৰে।   

উল্লেখযোগ্য যে, নিখিল ৰাভা জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গোবিন্দ ৰাভাই কয় যে– অসম আৰক্ষীৰ উপ–পৰিদৰ্শক জোনমণি ৰাভাৰ পথ দুৰ্ঘটনা মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংস্থা চি বি আইয়ে তদন্ত কৰি আছে। কিন্তু চি বি আই’ৰ তদন্ত প্ৰক্ৰিয়াক দুষ্ট চক্ৰই বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই আছে। সেই চক্ৰটোৱে সত্য ঘটনাবোৰক গাপ দি জোনমণিৰ পক্ষে ন্যায় লাভৰ ক্ষেত্ৰত এক বাধাৰ সৃষ্টি কৰিব বিচাৰিছে। সেয়ে আমাৰ সংগঠন সমূহে ধৰ্মীয় এই কাৰ্যসূচী পালন কৰাৰ বাবে যোৱা ২৭ জুনৰ যুটীয়া বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ পিছত আমি মাঁ কামাখ্যা দেৱীৰ ওচৰতো এই পূজাভাগ আগবঢ়াম আৰু অপৰাধীৰ শাস্তি কামনাৰে প্ৰাৰ্থনা জনাম।

এই অনুষ্ঠানটোত নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গোবিন্দ ৰাভা, সদৌ ৰাভা কৃষ্টি সন্মিলনৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক জ্যোতি প্ৰসাদ চিনাল, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা, টিয়ামাৰী থান পৰিচালনা সমিতিৰ বিষয়ববীয়া অৰুণ দীয়াই উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward