Thursday, April 18, 2024
Homeবাতৰিনৱম সংখ্যক চানডুবি উৎসৱঃ উদুলি মুদুলি চানডুবি বিলৰ পাৰ

নৱম সংখ্যক চানডুবি উৎসৱঃ উদুলি মুদুলি চানডুবি বিলৰ পাৰ

প্ৰকাশিত তাৰিখঃ ৭ জানুৱাৰী, ২০১৯

 

চি এন ডেক্স

লোকে লোকাৰণ্য হৈ পৰিছে চানডুবি বিলৰ বাকৰি। ঢোল–মাদলৰ শব্দৰে মুখৰিত চানডুবি পাৰত যোৱা ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হয় চানডুবি উৎসৱ। উৎসৱে এইবাৰ নৱমটো বৰ্ষ গৰকিলে। উল্লেখ্য যে, ১৮৯৭ চনৰ বৰ ভূঁইকপৰ ফলত সৃষ্টি হৈছিল চানডুবি বিলৰ। বৰ ভূঁইকপত সৃষ্ট বিলখনৰ জৈৱ–বৈচিত্ৰ্য সংৰক্ষণেৰে পৰ্যটকক আকৰ্ষিত কৰি তুলিবলৈ বৰদুৱাৰ–ভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ২০১০–২০১১ চনৰ পৰা প্ৰতি বছৰে পালন কৰি আহিছে ‘চানডুবি উৎসৱ’।

ৰাজ্যপাল জগদীশ মুখীয়ে এইবাৰ চানডুবি উৎসৱত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে– পোন প্ৰথমে চানডুবি উৎসৱৰ উদ্যোক্তাসকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শতবৰ্ষ গৰকা চানডুবি বিলৰ মনোমোহা সৌন্দৰ্যই মোহিত কৰি তোলা বুলি ব্যক্ত কৰে। জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ বিলখনৰ উন্নয়ন কৰিলে দেশী–বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব। সেয়ে বিলখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ব্যক্তিগতভাৱে হ’লেও সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে।

আনহাতে, চানডুবি উৎসৱ উদ্‌যাপন সমিতিয়ে ৰাজ্যপালক এখন স্মাৰকপত্ৰও প্ৰদান কৰে। বৃহত্তৰ অঞ্চলটোত এখন উচ্চ শিক্ষানুষ্ঠান, বিলখনৰ উন্নতিসাধন কৰা, এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থাপন, চানডুবি–মিৰ্জা পথ উন্নয়নকে আদিকৰি বহুকেইটা দাবী অন্তৰ্ভূক্তি কৰা হৈছে এই স্মাৰকপত্ৰখনত।

আৰম্ভণিৰ প্ৰথম দিনটোত উদ্‌যাপন সমিতিৰ সভাপতি জীৱন ৰাভাই ‘চানডুবি উৎসৱ’ৰ পতাকা উত্তোলন কৰে। উৎসৱৰ মূল প্ৰৱেশ দ্বাৰ মুকলি কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। দ্বাৰ মুকলি কৰি কাৰ্যবাহী গৰাকীয়ে চানডুবি উৎসৱৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে বিলখনৰ জৈৱ–বৈচিত্ৰ্য ৰক্ষাৰ হ’কে কাম কৰি যাবলৈ সকলোলৈকে আহ্বান জনায়।

ইয়াৰ পিচতেই প্ৰদৰ্শনস্থলী লাঙাবুৰাৰ দ্বাৰ মুকলি কৰে দুধনৈ সমষ্টিৰ বিধায়ক দীপক ৰাভা আৰু অতিথিশালা ডগৰবুৰাৰ দ্বাৰ মুকলি কৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ ৰঞ্জন গোস্বামীয়ে। ষষ্ঠ অনুসূচী দাবী সমিতিৰ সম্পাদক নৃপেন ৰাভাই থলুৱা খেল–ধেমালি শিতান উদ্বোধন কৰে। 

বিশিষ্ট কবি–সাহিত্যিক বিৰিঞ্চি ৰাভাই চানডুবি উৎসৱৰ স্মৰণিকা ‘লকেয়া’ উন্মোচন কৰি চানডুবি বিলৰ জীৱ–বৈচিত্ৰ্য সংৰক্ষিত কৰি ৰাখিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

চানডুবি উৎসৱৰ সৈতে সংগতি ৰাখি পাঁচোটি দিনতে বড়ো, ৰাভা, গাৰো, হাজং, মণিপুৰী, চাহবনুৱা আদি বিভিন্ন জাতি–জনগোষ্ঠীৰ নৃত্য–গীত পৰিবেশন কৰে। উৎসৱস্থলীত প্ৰদৰ্শন হোৱা পৰম্পৰাগত খাদ্য আৰু অন্যান্য বিপনী সমূহত দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হয়। ইপিনে, হাতীত উঠা, নৌকা চালনা আদি পৰম্পৰাগত খেল–ধেমালি সমূহৰ প্ৰতিও দৰ্শক আকৰ্ষিত হয়।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Photo Courtesy: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward