Thursday, May 2, 2024
HomeNEWSজগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ চেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা

জগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ চেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা

প্ৰকাশিত তাৰিখঃ ১১ চেপ্টেম্বৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট–

বিশ্ব বিশ্ৰুত ঔপন্যাসিকা ডঃ মামণি ৰয়ছম গোস্বামীৰ আদৰৰ জগলীয়া নদীৰ পাৰত ১৯৯৯ চনত গঢ়ি উঠিছিল জগলীয়াপাৰ আঞ্চলিক চিনিয়’ৰ চেকেণ্ডাৰী স্কুল। ১৯৯৯ চনত কণিষ্ঠ মহাবিদ্যালয় হিচাপে জন্ম লাভ কৰা শিক্ষানুষ্ঠানখনে এইবাৰ ২৪বৰ্ষত ভৰি দিছে। ২৪ বছৰীয়া এই শিক্ষানুষ্ঠানখনত ৯ চেপ্টেম্বৰত নৱাগত আদৰণি সভাৰ আয়োজন কৰে। উক্ত সভাখন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ডাঃ গিৰীশ বৰুৱাই। ইপিনে– প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰাক্তন সঞ্চালক, কবি, লেখক যোগেশ দাসে।

উল্লেখযোগ্য যে, নৱাগত আদৰণি সভাখনত গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাই উপস্থিত থাকে। সাংসদগৰাকীয়ে ভাষণ প্ৰসঙ্গত কয়– ‘শিক্ষানুষ্ঠান চৰকাৰৰ দ্বাৰা নহয়, ৰাইজৰ কঠোৰ শ্ৰমতহে জন্ম লাভ কৰে। আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাদেৱে সকলো সমস্যাক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আহিছে। মই আশা কৰিছো– আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জগলীয়াপাৰৰ এই পুৰণি আৰু শিক্ষাদানৰ ক্ষেত্ৰত সফলতা লাভ কৰা বেচৰকাৰী শিক্ষানুষ্ঠানখনক চৰকাৰীকৰণেৰে শিক্ষক–শিক্ষয়িত্ৰী আৰু ৰাইজৰ অভাৱ পূৰণ কৰিবই। এইক্ষেত্ৰত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াই এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিলে যথাসম্ভৱ এই সমস্যা অতিশীঘ্ৰে সমাধান হ’ব।’

আজিৰ আদৰণি সভাখন সঞ্চালনা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গজেন অধিকাৰীয়ে। আদৰণি ভাষণ পাঠ কৰে– শিক্ষানুষ্ঠানখনৰ অধ্যক্ষা বাসন্তী কলিতাই।

উল্লেখ্য যে, ছাত্ৰ–ছাত্ৰী, শিক্ষক–কৰ্মচাৰীৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীত, শিক্ষয়িত্ৰী ৰুণুমী কলিতা, জ্যোতিকাময়ী ঠাকুৰীয়া আৰু প্ৰণিতা মালাকাৰৰ বৰগীত, ববীত’ৰা ৰাভাৰ দলীয় বিহু নৃত্য আৰু বিষ্ঞু ৰাভা সংগীত, ভনীতা ৰাভাৰ ৰাভা নৃত্য, সোণালী ৰাভাৰ দলীয় নৃত্য, পৰেশ ৰাভাৰ ৰাভা বিষ্ঞু ৰাভা সংগীত, চুমী বৰাৰ আধুনিক গীত, শিক্ষয়িত্ৰী নমিনিতা দাসৰ আধুনিক নৃত্য, জ্যোতিকাময়ী ঠাকুৰীয়াৰ গোৱালপৰীয়া লোকগীত, ৰুণুমী কলিতাৰ ভূপেন্দ্ৰ সংগীত আদি সাংস্কৃতিক কাৰ্যসূচীয়ে অনুষ্ঠানতো আকৰ্ষণীয়ে কৰি তোলে। সাংস্কৃতিক কাৰ্যসূচী পৰিচালনা কৰে হিতেশ কলিতা, ধ্ৰুৱ কুমাৰ দাসে।

অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, দাতা, অভিভাৱক, ৰাইজ উপস্থিত থকা অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়খনৰ প্ৰশাসনীয় বিষয়া ৰত্ন দাসে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward