Saturday, May 4, 2024
HomeNEWSনংষ্টইন–উকিয়াম–ছয়গাঁও পথ যোগাযোগ ঐতিহাসিক এক মাইলৰ খুঁটি

নংষ্টইন–উকিয়াম–ছয়গাঁও পথ যোগাযোগ ঐতিহাসিক এক মাইলৰ খুঁটি

প্ৰকাশিত তাৰিখঃ ৮ জানুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

মেঘালয় চৰকাৰে পশ্চিম খাছি পাহাৰ জিলাৰ সদৰ নংষ্টইনৰ পৰা দক্ষিণ কামৰূপৰ উকিয়াম বজাৰক সংযোগ কৰি দুই লেন যুক্ত পথ নিৰ্মাণ কৰিব। ইয়াৰ ফলত নংষ্টইনৰ পৰা দক্ষিণ কামৰূপৰ ছয়গাঁৱত পোনপোটীয়া পথ যোগাযোগৰ ব্যৱস্থা সুচল হৈ পৰিব। যুগ যুগ ধৰি মেঘালয়ৰ অতি দুৰ্গম অঞ্চলত বসবাস কৰা মানুহখিনিয়ে হয়তো সপোনতো ভবা নাছিল দুই লেন যুক্ত পথ নিৰ্মাণ হ’ব বুলি। কিন্তু মানুহখিনিয়ে সপোনত নাভাবিলেও সেয়া বাস্তৱত দেখিবলৈ পাব। ইতিমধ্যে উকিয়ামৰ মেঘালয়ৰ প্ৰশাসনিক এলেকাধীন শ্ৰীনদীৰ ওপৰত থকা উকিয়াম বজাৰ–কেৰছাইমুখ সংযোগী ওলোমা দলংখনৰ কাষেৰে কংক্ৰীটৰ এখন বৃহৎ দলঙৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলি আছে।

উল্লেখনীয় যে ঐতিহাসিক এই পথটো নিৰ্মাণত ৰাজ্যখনৰ ৰামব্ৰাই (ৰামৰায়), নংডম, কুণ্ড্ৰুক আদি মফচলীয় টাউন আৰু বিশাল নদী ঘোগা, ৰামকাঞ্চি, কাঞ্চি, শ্ৰীনদী লগতে অসংখ্য পাহাৰীয়া সৰু–বৰ নদী–নিজৰা অতিক্ৰম কৰিব লাগিব। সেইদৰেই নামি আহিবলগীয়া পথটো তিনিটা বিখ্যাত নদী ঘোগা, শ্ৰীনদী আৰু দ্ৰোণ’ৰ সংগমস্থল উকিয়ামত সংযোগ ঘটিব। ইফালে পথটো আন্তঃৰাজ্যিক সীমাঞ্চলত সংযোগ ঘটাৰ আগতে কেইবা কিলোমিটাৰ দূৰত্ব ঘোগা নদীৰ পাৰে পাৰে আহিব।

ইতিমধ্যে, অসমে ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ উকিয়াম–ছয়গাঁও সংযোগী পথটো পকীকৰণ কৰিছে। বৰ্তমান সেই পথটোৰ বহলকৰণৰ কামো চলি আছে। বহু প্ৰত্যাশিত নংষ্টইন–উকিয়াম পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে মেঘালয়ৰ বাসিন্দাসকলে যুগ যুগ ধৰি ভূগি অহা নৰক যন্ত্ৰণাৰ পৰা শীঘ্ৰে মুক্তি লাভ কৰিব। আনন্দ মনেৰে এই কথা উকিয়াম আৰু মেঘালয়ৰ কেৰছাইমুখৰ বাসিন্দা সকলে প্ৰকাশ কৰে। কিয়নো মানুহে ইচ্ছা কৰিলে দুই আঢ়ৈ ঘণ্টাৰ ভিতৰত ছয়গাঁৱৰ পৰা নংষ্টইনত অথবা নংষ্টইনৰপৰা ছয়গাঁৱত উপস্থিত হ’ব পাৰিব। লগতে ছয়গাঁৱৰ পৰা উকিয়াম হৈ মেঘৰ আলয়ৰ মাইৰাং, নংখ্লাও, চেৰাপুঞ্জী, মৌছিনৰাম, ডাউকী, শ্বিলং আদি ঠাই সমূহলৈ যোৱাৰ ক্ষেত্ৰতো সহজ হৈ উঠিব। ইপিনে পৰ্যটক সকলৰ বাবেও এই পথ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। জিলাখনৰ সদৰৰপৰা আৰম্ভ হ’বলগীয়া নংষ্টইন–উকিয়াম–ছয়গাঁও সংযোগী পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে ৰাজ্য দুখনৰ বাবেও এক ঐতিহাসিক মাইলৰ খুঁটি স্বৰূপ হৈ থাকিব।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward