Thursday, April 25, 2024
HomeUncategorizedপৰ্যটক বিহীন পূবৰ স্ক’টলেণ্ড শ্বিলং চহৰ

পৰ্যটক বিহীন পূবৰ স্ক’টলেণ্ড শ্বিলং চহৰ

প্ৰকাশিত তাৰিখঃ ৭ ছেষ্টেম্বৰ, ২০২০

চি এন ডেস্ক

পূবৰ স্ক’টলেণ্ড শ্বিলং, এই মনোমোহা ঠাইখনতে মেঘলায় ৰাজ্যৰ ৰাজধানী। প্ৰকৃতিৰ ৰাণী মেঘালয়ৰ ৰূপকথাৰ শেষ নাই। পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা মৌছিৰাম, চেৰাপুঞ্জী নামৰ বিখ্যাত ঠাই দুখন এই ৰাজ্যখনতে অৱস্থিত। ৰাজ্যখনত বাৰমাহে দেশী–বিদেশী পৰ্যটকেৰে ভৰি থাকে। মেঘে আৱৰা পাহাৰ, জলপ্ৰপাত, সেউজ উপত্যকা, লিভিং ৰুট, সুন্দৰ সুন্দৰ নদী–নিজৰা আদি প্ৰকৃতিৰ সৃষ্ট এইসমূহ হ’ল মেঘালয়ৰ সম্পদ তথা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

এইবাৰ কিন্তু সকলোবোৰ ওলোট–পালট লাগি গ’ল। সমগ্ৰ দেশত লক্‌ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য সমূহে আন্তঃৰাজ্যিক সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। মেঘলায়েও আন্তঃৰাজ্যিক সীমান্ত বন্ধ কৰি দিয়াৰ লগে লগে যান–বাহনৰ চলাচল বন্ধ হৈ পৰিল। যান–বাহন চলাচল বন্ধৰ লগেলগে পৰ্যটকৰ যাতায়তো বন্ধ হৈ পৰিল। উল্লেখ্য যে, মে’–আগষ্ট এই চাৰি মাহত ৰাজ্যখনত বহুসংখ্যক দেশী–বিদেশী পৰ্যটকৰ আগমণ ঘটে। লকডাউনৰ বাবে এইবাৰ কোনো পৰ্যটক যাব নোৱাৰিলে।

মেঘালয় চৰকাৰে পৰ্যটনক উপাৰ্জনৰ উৎস হিচাপে স্বীকৃতি প্ৰদান কৰি ইয়াক গাঁও অঞ্চললৈ সম্প্ৰসাৰণ ঘটাইছে। পৰ্যটনে গাঁও অঞ্চললৈ সম্প্ৰসাৰণ লাভ কৰাৰ ফলত এই খণ্ডৰ পৰা ৰাজ্যখনলৈ এক বুজন পৰিমাণৰ ধন আহে। পৰ্যটনক কেন্দ্ৰকৰি গঢ়ি উঠিছে বহু ব্যৱসায়। ৰাজধানী চহৰ শ্বিলঙকে আদিকৰি চেৰাপুঞ্জী, মৌছিনৰাম আদি ঠাই সমূহত পৰ্যটকক নিৰ্ভৰ কৰি হোটেল, ৰেষ্টুৰেণ্ট, ল’জ আদিৰ ব্যৱসায় কেন্দ্ৰ গঢ়ি উঠিছে। এছিয়া মহাদেশৰ ভিতৰত সবাতোকৈ চাফা গাঁও মাউলিনঙৰ অৰ্থনীতিৰ ভেটি গঢ়ি উঠিছে অকল পৰ্যটকক কেন্দ্ৰকৰি। টেক্সীগাড়ীৰ মালিক–ড্ৰাইভাৰ, ট্যুৰিষ্ট গাইড সকলে পৰ্যটকৰ পৰা লাভকৰা ধনেৰে পৰিয়াল চলাই আছিল। কিন্তু লকডাউনৰ ফলত সকলোবোৰ অৰ্থনৈতিক সমস্যাত ডুব গৈছে।

শ্বিলং চহৰৰ বাট–পথ দৈনিক যান–বাহনেৰে পৰিপূৰ্ণ হৈ থাকে। বিশেষকৈ মে’ ৰ পৰা আগষ্ট এইকেইটা মাহত যান–বাহৰ চলাচলৰ ক্ষেত্ৰত বিৰ দি বাট নোপোৱা অৱস্থা এটা হৈ উঠে। কিন্তু লক্‌ডাউনৰ ফলত এইবাৰ চহৰখনৰ বাট–পথবোৰ প্ৰায় শূন্য হৈ পৰিছে।  

লক্‌ডাউনত ৰাজ্যৰ পৰ্যটনক্ষেত্ৰ আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীণ হৈ পৰা বিষয় সন্দৰ্ভত সবিশেষ অধ্যয়নৰ বাবে মুখ্যমন্ত্ৰী কনৰাড চাংমাই এটা টাস্ক ফৰ্চ গঠন কৰিছে। উক্ত টাস্ক ফৰ্চে লক্‌ডাউনে ৰাজ্যখনৰ পৰ্যটনক্ষেত্ৰত প্ৰভাৱ পেলোৱা ক্ষয়ক্ষতিৰ বিষয়ে পুংখানুপুংখৰূপে অধ্যয়ন কৰিব।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward