Saturday, April 20, 2024
Homeবাতৰিবন্যপ্ৰাণী আইন মানি চলাৰ অপৰাধত চাকৰিৰ পৰা নিলম্বন

বন্যপ্ৰাণী আইন মানি চলাৰ অপৰাধত চাকৰিৰ পৰা নিলম্বন

প্ৰকাশিত তাৰিখঃ ৩১ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

বন্যপ্ৰাণী আইন মানি চলাৰ বিনিময়ত পাঁচগৰাকীকৈ ৰে’ল পৰিদৰ্শকে চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল। ঘটনাটো তিনিচুকীয়া ৰে’ল মণ্ডলৰ অন্তৰ্গত।

মাচুদ আলম তিনিচুকীয়া ৰে’ল মণ্ডলৰ সহকাৰী মাণ্ডলিক প্ৰবন্ধক। সততে ৰে’ল বিভাগত সক্ৰিয় হৈ থকা অসম বিৰোধী চক্ৰৰ মাচুদ আলম এজন অন্যতম নায়ক বুলি চিনাকী আছে। চৰকাৰী নীতি নিৰ্দেশনা বুলি একো নাই তেখেতৰ যি মন যায়, যি ভাল দেখে সেয়াই আইন। বিষয়াগৰাকীৰ একনায়কত্বৰ প্ৰতাপ ক্ৰমান্বয়ে বাঢ়ি যোৱাত অতিষ্ঠ হৈ পৰিছে তলতীয়া বিষয়া–কৰ্মচাৰীসকল।

অলপতে মণ্ডলটোৰ অধীনৰ পাঁচগৰাকীকৈ পৰিদৰ্শকক চাকৰিৰ পৰা নিলম্বন কৰিছে। বন বিভাগৰ নীতি অনুসৰি ৰে’ল পৰিচালনা কৰি প্ৰদীপ কুমাৰ ভূঞা (ফৰকাটিং শাখাৰ স্থায়ী ৰে’লপথ পৰিদৰ্শক), সুত্ৰধৰ বসুমতাৰী (মৰিয়নী শাখাৰ স্থায়ী ৰে’ল পৰিদৰ্শক), নূপুৰ সোণোৱাল (মৰিয়নীৰ ট্ৰেফিক পৰিদৰ্শক), কে, কলিতা (মৰিয়নীৰ ল’ক’ পৰিদৰ্শক) আৰু কে, সেন (তিনিচুকীয়াৰ ছেফ্‌টি কাউন্সিল পৰিদৰ্শক) এই সকল কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া হ’ল। তেওঁলোকে বন মন্ত্ৰ্যালয়ৰ নিয়ম অনসৰি হাতীৰ কৰিডৰ সমূহত প্ৰতি ঘণ্টাত ২০ কিলোমিটাৰ গতিত ৰে’ল চলাইছিল। কিন্তু মহাপ্ৰতাপী মাচুদ আলমে তলতীয়া কৰ্মচাৰীসকলক বন মন্ত্ৰ্যালয়ৰ সেই নিয়ম পালন নকৰিবলৈ মৌখিকভাৱে নিৰ্দেশ দিছিল। বন্যপ্ৰাণীক সহানুভূতি দেখুওৱাটোৱেই হ’ল নিলম্বিতসকলৰ একমাত্ৰ দোষ।

উল্লেখ্য যে ২১ নৱেম্বৰত উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’ল গাড়ীখনৰ খুন্দাত মৰিয়নী আৰু তিতাবৰৰ মাজৰ খৰিকটীয়া নামৰ ঠাইখনত বনৰীয়া হাতী এটাৰ মৃত্যু ঘটিছিল। সেয়ে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰ্যালয়ে হাতীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবৰ বাবে ৰে’লৰ গতিবেগ কমোৱাৰ নিৰ্দেশ দিছিল। সেইমৰ্মে তেওঁলোকে হাতীৰ কৰিডৰ এলেকা সমূহত প্ৰতি ঘণ্টাত ২০ কিলোমিটাৰ গতিবেগত ৰে’ল চলাইছিল।

ইপিনে, মাচুদ আলমৰ স্বেচ্ছাচাৰী কাৰ্যক গৰিহনা দিয়াৰ লগতে তীব্ৰ ৰূপত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নে। সহকৰ্মী কেইজনৰ নিলম্বিতকৰণৰ নিৰ্দেশ বিনাচৰ্তে বাতিল কৰিবলৈকো দাবী জনাইছে। এই নিৰ্দেশ বাতিল নকৰিলে অতিশীঘ্ৰে আন্দোলন আৰম্ভ কৰিব। এই আন্দোলনৰ ফলত ৰে’ল সেৱা ব্যাহত হ’লে মাণ্ডলিক প্ৰবন্ধক গৰাকীয়েই দায়ী হ’ব বুলিও সোৱৰাই দিছে। তদুপৰি সেই বিষয়াগৰাকীক তিনিচুকীয়া মণ্ডলৰ পৰা অতিশীঘ্ৰে বদলিকৰণৰ দাবীও উত্থাপন কৰিছে।       

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward