Sunday, April 28, 2024
HomeNEWSৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত মৃত বনৰীয়া হাতী উদ্ধাৰ  

ৰাণীৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত মৃত বনৰীয়া হাতী উদ্ধাৰ  

প্ৰকাশিত তাৰিখঃ ১৩ ডিচেম্বৰ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ জৰাশাল সংৰক্ষিত বনাঞ্চলত এটি বনৰীয়া হাতীৰ মৃত্য ঘটে। উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলখনৰ যি স্থানত হাতীটোৰ মৃত্যু ঘটিছে সেয়া চেঁচা খণ্ড বন কাৰ্যালয়ৰ প্ৰশাসনীয় এলেকাৰ অন্তৰ্গত। ১২ ডিচেম্বৰৰ পুৱা চেঁচা বন কাৰ্যালয়ত কৰ্মৰত বনকৰ্মীসকলে নিয়মীয়া টহলৰ বাবে সেই অঞ্চলত প্ৰৱেশ কৰিছিল। সেই স্থানেৰে গৈ থাকোতে দূৰৈৰপৰা এটি হাতী বাগৰি থকা অৱস্থাত দেখিবলৈ পাইছিল। বনকৰ্মীসকলে নিৰীক্ষণৰ বাবে কিছু ওচৰ চাপি যোৱাত জানিবপাৰে যে হাতীটো জীৱিত নহয়, ইয়াৰ মৃত্যু ঘটিছে। কৰ্তব্যৰত বনকৰ্মীসকলে লগে লগে ৰাণীস্থিত বনাঞ্চলিক বিষয়াগৰাকীক ঘটনাটোৰ বিষয়ে অৱগত কৰে। ইপিনে– ঘটনাটোৰ জানিব পাৰি সংৰক্ষিত বনাঞ্চলখনৰ আশে–পাশে থকা নালাপাৰা, শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয় আৰু জয়পুৰ বন শিবিৰৰ বিষয়া–কৰ্মীসকলেও উক্ত স্থানত উপস্থিত হয়।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত ৰাণীৰ বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীয়ে উক্ত স্থানত উপস্থিত হয়। একে সময়তে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক নাৰায়ণ দেউৰীয়েও এটি দল লৈ ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ যাৱতীয় কাম –কাজ সমাপ্তিৰ পিছত পশু চিকিৎসকৰ দলটিয়ে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে আৰু কাষতে গাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰে।

উল্লেখ্য যে, মৃত মাইকী হাতীটো গৰ্ভৱতী আছিল আৰু ইয়াৰ বয়স প্ৰায় ১৫ বছৰ। ইতিমধ্যে হাতীটোৰ শৰীৰৰপৰা দূৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছিল। সেই অনুসৰি– হাতীটোৰ হয়তো কেইদিনমান পূৰ্বেই মৃত্যু ঘটিছে। হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবপৰা হোৱা নাই।

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা
Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward