Thursday, March 28, 2024
Homeবাতৰিবাংলাদেশলৈ ভাৰতৰ ঘোঁৰাৰ চোৰাং সৰবৰাহ

বাংলাদেশলৈ ভাৰতৰ ঘোঁৰাৰ চোৰাং সৰবৰাহ

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৬

চানডুবি নিউজ ডেক্স –

ভাৰতৰ পৰা বাংলাদেশলৈ আজি বহু বছৰ ধৰি চোৰাংভাৱে গৰু সৰবৰাহ হৈয়ে আছে। ইয়াত নতুনত্ব একো নাই। কিন্তু নতুনত্ব থাকিব যদিহে গৰুৰ সলনি হাতী, ঘোঁৰা আদি নতুনকৈ সৰবৰাহ হ’বলৈ ধৰে। এতিয়া মেঘালয়ৰ ফালেৰে বাংলাদেশলৈ চোৰাংভাৱে গৰুৰ সৰবৰাহৰ সমান্তৰালভাৱে ঘোঁৰাৰো সৰবৰাহ চলি আছে।

অলপতে দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাৰ ৰাজাইৰ পৰা ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে চোৰাংভাৱে কঢ়িয়াই নিয়া চাৰিটা ঘোঁৰা জব্দ কৰিবলৈ সক্ষম হয়। জিলাখনৰ গুমাঘাট, কাকেৰগৰা, ভেনগাৰ আদি ঠাইবোৰেৰে চোৰাংভাৱে ঘোঁৰাৰ সৰবৰাহ হয় বুলি সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা বিভিন্ন তথ্য পোৱা যায়। তেওঁলোকে প্ৰকাশ কৰামতে ২০১৫ বৰ্ষত ভাৰতবৰ্ষৰ পৰা ৬৮টা ঘোঁৰা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ হৈছিল।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward