Friday, March 29, 2024
HomeUncategorizedবিজয়নগৰত অত্যাধুনিক সা–সুবিধাযুক্ত 'লাইভ চেভ হস্পিতাল' মুকলি  

বিজয়নগৰত অত্যাধুনিক সা–সুবিধাযুক্ত ‘লাইভ চেভ হস্পিতাল’ মুকলি  

প্ৰকাশিত তাৰিখঃ ৯ মে’, ২০২২

চি এন ডেস্ক –

দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰ বিজয়নগৰত যোৱা ৩ মে’ত অত্যাধুনিক সা-সুবিধাযুক্ত ‘লাইভ চেভ হস্পিতাল’ মুকলি কৰে। ব্যৱসায়ী পংকজ কুমাৰ জৈনৰ সহযোগত আৰু ডা ৰৌণক কালাৰ প্ৰচেষ্টাত হস্পিতালখন গঢ়ি উঠে। দ্বীপশিখা ফাউণ্ডেচনৰ সঞ্চালক তথা গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত ডা০ দেৱাশিষ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰা চিকিৎসালয়খনৰ বন্তি প্ৰজ্বলন কৰে ডা বন্দনা সিনহাই।

হস্পিতালখনত উপলব্ধ বিভাগ সমূহ হ’ল– ২৪ ঘণ্টাই জৰুৰীকালীন সেৱা, আভ্যন্তৰীণ ঔষধ, উন্নত প্ৰসূতি আৰু স্ত্ৰীৰোগ, শিশুৰোগ, পিআইচিইউ আৰু এনআইচিইউৰ সৈতে, সাধাৰণ আৰু লেপৰোস্ক’পিক চাৰ্জাৰী, নেফ্ৰ’ল’জি, ইউৰ’ল’জি, আনক’ল’জি, ডায়েলাইচিচ ইউনিট, ৬৪ চিটি স্কেন, ইএনটি আৰু মূৰ আৰু ডিঙিৰ কেন্সাৰ চাৰ্জাৰী, কচমেটোল’জি আৰু ডাৰ্মাটোল’জি, ৰেডিঅ’ল’জি, লেব’ৰেটৰী মেডিচিন, নিউট্ৰিচন আৰু ডায়েটেটিকচ, ফিজিঅ’থেৰাপি, ডেণ্টিষ্ট্ৰি–ওৰেল আৰু মেস্কিলোফেচিয়েল চাৰ্জাৰী।

অত্যাধুনিক সা–সুবিধাযুক্ত বেচৰকাৰী খণ্ডৰ এই হস্পিতালখন বিজয়নগৰত গঢ়ি উঠাৰ লগেলগে বৃহত্তৰ অঞ্চলটোৰ চিকিৎসাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা সমূহ দূৰ হ’ব বুলি ৰাইজে আশা প্ৰকাশ কৰে। লগতে কামৰূপৰ চুবুৰীয়া গোৱালপাৰা জিলাখনৰ ৰাইজেও উপকৃত হ’ব।

ইপিনে, চিকিৎসালয়খনে অঞ্চলটোৰ চিকিৎসা সম্পৰ্কীয় অভাৱ দূৰ কৰিবলৈ সক্ষম হ’ব বুলি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ব্যক্ত কৰে। অনুষ্ঠানত ডা গৌৰৱ শইকীয়া, পংকজ কুমাৰ জৈন, দিলীপ কুমাৰ ৰাজা, অঞ্জন গোস্বামী, মাণিক সিংহ লগতে বিশিষ্ট্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward