Thursday, April 25, 2024
Homeবাতৰিবৃহত্তৰ নাগালিম গঠনেৰে অসমক পুনৰ জ্বলোৱাৰ ফন্দি নেকি

বৃহত্তৰ নাগালিম গঠনেৰে অসমক পুনৰ জ্বলোৱাৰ ফন্দি নেকি

প্ৰকাশিত তাৰিখঃ ২০ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

১৯৬৩ চনৰ ১ ডিচেম্বৰত দেশৰ ১৬সংখ্যক ৰাজ্য হিচাপে গঠন হোৱা নগালেণ্ড চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰাসদ চলিহাক চীড ফাৰ্ম খুলিবলৈ মাটি বিছাৰি অনুৰোধ কৰিছিল। নগাৰ অনুৰোধ সাপেক্ষে অসমৰ কংগ্ৰেছী চৰকাৰখনে অবিভক্ত শিৱসাগৰ জিলাৰ গোলাঘাট মহকুমাৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ভেলৌগুৰিৰ মেৰাপানীত তিনি হাজাৰ বিঘা মাটি ৩০ বছৰৰ কাৰণে লীজত দিছিল। আগ্ৰাসী মনৰ নগাসকলৰ সেয়াই আৰম্ভণি। প্ৰথমে লীজত মাটি লৈ নগাৰ অসমত প্ৰৱেশ তাৰ পিচত বেদখল। সুযোগৰ সৎব্যৱহাৰ কৰি নগাই ১৯৬৬ চনত ডিফু বনাঞ্চলত বহু মাটি বেদখল কৰে (বৰ্তমান এই ভূমি ‘এ’ ছেক্টৰৰ অন্তৰ্গত)। নগাৰ এই বেদখল কাৰ্যত চলিহা চৰকাৰে কোনো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বৰং ১৯৬৮ চনত গোলাঘাট মহকুমাৰ ঐতিহাসিক ডিমাপুৰ চহৰখন নগালেণ্ডকহে ৪০ বছৰীয়া লীজত দিয়ে।   

তেতিয়াৰ পৰা বৰ্তমানলৈকে নগাই একেধাৰে অসমৰ ভূমি বেদখল অব্যাহত ৰাখিছে। একপ্ৰকাৰ সীমান্ত অঞ্চলত নগাই অসম চৰকাৰৰ প্ৰশাসনকে নিষ্ক্ৰিয় কৰি নগা প্ৰশাসন সক্ৰিয় কৰি তোলে। ১৯৭২, ১৯৭৯ আৰু ১৯৮৫ চনত অসম চৰকাৰে নগালেণ্ড চৰকাৰৰ কথাত বেছি গুৰুত্ব আৰোপ কৰাৰ ফলত নগাই তেওঁলোকৰ সপক্ষে চুক্তি স্বাক্ষৰ কৰি লোৱাৰ সুযোগ পায়। অগপ চৰকাৰৰ কাৰ্যকালত ১৯৮৭ চনৰ ১৩ ফেব্ৰুৱাৰীত অসম ভূখণ্ডৰ ডিফু সংৰক্ষিত বনাঞ্চলত ‘নিউলেণ্ড’ নামেৰে নগাই প্ৰথমটো মহকুমা স্থাপন কৰে। ‘কহবতু’ নামৰ দ্বিতীয়টো মহকুমা স্থাপন কৰে ১৯৯১ চনৰ ২৮ নৱেম্বৰত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত।

অসম–নগালেণ্ড সীমান্তৰ ‘বি’ ছেক্টৰৰ ৰেংমাপানীত আছে নিৰপেক্ষ বাহিনী চি আৰ পি এফৰ এটা শিৱিৰ। উক্ত শিৱিৰৰ সমীপৰ অসম ভূমিত আছে বিহতু নামৰ এখন নগা বস্তি। তৰুণ গগৈ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাৰ ২০০২ চনৰ ২৩ এপ্ৰিলত সেই বস্তিত নগালেণ্ড চৰকাৰে স্থাপন কৰে নগা সশস্ত্ৰ বাহিনীৰ শিৱিৰ এটা।

উল্লেখ্য যে ২০০৪ চনৰ ১৪ ফেব্ৰুৱাৰীত নগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফুৰিঅ’ আৰু বহুকেইজন মন্ত্ৰীয়ে মেৰাপানীৰ চীড ফাৰ্মত এখন সভা অনুষ্ঠিত কৰি অঞ্চলটোৰ উন্নয়নৰ বাবে ১কোটি টকাৰ আঁচনি ঘোষণা কৰিছিল। কিন্তু ৩০ বছৰীয়া লীজৰ ম্যাদ কাহানিবাই উকলি যোৱা উক্ত চীড ফাৰ্মখনৰ উন্নয়নৰ বাবে ঘোষিত আঁচনিত বাধা দিয়াৰ লগতে লীজ ডীডখন বাজেয়াপ্ত কোনো এটাই কৰিব নোৱাৰিলে অসম চৰকাৰে।

অসম চৰকাৰে অস্থায়ীভাৱে নিযুক্ত কৰা সীমান্ত দণ্ডাধীশ আছে যদিও সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰপেক্ষ বাহিনীৰ কথামতে উঠাবহা কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। দণ্ডাধীশ গৰাকীৰ নিষ্ক্ৰিয় প্ৰশাসনৰ বাবে সীমান্তত সংঘটিত সকলোবোৰ প্ৰকৃত ঘটনা সদায় গাপ দি আহিছে এই নিৰপেক্ষ বাহিনীয়ে। সীমান্তৰ নিষ্ক্ৰিয় প্ৰশাসনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অসমৰ ভূমি আগ্ৰাসনৰ প্ৰতি দুগুণ উৎসাহিত হৈ পৰিছে নগালেণ্ড চৰকাৰ। ইতিমধ্যে সীমান্তৰ ‘বি’ ছেক্টৰৰ চুজাফান, হুকাই– ১, হুকাই– ২, মুগাবে, তকচে আৰু ‘চি’ ছেক্টৰৰ দলনী পথাৰ, মধুপুৰ, চুচমিন নগা বস্তিত নগালেণ্ড চৰকাৰে উন্নয়নমূলক কাম–কাজ অব্যাহত ৰাখিছে। অসমৰ ভূমিত স্থাপন কৰা উৰিয়ামঘাট, ৰেংমাপানী, হোমলেণ্ড, হালধিবাৰী আদি নগা অধ্যুসিত গাঁৱসমূহত নগালেণ্ড চৰকাৰে স্থায়ী দণ্ডাধীশ নিয়োগ কৰিছে। আজি সেই গাঁৱসমূহত অনুমতি অবিহনে অসমৰ মানুহে প্ৰৱেশ কৰিব নোৱাৰে।অসমে তাত কিবা এটা কৰিব খুজিলেই নগা দণ্ডাধীশে বাধা প্ৰদান কৰে।

ইতিমধ্যে নগাই অসমীয়া মানুহৰ বহু ক্ষতি সাধন কৰিছে। বিভিন্ন সময়ত নগাৰ নৃশংস আক্ৰমণত প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে সীমান্তৰ বহুজন অসমীয়া। ১৯৭৯ চনত গোলাঘাট জিলাৰ উৰিয়ামঘাট আৰু বোকাজানত নগাই নিৰ্বিচাৰভাৱে আক্ৰমণ কৰি ৫৪ গৰাকী অসমীয়া লোকক হত্যা কৰে। ১৯৮৫ চনতো নগাই ১৪গৰাকী আৰক্ষীৰ সৈতে ৪৫ গৰাকী অসমীয়াক হত্যা কৰে। ১৯৮৯ চনত ধনশিৰিৰ ৰামাপুখুৰীত ১১ গৰাকী আৰু ২০১৪ চনত উৰিয়ামঘাটত ২০ গৰাকীৰো অধিক লোকক হত্যা কৰে।  

অসমৰ চৰকৰী হিচাপ মতে– শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অধিনৰ ৫৫,৪৫,৮৩৬ হেক্টৰ ভুমি নগাই বেদখল কৰিছে। দখলীকৃত ভূমিসমূহত নগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত গাঁও, সৰু–বৰ চাহ বাগিছা, ৰবৰ বাগিছা স্থাপন কৰিছে। যাতায়তৰ বাবে বাট–পথ পকীকৰণ কৰাৰ লগতে বস্তিৰ ঘৰ সমূহত বিদ্যুৎ সংযোগ কৰিছে। গীৰ্জা ঘৰ, বিদ্যালয়, ভোটকেন্দ্ৰ, আৰক্ষী থানা, ডাকঘৰ, চিকিৎসালয় স্থাপন কৰি সকলো ধৰণৰ সুবিধা প্ৰদান কৰিছে উক্ত গাঁও বিলাকত। 

বিবদমান ভূমিক লৈ ক্ৰমান্বয়ে তৎপৰ হৈ পৰিছে নাগালেণ্ডে। এই পৰ্যন্ত গোলাঘাট জিলাৰ অসম–নাগালেণ্ড সীমান্তৰ উত্তেজনা সাম কটা নাই। বিগত বৰ্ষ সমূহত বহু ঘাত–প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিব লগা হৈছে সীমান্তত বাস কৰা অসমীয়াসকল। এই জটিল পৰিস্থিতিত আমাৰ ৰাজ্যৰ সৰ্বদলীয় দল, নেতা–কৰ্মীসকলে সীমান্তবাসীৰ ওচৰত গৈ ভূৱা আশ্বাস প্ৰদানৰ বাহিৰে একো এটা কৰা নাই। আজি সীমান্তৰ বাসিন্দা অসমীয়াসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক। অঞ্চলটোত উন্নয়নৰ কোনো নাম নামগোন্ধ নাই। আনকি বছৰ বছৰ ধৰি বাসকৰি অহা ভুমিখিনিৰ ম্যাদী পট্টা আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল। নিজৰ ইচ্ছা–অনিচ্ছাৰ কথা একো নাই। নগাৰ ওপৰতে সকলোবোৰ নিৰ্ভৰ কৰে। তেওঁলোকৰ খেতি পথাৰ বা নিজৰ বস্তিৰ খাজানা কিমান দিব লাগিব সেয়া নগাইহে নিৰ্ধাৰণ কৰি দিয়ে।    

সম্প্ৰতি প্ৰস্তাৱিত নাগালিমত অসমৰ এক বৃহৎ ভুমি অন্তৰ্ভুক্তিৰ কথা জানিব পাৰি তাৰ বিৰুদ্ধে আজি ৰাজ্যখনৰ জাতীয় সংগঠন সমূহে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। অসমৰ এক ইঞ্চি ভুমিও নাগালিমত অন্তৰ্ভূক্ত হ’বলৈ নিদিও বুলি আন্দোলনকাৰীসকলে হুংকাৰ দিছে। অৱশ্যে আন্দোলন সমূহে কিমানদূৰ সফলতা লাভ কৰে সেয়া সময়েহে ক’ব। এই পৰ্যন্ত শাসক–বিৰোধী উভয়ে নাগালিমৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱা পৰিলক্ষিত নাই যদিও ৰাজনৈতিক মুনাফা আদায়ৰ বাবে বোকা ছটিওৱা খেলখন কিন্তু ইতিমধ্যে আৰম্ভ কৰিছে। অসমৰ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভূক্তি কৰি অসমক আকৌ এবাৰ জ্বলোৱাৰ ফন্দি নেকি এয়া ?

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward