Tuesday, March 19, 2024
Homeবাতৰিবেদখল উচ্ছেদঃ ৰক্তাক্ত কাজিৰঙাৰ বান্দৰডুবি, দেওচুৰচাং

বেদখল উচ্ছেদঃ ৰক্তাক্ত কাজিৰঙাৰ বান্দৰডুবি, দেওচুৰচাং

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

উচ্ছেদৰ বাবে এখন ৰক্তাক্ত যুদ্ধক্ষেত্ৰলৈ পৰ্যবসিত হ’ল কাজিৰঙাৰ দাঁতিকাষৰীয়া বান্দৰডুবি, দেওচুৰচাং গাঁও দুখন। প্ৰশাসন আৰু গাঁওবাসীৰ মাজত উচ্ছেদ সম্পৰ্কীয় কোনো আলাপ–আলোচনাই সুফল নিদিয়া গাঁও দুখনত অৱশেষত উচ্ছেদ অভিযান আৰম্ভ কৰিলে অসম চৰকাৰে। উচ্ছেদ অভিযানলৈ যোৱা আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, বনসুৰক্ষা বাহিনীৰে গঠিত এক বিশাল যৌথ বাহিনীটোৰ সৈতে নিজ ঘৰ–মাটি ৰক্ষাৰ বাবে মুখা–মুখি সংঘৰ্ষত লিপ্ত হ’ল অঞ্চলটোৰ বাসিন্দাসকল। গাঁওখনলৈ প্ৰৱেশ কৰা মূল পথত জেওৰা দি উচ্ছেদকাৰীলৈ শিল–ইটা দলিয়াই, জাঠি–জোঙেৰে কৰা আক্ৰমণৰ প্ৰত্যুতৰত অভিযানকাৰী দলেও কন্দুৱা গেছ–গুলী নিক্ষেপ কৰাৰ লগতে সমান্তৰালভাৱে লাঠি চালনাও কৰে। আক্ৰমণ–প্ৰত্যাক্ৰমণ ক্ৰমাত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষী বাহিনী কঠোৰ হ’ব লগাত পৰি গুলী চালনা কৰাত ফখৰুদ্দিন আলী নামৰ যুৱক এজন আৰু অঞ্জুমা খাতুন নামৰ মহিলা এগৰাকী নিহত হোৱাৰ লগতে বহু সংখ্যক প্ৰতিবাদকাৰী আহত হয়।

বাতৰিত প্ৰকাশযে, গুৱাহাটী উচ্চ ন্যায়ালয়ে কাজিৰঙা অভয়াৰণ্যৰ এনিমেল কৰিডৰ সমূহ বেদখলমুক্ত কৰিবলৈ দুবছৰ আগতে নিৰ্দেশ দিছিল। এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ কলিয়াবৰ ৰাজহ চক্ৰৰ অধীনত থকা বান্দৰডুবি, দেওচুৰচাং আৰু পালখোৱা এই গাঁও তিনিখনত উচ্ছেদৰ প্ৰস্তুতি চলায়। উচ্ছেদৰ নিৰ্দেশ লাভ কৰাৰ পিচত গাঁওবাসী অধিক চিন্তিত হৈ পৰে। সেই সময়তে ৰাজ্যখনৰ দুই প্ৰভাৱশালী মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু কেশৱ মহন্তই অঞ্চলটোত উপস্থিত হৈ উচ্ছেদৰ বিপৰীতে পট্টাদাৰসকলক ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিয়ে। এই আশ্বাস পোৱাৰ পিচতো অঞ্চলটোৰ একাংশ বাসিন্দা ঘৰ এৰি যাবলৈ মান্তি নোহোৱাত চৰকাৰে সুৰক্ষা বাহিনীৰ সহযোগত উচ্ছেদ অভিযান আৰম্ভ কৰে। ইপিনে উচ্ছেদিত পৰিয়ালসকলক বিকল্প সংস্থানৰ ব্যৱস্থা অবিহনে এই উচ্ছেদ কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে কৃষক নেতা অখিল গগৈয়ে। তেওঁৰ নেতৃত্বত অঞ্চলটোৰ বাসিন্দাসকলে উচ্ছেদৰ বিৰুদ্ধে এক প্ৰতিৰোধ সংগ্ৰামৰ কাৰ্যসূচী গ্ৰহণ কৰে।

ইফালে চৰকাৰে পূৰ্বে কৰা ঘোষণা অনুসৰি আৰক্ষী, নিৰাপত্তা বাহিনীয়ে জে চি বি, হাতী আদিৰে সু–সজ্জিত হৈ বান্দৰডুবি, দেওচুৰচাং আৰু পালখোৱা অভিমুখে ৰাওনা হয়। এই বৃহৎ বাহিনীটো বাগৰি আৰক্ষী চকীৰ পৰাই লংমাৰ্চ কৰে। বিপৰীতে গাঁওবাসীয়েও উচ্ছেদ প্ৰতিৰোধৰ বাবে ভেটা দিয়াত প্ৰশাসনে ৰঙা পতাকা জোকাৰি ১৪৪ ধাৰা আইন বলবৎ থকাৰ কথা মাইকযোগে ঘোষণা কৰে। অভিযানৰ নেতৃত্ব দিয়ে ডি আই জি অখিলেশ কুমাৰ সিং, উপায়ুক্ত ছমচেৰ সিং, কলিয়াবৰৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তী, মহকুমা আৰক্ষী বিষয়া গৌৰৱ আগৰৱালাই। ঘটনাস্থলীত তেওঁলোকে বৃহৎ সংখ্যক আৰক্ষী–নিৰাপত্তা বাহিনী সহিতে উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইতিমধ্যে উচ্ছেদ আৰম্ভ হোৱাৰ পূৰ্বে বান্দৰডুবি গাঁৱৰ ম্যাদী পট্টাত বাসকৰা ৬২টা আৰু একচনীয়া মাটিত বাসকৰা ১২টা পৰিয়ালে তেওঁলোকৰ ঘৰ–দুৱাৰ নিজে ভাঙি সেই স্থান ত্যাগ কৰে। বাকী চৰকাৰী ভূমিত বাসকৰা ১৭৫টা পৰিয়ালক প্ৰশাসনে হাতী আৰু জে চি বিৰে উচ্ছেদ কৰে। কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ নেতৃত্বত যোৱা বিশাল বাহিনীয়ে দেওচুৰচাঙৰ ১১৫টা ঘৰ, এটা অংগনৱাড়ী কেন্দ্ৰ আৰু দেওচুৰচাং প্ৰাথমিক বিদ্যালয়খন উচ্ছেদ কৰাৰ লগতে পালখোৱা গাঁৱৰ ১৮ঘৰ পৰিয়ালকো উচ্ছেদ কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward