Friday, March 29, 2024
HomeARTICLEবৰদুৱাৰ–বাগান ভূমি পট্টন দাবী সমিতিৰ ৰাজহুৱা সভা

বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী সমিতিৰ ৰাজহুৱা সভা

প্ৰকাশিত তাৰিখঃ ২৯ নৱেম্বৰ, ২০২১

চি এন ডেস্ক–

কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ চাহ বাগিছাৰ ১নং, ২নং আৰু ৩নং এই তিনিখন ৰাজহ গাঁও। বৰদুৱাৰ মৌজাৰ ১০১ নং ৰাজাপাৰা আৰু ১১২ নং সতপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই গাঁওকেইখনৰ কৰাপাৰা, জাৰাপাতা, তুলসীবাৰী, পকাপাম, বগালাইন, গাড়ীলিক আৰু গাৰোবস্তিকে আদি কৰি কেইবাখনো পাৰা আছে।

আজি বহু বছৰধৰি গাঁওকেইখনৰ লোকসকলে ভূমিৰ প্ৰকৃত অধিকাৰ বিচাৰি এলানী আন্দোলন চলাই আহিছে। বিভিন্ন সময়ত মন্ত্ৰী, বিধায়ক, চৰকাৰী বিষয়াসকলৰ ওচৰত আবেদন নিবেদন কৰি আহিছে। যদিও এই পৰ্যন্ত ৰাইজে সুফল লাভকৰা নাই। এই সন্দৰ্ভত যোৱা ২৭ নৱেম্বৰত বাগান বজাৰস্থিত অসম মাতৃ মজলীয়া বিদ্যালয় চৌহদত ভূমি পট্টন দাবী সন্দৰ্ভত এক ৰাজহুৱা আয়োজিত কৰে য’ত গাঁওকেইখনৰ কেইবাশ লোক উপস্থিত থাকে।

বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনৰ আঁতধৰে সমিতিৰ সম্পাদক গজেন চন্দ্ৰ ৰাভাই। সভাৰ উদ্দেশ্য ব্যাখ্যাৰে বিস্তৃতভাৱে ভূমি সমস্যাৰাজীৰ বিষয়ে দাঙি ধৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদক দেৱজিৎ নাফাই। ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা তথা বৰদুৱাৰ সমবায় সমিতিৰ সভাপতি আদিত্য ৰাভা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভাই সভাত উপস্থিত থাকি বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

অঞ্চলটোৰ জনজাতি অধ্যুসিত এই গাঁও তিনিখন স্থাপন হোৱা আজি দুশ বছৰৰ কম নহ’ব। দেখাত গাঁওকেইখন ৰাজহ বিভাগৰ অন্তৰ্ভূক্ত যদিও কোনো এটা পৰিয়ালৰে নাই ভূমিৰ ম্যাদী পট্টা। গাঁওকেইখন অতি পুৰণি অথচ তাৰ বাসিন্দাসকলে আজি পৰ্যন্ত ভূমিৰ অধিকাৰেই লাভ কৰা নাই। পুৰুষ পুৰুষ ধৰি একেটা ভেটিতে জীৱন অতিবাহিত কৰিছে কিন্তু ভেটিটোৰ ম্যাদী পট্টা আজিলৈকে হোৱা নাই।

উল্লেখযোগ্য যে, ব্ৰিটিছ চৰকাৰৰপৰা লীজ লৈ ১৮৬২ চনত স্থাপন কৰা বৰদুৱাৰ চাহ বাগিচাই বিশাল পৰিমাণৰ ভুমিত কেতিয়াবাই ম্যাদী পট্টন লাভ কৰিছে। কিন্তু তাৰো আগত বসবাস কৰি থকা ভূমিপুত্ৰ সকলৰ গাঁওকেইখনৰ লোকসকলে আজিও ভূমিৰ পট্টন লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে, অসম চৰকাৰে ১৯৬২ আৰু ১৯৭৪ চনত বান–গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা বহু লোকক বৰদুৱাৰ বাগান এলেকাতে সংস্থাপিত কৰিছিল। ইতিমধ্যে তেওঁলোকেও ভূমিৰ অধিকাৰ লাভ কৰিছে।

ইপিনে, ৰাজহুৱা সভাত উপস্থিত থাকি সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে– গাঁওকেইখনৰ লোকসকলে মাটিৰ পট্টন লাভ নকৰা পৰ্যন্ত ক্ষান্ত নাথাকো। কিয়নো. চৰকাৰে এই বাগান অঞ্চলতে ১২ কোটি টকা ব্যয় সাপেক্ষ এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে ধন আবণ্টন দিছিল যদিও ভূমিৰ অভাৱত আঁচনিখন কাৰ্যকৰী কৰিবপৰা নগ’ল। ইতিমধ্যে লোহাৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বিদ্যালয়খনিক পৰিচালনা কৰিবলৈ ৫০ লাখ টকা আৱণ্টন দিয়াৰ কথাও সদৰি কৰে। তদুপৰি অঞ্চলটোৰ বৃদ্ধ আৰু বিধৱা পেন্সনৰ ব্যৱস্থা গ্ৰহণৰ লগতে চানডুবি অঞ্চলটোত দেখা দিয়া মোবাইল নেটৱৰ্কৰ সমস্যা সমাধানৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে।

বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী সমিতিয়ে তিনিওখন ৰাজহ গাঁৱে সুকীয়া সুকীয়াকৈ ভূমি পট্টন দাবী সম্বলিত স্মাৰক পত্ৰ স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হাতত অৰ্পন কৰে।  

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward