Friday, April 19, 2024
Homeবাতৰিবৰিহাটত ঐতিহ্যমণ্ডিত লক্ষ্মীপূজাৰ লাইখুঁটা স্থাপন

বৰিহাটত ঐতিহ্যমণ্ডিত লক্ষ্মীপূজাৰ লাইখুঁটা স্থাপন

প্ৰকাশিত তাৰিখঃ ১৫ অক্টোবৰ, ২০২১

চি এন ডেস্ক

 ১৮৮২ চনত কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰিহাটত স্থাপন কৰা এটি পুৰণি লক্ষ্মী মন্দিৰ। মন্দিৰটো স্থাপনৰ দিন ধৰি লক্ষ্মীপূজা পালন কৰি আহিছে। ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰটো এইবাৰ ১৩৯ বৰ্ষত ভৰি দিছে। মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰ পালন কৰিবলৈ ওলাইছে ১৩৯ সংখ্যক লক্ষ্মীপূজাৰ। উক্ত পূজা উপলক্ষে ১৫ অক্টোবৰত অঞ্চলটোৰ বিশিষ্ট্য ব্যক্তিসকলৰ উপস্থিতিত শ্ৰীশ্ৰীলক্ষ্মীপূজাৰ সমূহীয়া লাইখুঁটা স্থাপন কৰা হয়। পূজা পৰিচালনা সমিতিৰ সভাপতি মাধৱ দাসে স্থাপন কৰা লাইখুঁটাত লক্ষ্মী মন্দিৰৰ পূজাৰী অনিল দাসে মাংগলিক কাৰ্য সমাপন কৰে।

পূজা পৰিচালনা সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাসে আঁতধৰা অনুষ্ঠানটোত মন্দিৰটোৰ ইতিহাস বৰ্ণনা কৰে। সম্পাদক দাসে কয় যে, পূৰ্বতে তিনিদিনীয়া কাৰ্যসূচীৰে পূজা আয়োজন কৰা হৈছিল যদিও দেশত চলি থকা ক’ভিড মহামাৰীৰ বাবে এইবাৰ এদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ক’ভিড মহামাৰীৰ সকলোবোৰ চৰকাৰী নীতি–নিৰ্দেশনা অনুযায়ী পূজাভাগ পৰিচালনা কৰা হ’ব। পূজাৰ লগত সংগতি ৰাখি, পূষ্পাঞ্জলী প্ৰদান, বন্তি প্ৰজ্বলন, দেৱীৰ প্ৰতিমা লৈ পৰিভ্ৰমণ, নিমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা, দেৱীৰ আশীষ গ্ৰহণ আদি মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward