Friday, April 26, 2024
HomeNEWSবৰদুৱাৰ–বাগান ভূমি পট্টন দাবী কমিটীৰ ৰাজহুৱা সভা

বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী কমিটীৰ ৰাজহুৱা সভা

প্ৰকাশিত তাৰিখঃ ২৮ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট–

দক্ষিণ কামৰূপৰ বৰদুৱাৰ চাহ বাগানত ভূমি পট্টন সন্দৰ্ভত আজি এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী কমিটীয়ে আয়োজন কৰা এই ৰাজহুৱা সভা বাগানস্থিত জ্ঞান জ্যোতি জাতীয় বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়।

উক্ত ৰাজহুৱা সভাত ১নং, ২নং আৰু ৩নং বৰদুৱাৰ চাহ বাগান ৰাজহ গাঁৱৰ ভূমি পট্টন সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। উল্লেখ্য যে, চৰকাৰী নথিমতে তিনিওখনেই ৰাজহ গাঁও ৰূপে স্বীকৃত। যদিও, গাঁও কেইখনৰ অধিক সংখ্যক লোকৰেই নাই ভূমি পট্টা। বিগত বৰ্ষত ভূমি পট্টনৰ দাবীত তিনিওখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ অসম মাতৃ মজলীয়া বিদ্যালয়ত প্ৰথমখন ৰাজহুৱা সভা আয়োজন কৰিছিল। উক্ত সভাখনত সমষ্টিটোৰ হেমাংগ ঠাকুৰীয়াও উপস্থিত আছিল আৰু ভূমি পট্টন সম্বন্ধীয় দাবীপত্ৰ স্থানীয় বিধায়কগৰাকীৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল।      

সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আজিৰ ৰাজহুৱা সভাখনতো অংশ গ্ৰহণ কৰে। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে একচনীয়া পট্টা থকা আৰু ৰায়তীসকলক ভূমিৰ স্থায়ী পট্টাৰ বাবে অসম চৰকাৰৰ বসুন্ধৰা আঁচনিৰ সা–সুবিধা সমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে। লগতে যিসকলৰ ভূমিৰ কোনো নথিপত্ৰ নাই চৰকাৰী গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ লৈ তেওঁলোককো পট্টাৰ বাবে আবেদন কৰিবলৈ অনুৰোধ কৰে। সেয়ে নহয় নিজৰ সমষ্টিটোৰ এইসকল লোকৰ ভূমি পট্টনৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায়–সহযোগ আগবঢ়াই যাব বুলিও দোহাৰে।   

বৰদুৱাৰ–বাগান ভূমি পট্টন দাবী কমিটীৰ সভাপতি গোবিন্দ ৰাভাই পৌৰহিত্য কৰা ৰাজহুৱা সভাখনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সদস্য নৃপেন ৰাভা আৰু নিখিল ৰাভা ছাত্ৰ সন্থাৰ আলোচনী সম্পাদক দেৱজিৎ নাফাই ভাষণ প্ৰদান কৰে। ৰাভা জাতীয় সংগঠন সমূহৰ বিষয়ববীয়া লগতে অঞ্চলবাসী ৰাইজে উক্ত সভাত অংশ গ্ৰহণ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward