Thursday, April 25, 2024
HomePHOTOGRAPHYমাইক্ৰ’ফাইনেঞ্চঃ ঋণত সৰ্বস্বান্ত হোৱা অসমৰ মহিলা আৰু সফলতাৰ হাঁহি মৰা বাংলাদেশৰ মহিলা

মাইক্ৰ’ফাইনেঞ্চঃ ঋণত সৰ্বস্বান্ত হোৱা অসমৰ মহিলা আৰু সফলতাৰ হাঁহি মৰা বাংলাদেশৰ মহিলা

প্ৰকাশিত তাৰিখঃ ২৮ জুন, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

বাংলাদেশ। সৌ সিদিনালৈকে এশ এবুৰি অভাৱ–অনাটনৰ মাজত ডুব গৈ থকা এখন দুখীয়া দেশ আছিল। কিন্তু আজি অৰ্থনৈতিকভাৱে আমাৰ দেশতকৈ অধিক শক্তিশালী ৰূপত গঢ় লৈ উঠিছে। দেশখনৰ এই শক্তি এক–দুই বছৰতে আহৰণ হোৱা নাই। আজিৰ এই অৱস্থাত উপনীত হ’বলৈ সক্ষম হোৱা দেশখনৰ বাবে সু–পৰিকল্পনাৰ এক দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। দেশখনৰ এই শক্তি আহৰণত মাইক্ৰ’ফাইনেঞ্চৰ ভূমিকাও কম নহয়। মাইক্ৰ’ফাইনেঞ্চৰ ঋণে দেশখনৰ মহিলাসকলক অৰ্থনৈতিকভাৱে সৱল কৰি তুলিছে। মাইক্ৰ’ফাইনেঞ্চৰ জন্মদাতা হ’ল ড০ মহম্মদ ইউনুচ। ইউনুচ আছিল চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। ১৯৭৬ চনত তেখেতৰ প্ৰচেষ্টাত জন্মলাভ কৰে ক্ষুদ্ৰ ঋণ (micro–credit) প্ৰদানকাৰী সংস্থা এটিৰ। সংস্থাটোৱে দেশখনৰ দৰিদ্ৰ মহিলাসকলক এঘাৰৰ পৰা একৈশজনীয়া গোটত বিভক্ত কৰি আত্মসহায়ক গোট গঠন কৰিছে। গোটৰ সম্পাদিকা/ সভানেত্ৰীৰ নামত সংস্থাটোত একাউণ্ট খুলি দিয়ে। সাধ্য অনুসৰি প্ৰতি সপ্তাহ বা মাহত তোলা বৰঙণি গোটৰ মুৰব্বীসকলৰ নামৰ একাউণ্টত জমা হয়। ইচ্ছা কৰিলে সেই টকাৰ বিপৰীতে অতি কম সূতত ৮০শতাংশ ঋণ ল’ব পাৰে। মহিলাসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা এই ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থাটোৱে এদিন বিশাল পৰিসৰৰ বেংকলৈ উন্নীত হয়। ১৯৮৩ চনত গ্ৰামীণ বিকাশ বেংক ৰূপে দেশখনৰ চৰকাৰে বৈধতা প্ৰদান কৰে। গ্ৰামীণ বিকাশ বেংক বাংলাদেশৰে নহয় ই সমগ্ৰ বিশ্বৰে এক আদৰ্শ স্বৰূপ। বেংকটোৰ ঋণৰ টকা পৰিশোধৰ পৰিমাণ ৯৭ শতাংশ। অৰ্থাৎ এশৰ ভিতৰত ৯৭গৰাকী মহিলাই ঋণৰ ধন পৰিশোধ কৰিবলৈ সক্ষম হৈছে। গ্ৰামীণ বেংকে অকল দৰিদ্ৰ মহিলাসকলৰ আত্মসহায়ক গোটকহে ঋণ প্ৰদান কৰে। ঋণ লাভৰ ক্ষেত্ৰত মহিলা গোটসকলে বেংকত কোনো সম্পত্তি বন্ধক দিব নালাগে। কেৱল আত্মসহায়ক গোটৰ অংশীদাৰসকলৰ সততাখিনিহে বেংকটোৰ বন্ধকী সম্পদ। অৰ্থাৎ অকল সততাৰ ওপৰত ভিত্তি কৰিয়েই বেংকে ঋণ সমূহ প্ৰদান কৰে। কিন্তু ঋণ প্ৰদান কৰাৰ আগতে বেংকৰ ক্ষেত্ৰকৰ্মীসকলে গোটৰ অংশীদাৰসকলৰ মাজত সঞ্চয়ৰ প্ৰাথমিক অভ্যাস এটি গঢ়ি তোলাৰ লগতে ধনৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতো প্ৰশিক্ষণ দিয়ে। বেংকৰ এই কৰ্ম পদ্ধতিয়ে মহিলাসকলৰ ঋণৰ ধন সৎ পথত বিনিয়োগ হোৱাত এশ শতাংশই সহায়ক হৈছে।

আত্মসহায়ক গোটৰ ধাৰাটো আমাৰ দেশত প্ৰায় ৮০ চনৰ পাছত প্ৰৱেশ কৰে। যদিও– দেশৰ চৰকাৰে ১৯৯৯ চনতহে ‘স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনা’ নামেৰে আঁচনি এখন ৰূপায়ন কৰে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ৰ মুখ্য ভূমিকাত ২০০০ চনত সমগ্ৰ দেশতে আত্মসহায়ক গোট গঠনৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা হয়। চৰকাৰী বিভাগ, সংস্থা, বিত্তীয় প্ৰতিষ্ঠান আদিৰ নেতৃত্বত গঢ়ি উঠে পুৰুষ–মহিলাৰ অসংখ্য আত্মসহায়ক গোট। অকল আত্মসহায়ক গোট গঢ়ি উঠাই নহয় বহু গোট অৰ্থনৈতিকভাৱেও সৱল হৈ উঠে। বাংলাদেশৰ দৰে আমাৰ ইয়াতো আত্মসহায়ক গোটসমূহে ঋণৰ ক্ষেত্ৰত কোনো ব্যক্তিগত সা–সম্পতি বন্ধক দিব নালাগে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুতকৰা নিয়মাৱলী অনুসৰি– ঋণৰ আবেদন পত্ৰ, আভ্যন্তৰীণ চুক্তিপত্ৰ, গোটৰ নিয়মাৱলী আৰু প্ৰস্তাৱেই আছিল ঋণ লাভৰ মূলধন। সুন্দৰভাৱে পৰিচালিত প্ৰতিটো গোটৰ বিপৰীতে দহ হেজাৰ টকা ৰাজসাহাৰ্য প্ৰদান কৰাৰ লগতে ঋণৰ ৫০ শতাংশ ধন ৰেহাই লাভৰ ব্যৱস্থা আছিল।

দেশৰ অন্যান্য ৰাজ্যৰ লগতে আমাৰ অসমতো প্ৰায় ২০০০ বৰ্ষৰপৰা মাইক্ৰ’ফাইনেঞ্চৰ ধাৰাটো প্ৰচলন হয়।  আৰম্ভণিকালত ৰাজ্যখনত আত্মসহায়ক গোট গঠনত ৰাইজৰ সঁহাৰি সন্তোষজনক নাছিল। সেই সময়তে, বাংলাদেশত অৰ্থনৈতিক বিপ্লৱৰ সুচনা কৰা মাইক্ৰ’ফাইনেঞ্চৰ ধাৰাটো অসমৰ সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হয়। ইয়াৰ লগেলগে অসমতো এই ধাৰাটো সাংঘাতিকভাৱে জনপ্ৰিয় হৈ পৰিল। জনপ্ৰিয়তাৰ এনে স্তৰত উপনীত হ’ল যে– অসমৰ মানুহে সকলো সময়তে কেৱল মাইক্ৰ’ফাইনেঞ্চৰে সপোন দেখা হ’ল। উঠোতে–বহোতে, খাওতে–শোওতে অথবা চ’ক–বজাৰৰ আড্ডাত বিষয় কেৱল মাইক্ৰ’ফাইনেঞ্চহে মাইক্ৰ’ফাইনেঞ্চ। চৰকাৰী বিভাগ, সংস্থা বিশেষকৈ জিলা গ্ৰামীণ অভিকৰণ যোজনা (ডি আৰ ডি এ), খণ্ড উন্নয়ন কাৰ্যালয়, বেংক, বিত্তীয় অনুষ্ঠানৰ তত্বাৱধানত অসংখ্য আত্মসহায়ক গোট গঠন হ’ল। ইপিনে, চৰকাৰে ঘোষণা কৰা মাইক্ৰ’ফাইনেঞ্চৰ সুবিধা লাভৰ উদ্দেশ্যি ৰাজ্যখনত কাঠফুলাৰ দৰে গঢ়ি উঠিল বহুবোৰ বেচৰকাৰী সংগঠন। অৱশ্যে, চৰকাৰী বিভাগ আৰু সংস্থাসমূহে আত্মসহায়ক গোট গঠন কৰিবলৈ বেচৰকাৰী সংগঠনসমূহকো নিয়োগ কৰিলে। তেনেবোৰ বেচৰকাৰী সংগঠনৰ নেতৃত্বতো গঢ়ি উঠিল অসংখ্য আত্মসহায়ক গোট। চৰকাৰী বিভাগ বা সংস্থাৰ তত্বাৱধানতে হওক অথবা বেচৰকাৰী সংগঠনৰ নেতৃত্বতেই হওক, দেশৰ অন্যান্য ৰাজ্যৰ লগতে আমাৰ ৰাজ্যতো আত্মসহায়ক গোট গঠনৰ বিপ্লৱৰ জোৱাৰ আহে। চৰকাৰৰ আঁচনিত অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ পুৰুষ–মহিলাসকলোৱে আত্মসহায়ক গোট গঠনৰ ক্ষেত্ৰত আগ্ৰহী হৈ উঠে। কিন্তু এনেহেন জনকল্যাণকামী চৰকাৰী আঁচনি এখনৰ ধন সফল প্ৰয়োগ হোৱাৰ পৰিৱৰ্তে এক দুখজনক ছবি এখনহে প্ৰতিফলিত হ’ল। অৱশ্যে, তাৰমাজৰপৰাই বহুবোৰ আত্মসহায়ক গোটে সফলতাৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে। এই মুহুৰ্ততো বহু সংখ্যক সফল আত্মসহায়ক গোট আছে। যিয়ে ব্যৱসায়–বাণিজ্য কৰি অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছে। হ’লেও– সঠিক পথত খোজ দিয়াৰ চেষ্টাৰ সলনি অধিক সংখ্যক আত্মসহায়ক গোট ৰাজসাহাৰ্য, ঋণ ৰেহাই অথবা অন্যান্য সা–সুবিধাৰ স্তৰতে থমকি ৰ’ল।

ইপিনে, চৰকাৰী আঁচনিৰ সুবাদত বহুকেইটা বেচৰকাৰী সংস্থাই নন বেংকিং ফাইনেঞ্চ কোম্পানীৰ ৰূপত ৰাজ্যখনত প্ৰৱেশ ঘটিল। বৰ্তমান চৰকাৰী অনুষ্ঠান, বেংক, বিত্তীয়া প্ৰতিষ্ঠানৰ সলনি মাইক্ৰ’ক্ৰেডিট কোম্পানীবোৰে ব্যৱসায় আৰম্ভ কৰিলে। বৰ্তমান ব্যক্তিগত, গোট আদিৰ সমগ্ৰ ঋণৰ ক্ষেত্ৰখন মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ দখলত।

দেখা গৈছে– বাংলাদেশৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা ঋণ লাভৰ আগতে সেই গোটৰ অংশীদাৰসকলক টকাৰ ব্যৱহাৰ সম্পৰ্কে অভিজ্ঞ কৰি তোলে। সেয়ে ঋণ লাভৰ পাছত মহিলাসকলে টকা বিনিয়োগৰ ক্ষেত্ৰত কোনো অসুবিধা অনুভৱ নকৰে। সেই কাৰণে ঋণৰ কিস্তি সময়মতে আদায় দিবলৈ সক্ষম হয়।

অসমত মাইক্ৰ’ফাইনেঞ্চ বেংকসমূহে মহিলা গোটসমূহৰ মাজত যিমান ঋণ প্ৰদান কৰিছে তাৰ মাজৰপৰা কেইজনী প্ৰতিষ্ঠিত উদ্যোমীৰ সৃষ্টি হৈছে? সচৰাচৰ বেংকৰপৰা ঋণ ল’বলৈ হ’লে প্ৰথমে এখন আঁচনি নিৰ্বাচনৰ দৰকাৰ। সেই আঁচনি সন্দৰ্ভত প্ৰশিক্ষণপাতিও গ্ৰহণ কৰিব লাগে। তাৰপাছতহে বেংকে ঋণ প্ৰদান কৰিব লাগে। ৰাষ্ট্ৰীয়কৃত বেংকসমূহে সেই ধৰণেই ঋণ প্ৰদান কৰি আহিছে। কিন্তু অসমত যিসকল ক্ষুদ্ৰ বেংক, বিত্তীয় প্ৰতিষ্ঠানে ব্যক্তিগত বা আত্মসহায়ক গোটক ঋণ প্ৰদান কৰি আহিছে তেওঁলোকে ঋণ হিতাধিকাৰীসকলক ধনৰ উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত কোনোধৰণে সজাগতাৰ সৃষ্টি নকৰে। ধন ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা নথকা বাবে ঋণৰ টকাবোৰ উৎপাদনমুখী কামত ব্যৱহাৰৰ সলনি উৎপাদনৰ ক্ষেত্ৰত সহায়ক নোহোৱা কিছুমান কামত প্ৰয়োগ হৈ আছে। সেয়ে তিনি–চাৰিটা ঋণৰ ধন লাভকৰিও লাভাম্বিত হৈ উঠাৰ সলনি মহিলাসকল দিনকদিনে ধাৰত পোতহে গৈ আছে। বৰ্তমান ক্ষুদ্ৰ ঋণ লাভৰ বাবে যিমান সহজ সেইদৰে ঋণৰ ধন সঠিক আঁচনিত প্ৰয়োগ কৰি তাৰপৰা কিস্তি উভতাই দিয়াটো সহজনে? সহজ নহয় কাৰণেতো ক্ষুদ্ৰ ঋণ লৈ বাংলাদেশৰ মহিলাই সফলতাৰ হাঁহি মাৰি থকাৰ সময়ত আমাৰ মহিলাসকলে ঋণ ৰেহাইৰ নামত কক্‌বকাই থাকিবলগা হৈছে। কিয়নো, বাংলাদেশৰ মহিলাসকলে ক্ষুদ্ৰ ঋণৰ ধন ব্যৱহাৰ কৰে কৃষি খণ্ডত। বিশেষকৈ– ধান, মাহ, সৰিয়হ, আলু, পানৰ লগতে অন্যান্য খেতিবাতি, হাঁহ–কুকুৰা, গৰু, মৎস্য পালন আদিত। বাংলাদেশত হাঁহ–কুকুৰা মাংসৰ এখন বিশাল বজাৰ আছে। এগৰাকী মহিলাই লাভকৰা ঋণৰ টকাৰে কমেও পাঁচশ–হাজাৰ হাঁহ–কুকুৰা পালন কৰে। যিগৰাকী মহিলাৰ পাঁচশ বা হাজাৰৰ হাঁহ–কুকুৰাৰ ফাৰ্ম আছে সেইগৰাকী মহিলাই মাহেকত দুই–তিনি হেজাৰ টকা কিস্তি আদায় দিবলৈও কোনো অসুবিধাবোধ নকৰে। আমাৰ ৰাজ্যৰ মহিলাসকলে কিন্তু মাহেকত পাঁচশ টকা দিবলৈকে হাবাথুৰি খাবলগীয়া হয়। অপ্ৰিয় হ’লেও সত্য যে, আমাৰ ৰাজ্যৰ বেছি সংখ্যক মহিলাৰ ঋণৰ ধন বাইক–স্কুটি, টিভি, ফ্ৰীজ, আলমাৰী নতুবা অন্যান্য আচবাব কিনাৰ নামত ব্যৱহাৰ হৈছে। এক অনুৎপাদনশীল আঁচনিত প্ৰয়োগ হৈ আছে ঋণৰ ধন। গতিকে ঋণৰ কিস্তিৰ ধন যোগাৰ হ’ব ক’ৰপৰা! সেয়ে ঋণৰ ধন ব্যৱহাৰৰ ক্ষেত্ৰত আমি সজাগ হ’বই লাগিব।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward