Friday, March 29, 2024
HomeARTICLEমাইক্ৰ’ফাইনেন্স ঋণ য’ত– অসমৰ মহিলাই সৰ্বস্বান্ত হোৱাৰ সময়ত বাংলাদেশৰ মহিলাৰ মুখত সফলতাৰ...

মাইক্ৰ’ফাইনেন্স ঋণ য’ত– অসমৰ মহিলাই সৰ্বস্বান্ত হোৱাৰ সময়ত বাংলাদেশৰ মহিলাৰ মুখত সফলতাৰ হাঁহি বিৰিঙে

প্ৰকাশিত তাৰিখঃ ৫ জুলাই, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ কথা। সময় তেতিয়া দিনৰ দুই বাজিছে। ৰাণীৰ আশে–পাশে থকা গাঁৱৰ পাঁচগৰাকী মহিলা। ৰাণীৰ মূল চ’কটোত অ’টোৰ পৰা নামিয়েই চিধাই চাহ দোকানলৈ গৈ চাহ–মিঠাই খালে। ৰাণীলৈ আহিলে নতুবা ক’ৰবাৰ পৰা আহি ঘৰমুৱা হোৱাৰ আগতে ৰাণীত একাপ চাহ আৰু এটা মিঠাই খোৱাটো আচৰিত কথাৰ ভিতৰত নপৰে। চাহ–মিঠাই খোৱা হ’ল এইবাৰ ঘৰৰ কাৰণেও প্ৰতিগৰাকীয়ে তিনিশ টকাৰ ওপৰত মিঠাই কিনিলে। ইয়াৰ পাছত ষ্টেচনাৰী দোকানত পুতলা, বেগ, গিলাচৰ চেট আদি সামগ্ৰী কিনাৰ বাবত প্ৰতিগৰাকীয়ে খৰচ কৰিলে আঠশ টকাকৈ। ৰাণীৰপৰা বিদায় লোৱাৰ সময়ত দুশ টকাৰ মাছ কিনিছে। হেন সময়তে মানুহ এজনে মাত লগালে– আজি পকেট গৰম বোধহয়, সকলোৱে হেভি বজাৰ কৰিলি দেখোন। বৰ স্ফূৰ্টিত মহিলা কেইগৰাকীয়ে উত্তৰ দিলে– অ’ আজি আমি গ্ৰুপৰ লোণ পালো। ঘৰত লাগেই যেতিয়া প্ৰয়োজনীয় সামগ্ৰীৰ অলপ বজাৰ কৰিলো। আমিতো সদায় এইধৰণৰ বজাৰ কৰিব নোৱাৰো। মহিলাকেইগৰাকীয়ে হেনো গাইপতি দহ হেজাৰকৈ ঋণৰ টকা লাভ কৰিছে। ঋণৰ টকা লৈ ৰাণীত ভৰি দিয়েই খৰচ কৰিলে তেৰশ টকাকৈ। প্ৰতিগৰাকীৰ হাতত জমা থাকিল আঠ হাজাৰ সাতশ টকা। প্ৰতিগৰাকী মহিলা ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই আঁচনি বহিৰ্ভূত কামত খৰচ হ’ল ঋণৰ বহুমূলীয়া তেৰশ টকা। এয়া হ’ল– পশ্চিম গুৱাহাটীৰ ৰাণী অঞ্চলত সচৰাচৰ ঘটি থকা ঘটনা। বৃহত্তৰ অঞ্চলটোত এইটোৱে একমাত্ৰ ঘটনা নহয়। এনেধৰণৰ অলেখ ঘটনা ঘটি আছে। আত্মসহায়ক গোটৰ ঋণৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যখনতে এনেধৰণৰ ঘটনাই ঘটি আছে। সম্প্ৰতি আত্মসহায়ক গোট, মাইক্ৰ’ফাইনেন্স আদিয়ে এচাম মহিলাক টকা–পইচা খৰচৰ ক্ষেত্ৰত ভয়–ভীত নোহোৱা কৰি তুলিছে। তাৎপৰ্যপূৰ্ণভাৱে আজিৰপৰা বিশ বছৰ আগতে অসমীয়া মহিলাই ঋণ লোৱাটো দূৰৈৰ কথা এই বিষয়ে ভাবিবলৈও ভয় কৰিছিল। কিন্তু আজি লাখ–লাখ টকা ঋণ ল’বলৈও ভয় নকৰা হ’ল। বৰঞ্চ ঋণ লোৱাৰ ক্ষেত্ৰত হেতাওপৰাহে লাগে।

আত্মসহায়ক গোট, মাইক্ৰ’ফাইনেন্স বুলিলে প্ৰথমে বাংলাদেশৰ নাম ল’ব লাগিব। সাধাৰণতে দৰিদ্ৰ, ভূমিহীন লোকসকলক মানৱ সম্পদলৈ ৰূপান্তৰ কৰাৰ সলনি আৱৰ্জনাৰ শাৰীত থ’ব খোজে। তেনে পৰিয়ালৰ বিশেষকৈ মহিলাসকলক আৰু পণ্য সামগ্ৰীৰ দৰে গণ্য কৰে। এইসকল পৰিয়ালৰ মহিলাকে ক্ষুদ্ৰ ঋণ দি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। দৰিদ্ৰ, ভূমিহীনৰ মাজত অৰ্থনৈতিকভাৱে আমূল পৰিৱৰ্তন অনা বাবে এই ব্যৱস্থাটো দেশখনত অতিকৈ জনপ্ৰিয়। স্বাভাৱিকতে, আত্মসহায়ক গোট হ’ল নিজক নিজে স্বাৱলম্বী হ’বপৰা কেইবাজনো লোকৰ সমষ্টি। অৰ্থনৈতিকভাৱে দূৰ্বল মানুহবোৰ একগোট হৈ সকাহ লাভ কৰিবপৰা এটি উত্তম পন্থা। এই পন্থাৰে বাংলাদেশৰ ভূমিহীন দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিছিল। বাংলাদেশ সৌ সিদিনালৈকে এশ এবুৰি অভাৱ–অনাটনৰ মাজত ডুব গৈ থকা এখন দুখীয়া দেশ আছিল। কিন্তু আজি অৰ্থনৈতিকভাৱে আমাৰ দেশতকৈ অধিক শক্তিশালী ৰূপত গঢ় লৈ উঠিছে। দেশখনৰ এই শক্তি আহৰণ এক–দুই বছৰতে হোৱা নাই। আজিৰ এই অৱস্থাত উপনীত হ’বলৈ সু–পৰিকল্পনাৰ এক দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। এই শক্তি আহৰণত মাইক্ৰ’ফাইনেন্সৰ ভূমিকাও কম নহয়। মাইক্ৰ’ফাইনেন্সৰ ঋণে দেশখনৰ বহুসংখ্যক ভূমিহীন দৰিদ্ৰ মহিলাক অৰ্থনৈতিকভাৱে সৱল কৰি তুলিছে। মাইক্ৰ’ফাইনেন্সৰ জন্মদাতা হ’ল ড মহম্মদ ইউনুচ। ইউনুচ আছিল চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। ১৯৭৬ চনত তেখেতৰ প্ৰচেষ্টাত জন্মলাভ কৰে ক্ষুদ্ৰ ঋণ (micro–credit) প্ৰদানকাৰী সংস্থা এটিৰ। এই সংস্থাটোৱে দেশখনৰ দৰিদ্ৰ মহিলাসকলক পাঁচজনীয়া সদস্যৰে একোটি ক্ষুদ্ৰ গোট গঠন কৰে। গোট গঠনৰ কেইমাহমান পাছত ঋণ যোগান ধৰে। ঋণ যোগানৰ পাছতে আৰম্ভ হয় সঞ্চয়ৰ অভ্যাস, উপযুক্ত আঁচনিত ধনৰ ব্যৱহাৰ আদিৰ প্ৰশিক্ষণ। ড ইউনুচৰ এই পদ্ধতিয়ে বিশ্বৰ অৰ্থনীতিবিদ সকলৰ চকু কপালত তুলিছিল। মহিলাসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা এই ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী সংস্থাটোৱে এদিন বিশাল পৰিসৰৰ বেংকলৈ উন্নীত হয়। ১৯৮৩ চনত গ্ৰামীণ বেংক ৰূপে দেশখনৰ চৰকাৰে বৈধতা প্ৰদান কৰে। গ্ৰামীণ বেংক বাংলাদেশৰে নহয় ই সমগ্ৰ বিশ্বৰে এক বিৰল আদৰ্শ স্বৰূপ। বেংকটোৰ ঋণৰ টকা পৰিশোধৰ পৰিমাণ ৯৭ শতাংশ। অৰ্থাৎ এশৰ ভিতৰত ৯৭গৰাকী মহিলাই ঋণৰ ধন পৰিশোধ কৰিবলৈ সক্ষম হৈছে। গ্ৰামীণ বেংকে অকল দৰিদ্ৰ, ভূমিহীন মহিলাসকলৰ আত্মসহায়ক গোটকহে ঋণ প্ৰদান কৰে। ঋণ লাভৰ ক্ষেত্ৰত মহিলা গোটসকলে বেংকত কোনো সা–সম্পত্তি বন্ধক দিব নালাগে। কেৱল গোটৰ সদস্যসকলৰ সততাখিনিহে বেংকটোৰ বন্ধকী সম্পদ। অৰ্থাৎ অকল সততাৰ ওপৰত ভিত্তি কৰিয়েই বেংকে ঋণ সমূহ প্ৰদান কৰে। সততাক সাৰথি কৰি ঋণ দিয়া বাবে মহিলাগৰাকীৰ পৰিয়ালৰ অন্যান্য সদস্যসকলেও দেহেকেহে কামত জড়িত হৈ পৰে। বেংকটোৰ ক্ষেত্ৰকৰ্মীসকলে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সঞ্চয়ৰ অভ্যাস আৰু উপযুক্ত আঁচনিত ধনৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়ায়। এই প্ৰশিক্ষণৰ দ্বাৰা ঋণ হিতাধিকাৰী পৰিয়ালৰ অন্যান্য সদস্যসকলেও অনুপ্ৰাণিত হয়। বেংকটোৰ এনে কৰ্ম পদ্ধতিত মহিলাসকলৰ ঋণৰ ধন সৎ পথত বিনিয়োগ হোৱাত সহায়ক হৈছে।

আমাৰ দেশত প্ৰায় ৮০ চনৰ পাছত আত্মসহায়ক গোটৰ ধাৰাটো প্ৰৱেশ কৰে। যদিও– দেশৰ চৰকাৰে ১৯৯৯ চনতহে ‘স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনা’ নামেৰে আঁচনি এখন ৰূপায়ন কৰে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ৰ মুখ্য ভূমিকাত ২০০০ চনত সমগ্ৰ দেশতে আত্মসহায়ক গোট গঠনৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা হয়। দেশৰ অন্যান্য ৰাজ্যৰ দৰে আমাৰ অসমতো এই আঁচনিৰ কাম–কাজ আৰম্ভ হয়। চৰকাৰী বিভাগ, সংস্থা বিশেষকৈ জিলা গ্ৰামীণ উন্নয়ন অভিকৰণ (ডি আৰ ডি এ), খণ্ড উন্নয়ন কাৰ্যালয়, বেংক, বিত্তীয় অনুষ্ঠান সমূহে আত্মসহায়ক গোট গঠনৰ দায়িত্ব লাভ কৰিছিল। আৰম্ভণিকালত আত্মসহায়ক গোট গঠনত ৰাইজৰ সঁহাৰি সন্তোষজনক নাছিল। কিন্তু, সেই সময়ছোৱাত বাংলাদেশত গ্ৰাম্য অৰ্থনৈতিক বিপ্লৱৰ সুচনা কৰা মাইক্ৰ’ফাইনেন্সৰ ধাৰাটোৰ বিষয়ে অসমৰ সংবাদ পত্ৰত সবিস্তাৰে প্ৰকাশ পায়। এই সংবাদ প্ৰকাশ পোৱাৰ পাছতহে মাইক্ৰ’ফাইনেন্সৰ ধাৰাটো অসমত জনপ্ৰিয় হৈ উঠে। জনপ্ৰিয়তাই এনে স্তৰত উপনীত হ’ল যে, অসমৰ মানুহে উঠোতে–বহোতে, খাওতে–শোওতে অথবা চ’ক–বজাৰৰ আড্ডাত কেৱল মাইক্ৰ’ফাইনেন্সৰে সপোন দেখা হ’ল। মাইক্ৰ’ফাইনেন্সৰ বেপাৰ কৰিবলৈ ৰাজ্যখনত কাঠফুলাৰ দৰে জন্ম হ’ল বেচৰকাৰী সংগঠনৰ। কেৱল টকা ঘটা সপোনক সাৰ্থক কৰি তুলিবলৈ তেনেবোৰ সংগঠনে মাইক্ৰ’ফাইনেন্সৰ বেপাৰৰ জাল ৰাইজলৈ মেলি দিলে। অৱশ্যে, চৰকাৰী বিভাগ আৰু সংস্থাসমূহে আত্মসহায়ক গোট গঠন কৰিবলৈ একাংশ বেচৰকাৰী সংগঠনসমূহকো নিয়োগ কৰিলে। তেনেবোৰ বেচৰকাৰী সংগঠনৰ নেতৃত্বতো গঢ়ি উঠিল অসংখ্য আত্মসহায়ক গোট। চৰকাৰী বিভাগ বা সংস্থাৰ তত্বাৱধানতে হওক অথবা বেচৰকাৰী সংগঠনৰ নেতৃত্বতেই হওক, দেশৰ অন্যান্য ৰাজ্যৰ লগতে আমাৰ ৰাজ্যতো আত্মসহায়ক গোট গঠনৰ জোৱাৰ আহে। চৰকাৰৰ আঁচনিত অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ পুৰুষ–মহিলা সকলোৱে আত্মসহায়ক গোট গঠনৰ ক্ষেত্ৰত আগ্ৰহী হৈ উঠে।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি– আত্মসহায়ক গোটসমূহে ঋণ গ্ৰহণৰ ক্ষেত্ৰত ব্যক্তিগত কোনো সা–সম্পতি বেংকৰ ওচৰত বন্ধক দিব নালাগে। তদুপৰি, গোটবোৰে চৰকাৰী–বেচৰকাৰী সাহাৰ্য, ঋণ আদি লাভ কৰিবলৈ চৰকাৰী পঞ্জীয়নৰো প্ৰয়োজন নাই। সেয়ে পঞ্জীয়ন বিভাগৰ হাৰাশাস্তিৰো সন্মুখীন হ’ব নালাগে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুতকৰা নিয়মাৱলী অনুসৰি– ঋণৰ আবেদন পত্ৰ, আভ্যন্তৰীণ চুক্তিপত্ৰ, গোটৰ নিয়মাৱলী আৰু প্ৰস্তাৱেই আছিল ঋণ লাভৰ মূলধন। সুন্দৰভাৱে পৰিচালিত প্ৰতিটো গোটৰ বিপৰীতে দহ হেজাৰ টকা ৰাজসাহাৰ্য প্ৰদান কৰাৰ লগতে ঋণৰ ৫০ শতাংশ ধন ৰেহাই লাভৰ ব্যৱস্থাও আছিল। কিন্তু এনেহেন জনকল্যাণকামী চৰকাৰী আঁচনি এখনৰ ধন সফল প্ৰয়োগ হোৱাৰ পৰিৱৰ্তে এক দুখজনক ছবি এখনহে প্ৰতিফলিত হ’ল। ৰাজসাহাৰ্য লাভকৰা আত্মসহায়ক গোট, মাইক্ৰ’ফাইনেন্সৰ ব্যৱসায় আৰম্ভ কৰা বেচৰকাৰী সংগঠন সকলোৱে পানীত ডুব গ’ল। অৱশ্যে, তাৰ মাজৰপৰাই কেইটামান আত্মসহায়ক গোট ব্যৱসায়–বাণিজ্যৰে সফলতাৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছে।

বাংলাদেশৰ গ্ৰামীণ বেংকে আত্মসহায়ক গোট ক্ষুদ্ৰ আকাৰত গঠন কৰাৰ বিপৰীতে আমাৰ ইয়াত এঘাৰজনৰ তলত গঠন কৰা নহয়। এঘাৰজনৰ মন এটা কৰা খুবেই জটিল যদিও তাৰমাজতে গোট গঠনৰ জোৱাৰ চলি আছিল। সদস্যসকলৰ সামৰ্থ অনুযায়ী পাঁচ–দহ টকাকৈ মাহিলী জমা কৰিছিল। গোটৰ সভানেত্ৰী/ সম্পাদিকাৰ নামত যুটীয়া একাউণ্ট খুলি বেংকত জমা ৰাখিছিল। প্ৰয়োজনত গোটটোৰ জমা ধনৰ ৮০% ঋণ হিচাপে ল’ব পাৰে আৰু সেই ধন সদস্যসকলৰ মাজত আভ্যন্তৰীণ ঋণ হিচাপে বিতৰণ কৰিব পাৰে। সেই সুবিধা কোনোবাই গ্ৰহণ কৰে আৰু কোনোবাই নকৰে। তিনিমাহৰ অন্তত বেংকিং হিচাপ–নিকাচৰ যোগ্যতা অৰ্জন কৰিলে গোটটোৱে ৰাজসাহাৰ্য আৰু বেংকৰ ঋণ পৰ্বলৈ উন্নীত হয়। এই যে পাঁচ–দহ টকাকৈ জমা কৰে সেয়া আছিল প্ৰকৃততে মহিলাসকলৰ সঁচা ধন। এই সঁচা ধনখিনিৰ দ্বাৰাই মহিলাসকলক সঞ্চয় আৰু উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ কৰি তুলিব লাগিছিল। কিন্তু চৰকাৰী বিভাগ, বিত্তীয় প্ৰতিষ্ঠান আদিয়ে এই ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল। 

ইপিনে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও বেচৰকাৰী সংস্থাই মাইক্ৰ’ফাইনেন্স বেংক ৰূপে ৰিজাৰ্ভ বেংকৰ পৰা পঞ্জীয়ন লাভ কৰিলে। নন বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি) হিচাপে পৰিগণিত এই প্ৰতিষ্ঠানবোৰেই বেংক সেৱাৰ অনুমতি লাভ কৰিলে। বেচৰকাৰী খণ্ডৰ এই বেংক সমূহৰ অধীনতে ৰাজ্যৰ মাইক্ৰ’ফাইনেন্স ক্ষেত্ৰখন পৰিচালিত। এই বেংক সমূহত বাণিজ্যিক ঋণৰ বাদে কৃষি খণ্ডৰ কোনো ঋণ আঁচনিৰ ব্যৱস্থা নাই। সেয়ে বাণিজ্যিক খণ্ডৰ অধীনতে বৰ্তমান ব্যক্তিগত, আত্মসহায়ক গোটসমূহক ঋণ প্ৰদান কৰি আহিছে। বিগত কালছোৱাত এই বেংক সমূহে আত্মসহায়ক গোটলৈ যথেষ্ট সংখ্যক ঋণ প্ৰদান কৰিছে। কিন্তু ঋণ লাভকৰা এনে মহিলাসকলৰ মাজৰপৰা সন্তোষজনকভাৱে উদ্যোমী গঢ়ি উঠা নাই। অৱশ্যে, বেংক কৰ্তৃপক্ষৰো তেনে মানসিকতা দেখা নাই। বিপৰীতে, সুতখোৰ মহাজনীয়া চৰিত্ৰ এটাহে পৰিস্ফুত হৈছে। আত্মসহায়ক গোটৰ মহিলাসকলক সঞ্চয়ৰ অভ্যাস, ধনৰ ব্যৱহাৰ, যোগ্যতা অৰ্জন এই সকলোবোৰ প্ৰশিক্ষণ বাদ। কাবুলিৰ দৰে তেওঁলোকে ঋণ দিয়ে আৰু সময়মতে সুত–মুলসহ ঘূৰাই পাব লাগে। বৰ্তমান এই মাইক্ৰ’ফাইনেন্স বেংকসমূহৰ আঁচনি–পৰিকল্পনা সিমানেই দেখা গৈছে। এই প্ৰতিষ্ঠানবোৰে যি হাৰত ঋণ প্ৰদান কৰি আহিছে চাব গ’লে ৰাজ্যখনত অসংখ্য ক্ষুদ্ৰ, কুটীৰ শিল্প গঢ়ি উঠিব লাগিছিল। অসংখ্য মহিলা উদ্যোমীৰ সৃষ্টি হ’ব লাগিছিল। কিন্তু কেইজনী মহিলা উদ্যোমীৰ সৃষ্টি হৈছে? সুষ্ঠ পৰিকল্পনা অবিহনে মাইক্ৰ’ফাইনেন্স বেংক সমূহে ঋণ প্ৰদান কৰে আৰু পৰিকল্পনা বিহীনভাৱে মহিলাসকলেও ঋণ গ্ৰহণ কৰে। এইধৰণৰ কাৰবাৰ চলি থকাৰ ফলত মাহত পাঁচশ টকা ঋণৰ কিস্তি আদায় দিয়াৰ নামত সৰহ ভাগ মহিলা হাবুডুবু খাবলগা হৈছে। 

বিপৰীতে, বাংলাদেশত মহিলাসকলে ঋণ লাভৰ পাছত ধন ব্যৱহাৰ সম্পৰ্কে কোনো অসুবিধা অনুভৱ নকৰে। কিয়নো, সৰহ সংখ্যক মহিলাই ক্ষুদ্ৰ ঋণৰ ধন ব্যৱহাৰ কৰে কৃষি খণ্ডত। বিশেষকৈ– ধান, মাহ, সৰিয়হ, আলু, পান, কল লগতে অন্যান্য খেতিবাতি, হাঁহ–কুকুৰা, গো–পালন, ছাগলী পালন, মৎস্য পালন আদিত। বাংলাদেশত হাঁহ–কুকুৰা মাংসৰ এখন বিশাল বজাৰ আছে। এগৰাকী মহিলাই লাভকৰা ঋণৰ টকাৰে কমেও পাঁচশ–হাজাৰ হাঁহ–কুকুৰা পালন কৰে। যিগৰাকী মহিলাৰ পাঁচশ বা হাজাৰৰ হাঁহ–কুকুৰাৰ ফাৰ্ম আছে সেইগৰাকী মহিলাই মাহেকত দুই–তিনি হেজাৰ টকা কিস্তি আদায় দিবলৈও কোনো অসুবিধাবোধ নকৰে। অৱশ্যে দেশখনৰ সকলো দৰিদ্ৰ মহিলাক গ্ৰামীণ বেংকে ঋণ দিছে অথবা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা সকলোবোৰ মহিলাই ঋণ লৈছে সেই কথাও শুদ্ধ নহয়। এটকাও ধাৰ–ঋণ নোলোৱাকৈ দহ জনী হাঁহ, কুকুৰা পালন কৰিয়েই দহ মাহৰ অন্তত পাঁচশ লৈ সংখ্যা বঢ়োৱা মহিলাও দেশখনত অসংখ্য আছে। সেয়ে অতি পৰিশ্ৰম কৰিও ভাগৰি নপৰা এইসকললোকে সফলতাৰ হাঁহি মাৰিব পাৰে।  

বৰ্তমান অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নামৰ চৰকাৰী সংস্থা এটাই আত্মসহায়ক গোট সমূহক সৱলীকৰণ কৰি আছে। এই অভিযানে আত্মসহায়ক গোট সমূহৰ বিভিন্ন সজাগতামূলক প্ৰশিক্ষণৰ আয়োজন কৰাৰ লগতে চৰকাৰী আঁচনিৰ সা–সুবিধা প্ৰদান কৰি আহিছে। কিন্তু গোটসমূহে ৰাষ্ট্ৰীয়কৃত বেংকৰ সলনি মাইক্ৰ’ফাইনেন্স বেংক সমূহৰ পৰাহে ঋণ গ্ৰহণ কৰা দেখা যায়। ৰাষ্ট্ৰীয়কৃত বেংকসমূহে নিৰ্দিষ্ট নীতি–নিয়মৰ মাজেৰে ঋণ দি আহিছে। কিন্তু মাইক্ৰ’ফাইনেন্স বেংক সমূহে নিজৰ ব্যৱসায়ৰ স্বাৰ্থত নীতি–নিয়ম শিথিলকৰণেৰে গ্ৰাহকক ঋণ লোৱাৰ বাবে উৎসাহিত কৰি আহিছে। কিন্তু ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা নথকাত ঋণৰ টকাবোৰ কোনো উৎপাদনমুখী কামত বিনিয়োগৰ সলনি উৎপাদনৰ ক্ষেত্ৰত সহায়ক নোহোৱা কিছুমান কামত প্ৰয়োগ হৈ আছে। সেয়ে তিনি–চাৰিটা ঋণৰ ধন লাভকৰিও লাভাম্বিত হৈ উঠাৰ সলনি মহিলাসকল দিনকদিনে ধাৰত পোতহে গৈ আছে। বৰ্তমান ক্ষুদ্ৰ ঋণ লাভৰ বাবে যিমান সহজ সেইদৰে কিস্তি আদায় দিয়াতো জটিল হৈ গৈ আছে। এই জটিলতা নিজে নিজে চপাই অনাৰ কাৰণে আমাৰ মহিলাসকল ঋণ ৰেহাইৰ নামত কক্‌বকাই থকাৰ সময়ত বাংলাদেশৰ মহিলাৰ মুখত সফলতাৰ হাঁহি বিৰিঙি উঠিছে।  

অপ্ৰিয় হ’লেও সত্য যে, আমাৰ ৰাজ্যৰ বেছি সংখ্যক মহিলাৰ ঋণৰ ধন বাইক–স্কুটি, টিভি, ফ্ৰীজ, আলমাৰী নতুবা অন্যান্য আচবাব কিনাৰ নামত ব্যৱহাৰ হৈছে। এক অনুৎপাদনশীল আঁচনিত প্ৰয়োগ হৈ আছে ঋণৰ ধন। অনুৎপাদনশীল আঁচনিত ঋণৰ টকা বিনিয়োগ হ’লে কিস্তিৰ বাবে ধনৰ নাটনি হ’বই।

গতিকে, ঋণৰ ধন অনুৎপাদনশীল কাম–কাজত খৰচ কৰাৰ মানসিকতাবোৰ নিশ্চয় বন্ধ হ’ব লাগিব। মাইক্ৰ’ফাইনেন্স ঋণ আমাৰ প্ৰয়োজন আছে। সংকটকালত এই ঋণেহে আমাক সহায় কৰিব। বিভিন্ন কাৰণত ক্ষুদ্ৰ ঋণ বন্ধ হ’লে গ্ৰাম্য অৰ্থনীতিও ধ্বংস হ’ব। সেয়ে আত্মসহায়ক গোটসমূহে সপোনক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰিবই লাগিব। বাস্তৱ চিন্তাক পিঠি দি অকল ৰাজসাহাৰ্য, ঋণ ৰেহাই অথবা অন্যান্য সা–সুবিধা লাভৰ স্তৰতে যদি থমকি ৰৈ যায় তেনেহ’লে সমস্যাৰ তালিকাখনহে বাঢ়ি যাব। শেষত কওঁ– ঋণৰ ধন সঠিক পথত ব্যৱহাৰৰ ক্ষেত্ৰত আমি অধিক সজাগ হ’বই লাগিব।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward