Friday, March 29, 2024
Homeবাতৰিমাজুলীত পদাৰ্পন বিশ্ববেংকৰ দুই প্ৰতিনিধি

মাজুলীত পদাৰ্পন বিশ্ববেংকৰ দুই প্ৰতিনিধি

প্ৰকাশিত তাৰিখঃ ১৭ ডিচেম্বৰ, ২০১৮

চি এন ডেক্স

পৰ্যটনৰ যোগেদি মহিলাক সবলীকৰণ কৰি তুলিবলৈ চিন্তা–চৰ্চ্চা কৰিছে। এই সম্ভাৱনাৰ বিষয়ে আভাস ল’বলৈ মাজুলীত উপস্থিত হৈছে বিশ্ববেংকৰ দুই প্ৰতিনিধি ড লুইজী টুইনিং ৱাৰ্ড আৰু শ্ৰীমতী ৱেন্দী লী।  

উল্লেখযোগ্য যে, ড লুইজী টুইনিং ৱাৰ্ড হ’ল বিশ্ব বেংকৰ ছিনিয়ৰ প্ৰাইভেট ছেক্টৰ স্পেচিয়েলিষ্ট (ইণ্ডাষ্ট্ৰী ছ’লিউচনছ) আৰু আনগৰাকী শ্ৰীমতী ৱেন্দী লী হ’ল টুৰিজ’ম স্পেচিয়েলিষ্ট।

এই সন্দৰ্ভত বিষয়া দুগৰাকীয়ে যোৱা ৮ ডিচেম্বৰ শনিবাৰে সন্ধিয়া মাজুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে এক আলোচনাত মিলিত হয়। জিলাখনৰ উপায়ুক্ত শ্ৰীদেৱ প্ৰসাদ মিশ্ৰৰ সঞ্চালনাত অনুষ্ঠিত এই আলোচনাত অতিৰিক্ত উপায়ুক্ত শ্ৰীনৰেন দাস, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীমাধৱ দেউৰী, ৰাজহ চক্ৰ বিষয়া শ্ৰীঅজিত কুমাৰ শৰ্মা, মাজুলী সাংস্কৃতিক ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য, পৰ্যটন, জলসম্পদ বিভাগৰ বিষয়াবৰ্গ, পীতাম্বৰ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীঘন নাথ, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীজনাৰ্দ্দন দেৱগোস্বামী, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীমতী লীনা দ’লে, জ্যেষ্ঠ নাগৰিক সন্থাৰ প্ৰতিনিধি শ্ৰীউমাকান্ত ৰাজখোৱাই অংশগ্ৰহণ কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward