Friday, April 26, 2024
HomeARTICLEমাটি দালালৰ দৌৰাত্ম্যত নিৰাপত্তাহীন কুকুৰমাৰাৰ সুনীল দাসৰ পৰিয়াল

মাটি দালালৰ দৌৰাত্ম্যত নিৰাপত্তাহীন কুকুৰমাৰাৰ সুনীল দাসৰ পৰিয়াল

প্ৰকাশিত তাৰিখঃ ১৬ মে’ ২০২২

কুকুৰমাৰাৰ পৰা নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

কামৰূপ জিলাৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কুকুৰমাৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এটি মন্দিৰৰ ভূমিক কেন্দ্ৰকৰি ঘটিছে অপ্ৰীতিকৰ ঘটনা। শ্ৰীশ্ৰীকৃষ্ঞ ৰাস মন্দিৰ নামৰ এটি ধৰ্মানুষ্ঠান ১৯৫৮ চনত অহল্যা বালা দাস নামৰ মহিলাগৰাকীয় প্ৰতিষ্ঠা কৰিছিল। চৰকাৰী তথ্যমতে– এই মন্দিৰটো ছয়গাঁও ৰাজহ চক্ৰ আৰু ছয়গাঁও পাণ্টান মৌজাৰ কুকুৰমাৰা ৰাজহ গাঁৱৰ গৰাবাদ চৰকাৰী ভূমিৰ ৪৯ দাগত অৱস্থিত। প্ৰতিষ্ঠাপক অহল্যা বালা দাস তথা আইতাকৰ মৃত্যুৰ পিছত নাতি সুনীল দাস আৰু তেওঁৰ পৰিয়ালে মন্দিৰটো পৰিচালনা কৰি আহিছিল। যদিও আজি কেইবছৰমানৰ পৰা সুবিধাবাদী চক্ৰ এটাই মন্দিৰ আৰু ভূমিৰ স্বত্বকলৈ অবৈধ পন্থা অৱলম্বন কৰাত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱাই নহয় বিষয়টো নিষ্পতিৰ বাবে আদালতৰ মজিয়া পাইছিলগৈ।

কিন্তু পবিত্ৰ ধৰ্মানুষ্ঠান এটিৰ ভূমি সংক্ৰান্তীয় গোচৰে আদালতৰ মজিয়া উঠিল কেনেকৈ? ক’বই লাগিব এই ঘটনাৰ মূল ব্যক্তিগৰাকীয়েই হ’ল ননী ঠাকুৰীয়া। কিন্তু কিয় সাঙোৰ খাই পৰিছে ননী ঠাকুৰীয়া নামৰ ব্যক্তিগৰাকীৰ নাম। অকল ননী ঠাকুৰীয়াই নহয় তেওঁৰ অনুগত বাহিনীৰ ১৬গৰাকীকৈ লোকৰ নামো সাঙোৰ খাই পৰিছে। এই সন্দৰ্ভত, অহল্যা বালা দাসৰ নাতি সুনীল দাসে প্ৰকাশ কৰা মতে– অঞ্চলটোত ভূ–মাফিয়া, মাটিৰ দালালৰূপেই জনাজাত ননী ঠাকুৰীয়া নামৰ ব্যক্তিজনে মন্দিৰটোৰ ভূমি বেদখলৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। এনেবোৰ অবৈধ কামকাজৰ বাবে ঠাকুৰীয়াই লগত এটি ভেৰণীয়া বাহিনীকো জড়িত কৰি ৰাখিছে। উল্লেখ্য যে, গৰাবাদ চৰকাৰী ভূমিৰ ৪৯ নং দাগত অৱস্থিত কৃষ্ঞ মন্দিৰ য’ত ভূমিৰ পৰিমাণ ১কঠা ১০ লেছা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত এই ভূমি বৰ্তমান বজাৰ মূল্য কিমান হ’ব পাৰে সেয়া সকলোৱে জনাশুনা কথা। সেই ভূমিলৈকে ননী ঠাকুৰীয়াৰ চকু গ’ল। অকল চকু যোৱাই নহয় নিজৰ কজ্বাত কেনেকৈ নিব পাৰে তাৰবাবে বিভিন্ন পন্থাৰে ষড়যন্ত্ৰ ৰচনা কৰি আগবাঢ়িল গ’ল। ননী ঠাকুৰীয়া টকাৰ গাদীত টোপনি মৰা মানুহ, গতিকে টকাৰ ব’লত কাগজে–পত্ৰই বহুখিনি আগুৱাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে কৃষ্ঞ মন্দিৰ আৰু অহল্যা বালা দাসৰ বাসস্থান ওচৰা–ওচৰি আছিল। ৪৯ নং চৰকাৰী দাগত কৃষ্ঞ মন্দিৰ আৰু ৫০ নং ম্যাদী দাগত অহল্যাৰ বাসভৱন। চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ বিষয়া–কৰ্মচাৰীক মেনেজ কৰি ৪৯ নং চৰকাৰী আৰু ৫০ নং ম্যাদী মাটিৰ দাগ নম্বৰক লৈ পাশাখেল আৰম্ভ কৰি দিছিল এই ননী ঠাকুৰীয়াই। প্ৰথমে– পূৰ্বৰ চৰকাৰী ভূমিৰ ৪৯ নং দাগত অৱস্থিত শ্ৰীশ্ৰীকৃষ্ঞ ৰাস মন্দিৰৰ নাম বাতিল কৰি একশৰণ ভাগৱতী সমাজৰ নামত এটি কীৰ্তন ঘৰৰ নাম নথিভূক্ত কৰিছে। যিটো অনুষ্ঠান ১৯৭০ চনত স্থাপন হোৱা বুলি নথিপত্ৰত দেখুওৱা হৈছে। দ্বিতীয়তে– চৰকাৰী ভূমিৰ ৪৯ নং দাগৰ পৰিৱৰ্তে অহল্যা দাসৰ বাসভৱন থকা ম্যাদী মাটিৰ ৫০ নং দাগত শ্ৰীশ্ৰীকৃষ্ঞ ৰাস মন্দিৰ অৱস্থিত বুলি দেখুওৱা হৈছে। ননী ঠাকুৰীয়াৰ হেনো ব্যক্তিগত যুক্তি– ‘মন্দিৰটোৰ প্ৰতিস্থাপক অহল্যা দাস হ’লেও ই এটা ৰাজহুৱা সম্পদ। অহল্যাৰ নাতি সুনীল দাসে অকলে মন্দিৰ পৰিচালনাৰ গৰাকী হ’ব নোৱাৰে।’ সেই যুক্তিতে ৫০নং দাগত ননী ঠাকুৰীয়া আৰু তেওঁৰ অনুগত বাহিনীৰ নাম অন্তৰ্ভূক্ত কৰি লৈছিল। কাগজে–পত্ৰই ৫০ নং দাগত মন্দিৰটো সোমাই পৰাৰ লগেলগে ৪৯নং চৰকাৰী দাগৰ ভূমি সম্পূৰ্ণৰূপে খালী হৈ পৰিল। কাগজে–পত্ৰই ৪৯নং চৰকাৰী দাগত যেতিয়া মন্দিৰ নায়েই তেনেস্থলত চৰকাৰীৰ ভূমিৰ অজুহাতত সেই সম্পদ অতি সহজেই ননী ঠাকুৰীয়াই দখল কৰিব পাৰিব। দখল লোৱাৰ লগেলগে তেওঁৰ ভূমিত অবৈধভাৱে স্থাপন কৰা হৈছে বুলি কৃষ্ঞ মন্দিৰটো উচ্ছেদ কৰি দিয়াৰ কৰ্তৃত্বও ননী ঠাকুৰীয়াই লাভ কৰিব। ইপনে, একশৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰটোও কাগজে–পত্ৰই আছে বাস্তৱত ইয়াৰ কোনো অস্তিত্ব নাই। সময়ৰ গতিত সকলোবোৰ ঘটনাই তল পৰি যাব। সেয়ে, একশৰণ ভাগৱতী সমাজৰ হকে দেখুওৱা কীৰ্তন ঘৰৰ সদস্য কেইগৰাকীক ননী ঠাকুৰীয়াই নিজৰ মানুহকে অন্তৰ্ভূক্তি কৰিছিল। গতিকে এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰ নিৰ্মাণৰ পৰিৱৰ্তে যে ননী ঠাকুৰীয়াই ছলে–বলে–কৌশলে মাটিখিনি বেদখল কৰাৰহে অভিসন্ধি পাঙিছিল সেই কথা আদালতত প্ৰমাণ হৈ গৈছিল।  

ইপনে, ভূ–মাফিয়া ননী ঠাকুৰীয়াৰ নাম ৫০নং ম্যাদী দাগত অন্তৰ্ভূক্ত হোৱাৰ লগে লগেই কৃষ্ঞ মন্দিৰ দখল পৰ্ব আৰম্ভ কৰি দিছিল। ২০২১ বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত ছয়গাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল, কানানগো সহঃ ননী ঠাকুৰীয়াৰ এটি বিশাল বাহিনীয়ে মন্দিৰৰ ভূমি দখল কৰিবলৈ আহে। অবৈধভাৱে মাটি দখলৰ চেষ্টা চলোৱা ননী ঠাকুৰীয়া আৰু তেওঁৰ অনুগত বাহিনীৰ ওপৰত সুনীল দাসে এক গোচৰ তৰে। সুনীল দাসৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি ১০৭/১৪৪/১৪৫/১৪৬ চি আৰ পি চি ধাৰাৰ অধীনত ছয়গাঁৱৰ আৰক্ষী থানাত ৭৮এম/২০২১ নম্বৰৰ গোচৰ পঞ্জীয়ন হয়। উক্ত গোচৰমৰ্মে আৰক্ষীয়ে ননী ঠাকুৰীয়া আৰু তেওঁৰ অনুগত বাহিনীৰ সদস্যসকলক থানালৈ মাতি নিয়ে, যদিও, গ্ৰেপ্তাৰৰ পৰিৱৰ্তে তেওঁলোক জামিনত মুকলি হৈ আহিবলৈ সক্ষম হৈছিল। কিন্তু সুনীল দাসে তৰা গোচৰৰ ভিত্তিত আদালতত মকৰ্দমা চলি থাকিল। ভূক্তভোগী সুনীল দাসে প্ৰকাশ কৰামতে– যোৱা ২০২০ বৰ্ষৰ ১১ ছেপ্টেম্বৰত ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল আৰু চৰকাৰী গাঁওবুঢ়াই তেওঁৰ ঘৰত আহি শ্ৰীশ্ৰীকৃষ্ঞ ৰাস মন্দিৰৰ নাম বাতিল কৰি এক শৰণ ভাগৱতী সমাজৰ নাম অন্তৰ্ভূক্ত কৰাৰ কথা অৱগত কৰে। কথাটোৰ সঁচা–মিছা নিৰূপণৰ বাবে সেই বৰ্ষৰ ২ নৱেম্বৰত সুনীল দাসে চক্ৰ বিষয়া কাৰ্যালয়ত এক আৰ টি আই দাখিল কৰিছিল। আৰ টি আই যোগে লাভকৰা তথ্যমতে– ছয়গাঁও পাণ্টান মৌজাৰ কুকুৰমাৰা গাঁৱৰ ৪৯নং দাগটো গৰাবাদ চৰকাৰী ভূমি বুলি উল্লেখ কৰিছে। চৰকাৰী ভূমিত কোনো পট্টা নং আৰু পট্টাদাৰ নাথাকে। সেয়ে উক্ত দাগত অহল্যা দাসৰ স্বামী স্বৰ্গীয় জল্টি দাসৰ নাম নথিভূক্ত হোৱা নাছিল। তদুপৰি উক্ত দাগৰ ভূমিত কবুলা অথবা পট্টাৰ বাবেও কোনো এটা পক্ষই আবেদন জনোৱা নাছিল। কিন্তু ১৯৭০ চনত উক্ত দাগৰ ভূমিত এক শৰণ ভাগৱতী সমাজ (অসম)ৰ শ্ৰীশ্ৰীকৃষ্ঞ মন্দিৰ (কীৰ্তন ঘৰ)ৰ শাখা স্থাপন হোৱা বুলি উল্লেখ কৰিছিল। সুনীল দাসে আৰ টি আই তথ্যযোগে নিশ্চিত হোৱাৰ পিছত একশৰণ ভাগৱতী সমাজৰ নাম বাতিল কৰি শ্ৰীশ্ৰীকৃষ্ঞ ৰাস মন্দিৰৰ নাম বাহাল ৰাখিবলৈ যোৱা ২০২১ বৰ্ষৰ ৮ ফেব্ৰুৱাৰীত ছয়গাঁওস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক আবেদন দাখিল কৰিছিল।

বিপৰীতে, ২০২১বৰ্ষৰ ২৪ জুলাইত ননী ঠাকুৰীয়াৰ অনুগত বাহিনীয়ে স্থানীয় চক্ৰ বিষয়া আৰু পুলিচ প্ৰশাসনৰ সহযোগত মন্দিৰৰ দূৱাৰৰ তলা ভাঙি দখলস্বত্ব লোৱাৰহে চেষ্টা কৰিছিল। সেই উদ্দেশ্যে এক বিশৃংখলাময় পৰিস্থিতি সৃষ্টি কৰিবলৈ ননী বাহিনীয়ে অহল্যা দাসৰ পৰিয়ালৰ বাসগৃহৰ সন্মুখত অধিক পৰিমাণে ৰঙামাটি আৰু বাঁহ, তৰ্জা আদি মজুত কৰি ৰাখিছিল। এই সন্দৰ্ভত অহল্যা দাসৰ নাতিয়ে ২৮ জুলাইত বিপৰীত পক্ষৰ বিৰুদ্ধে ১৪৫/১৪৬ ধাৰাৰ অধীনত আদালতত এটি অভিযোগ দাখিল কৰে। শান্তি, আইন–শৃংখলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৩০জুলাইত আদালতে মন্দিৰৰ ভূমি সংলগ্ন কৰে। এই সন্দৰ্ভত ৩১ জুলাইৰ ভিতৰত ছয়গাঁও ৰাজহ চক্ৰ আৰু ছয়গাঁও আৰক্ষী থানাক বিস্তৃত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল। আদালতৰ নিৰ্দেশ অনুসৰি– আৰক্ষী আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ে যুটীয়াভাৱে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব লাগে। কিন্তু লক্ষণীয়ভাৱে ক্ষেত্ৰভিত্তিক প্ৰতিবেদন প্ৰস্তুতিকালত চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা কোনো বিষয়া–কৰ্মচাৰী উপস্থিত হোৱা নাছিল। সেয়ে আদালতৰ আদেশ কাৰ্যকৰী কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে আৰক্ষীৰ প্ৰতিবেদনখনত। ইপিনে, ২১ আগষ্টত সুনীল দাসে তেওঁৰ পৰিয়াল তথা মন্দিৰৰ ভূমিত নিৰ্মাণকাৰ্য ৰোধ কৰাৰ লগতে ১৪৪ ধাৰাৰ অধীনত সুৰক্ষা প্ৰদানৰ বাবে আদালতত আবেদন দাখিল কৰিছিল। কিন্তু যিটো দিনত এই সুৰক্ষা বিচাৰি আবেদন কৰিছিল দূৰ্ভাগ্যজনকভাৱে সেই দিনটোৰপৰাই ননী ঠাকুৰীয়াৰ অনুগত বাহিনীয়ে মন্দিৰৰ ভূমিত বাঁহ, তৰ্জাৰে চৌহদৰ বেৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। ইপনে, আদালতৰ বাৰংবাৰ হেঁচাৰ পিছতহে যোৱা ১০ ছেপ্তেম্বৰত কৃষ্ঞ ৰাস মন্দিৰ অৱস্থিত ভূমি চৰকাৰী বুলি চক্ৰ বিষয়াগৰাকীয়ে প্ৰতিবেদন দাখিল কৰিছিল।

লক্ষণীয়ভাৱে ননী ঠাকুৰীয়া আৰু তেওঁৰ অনুগত বাহিনীৰ সদস্যই আদালতত সাক্ষ্য প্ৰদানৰ বাবে কোনোদিনে সমূহীয়াভাৱে উপস্থিত হ’ব নোৱাৰিলে। যিসকলে সাক্ষ্যদান কৰিছিল তেওঁলোকেও উক্ত ভূমিত কৃষ্ঞ ৰাস মন্দিৰৰ পৰিৱৰ্তে এক শৰণ ভাগৱতী সমাজৰ কীৰ্তন ঘৰ থকা বুলিহে দাবী কৰিছিল। কিন্তু উপযুক্ত তথ্যপাতি আদালতত প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈছিল। আদালতৰ নিৰ্দেশমৰ্মে যোৱা বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰত ছয়গাঁও ৰাজহ চক্ৰৰ প্ৰতিনিধিয়ে আদালতৰ ওচৰত চীঠা, ট্ৰেচ মেপ লগতে অন্যান্য নথিপত্ৰ প্ৰদৰ্শন কৰে। চক্ৰ বিষয়া কাৰ্যালয়ৰ নথিপত্ৰ সমূহ আদালতে কৰা পৰীক্ষা–নিৰীক্ষাৰ অন্তত ৪৯নং চৰকাৰী দাগত ১৯৫৮ চনত অহল্যা বালা দাসে শ্ৰীশ্ৰীকৃষ্ঞ মন্দিৰ স্থাপন কৰা বুলি নিশ্চিতভাৱে প্ৰমাণিত হয়। বাদী–বিবাদী দুয়োপক্ষৰ অভিযোগ প্ৰতি–অভিযোগৰ নথিপত্ৰ, শুনানি গ্ৰহণৰ অন্তত বিতৰ্কিত ভূমিৰ শ্ৰীশ্ৰীকৃষ্ঞ (ৰাস) মন্দিৰটো আবেদনকাৰী পৰিয়ালৰ সদস্যৰ অধীনত আৰু ৰাজহ নথিমতে চৰকাৰী খাচ ভূমিত অৱস্থিত বুলি নিশ্চিত হয়। সেয়ে বিপৰীত পক্ষ ননী ঠাকুীয়াৰ ওপৰত থকা ১৪৪ ধাৰা উঠাই লোৱাৰ লগতে কামৰূপ জিলাৰ দণ্ডাধীশ মুনমী কলিতাৰ আদালতে ৩০ অক্টোবৰ, ২০২১ চনত গোচৰ নিষ্পতি হোৱা বুলি আদেশ জাৰী কৰে। আদালতৰ ৰায় অনুসৰি স্থানীয় প্ৰশাসনে মন্দিৰৰ চাৰিসীমা অহল্যা বালা দাসৰ নাতি সুনীল দাসক চমজাই দিব লাগে। কিন্তু আজি পৰ্যন্ত সেই ভূমিৰ চাৰিসীমা সুনীল দাসক চমজাই দিয়া নাই। তাৰ পৰিৱৰ্তে সেই ভূমিত ননী ঠাকুৰীয়াৰ অনুগত বাহিনীৰ দখলদাৰিত্বহে চলি থাকিল। চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত চক্ৰ বিষয়া কাৰ্যালয় আৰু পুলিচ প্ৰশাসনৰ সহযোগত ননী ঠাকুৰীয়াইহে মন্দিৰৰ মাটি দখলত নামি পৰিল। য’ত মন্দিৰটোৰ চৌদিশত থকা পুৰণি বেৰ, কাষত থকা দোকান ঘৰ সকলোবোৰ জেচিবিৰে ভাঙি–ছিঙি লণ্ড–ভণ্ড কৰি দিয়ে।

বৰ্তমান দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত এচাম ভূ–মাফিয়া, দালালৰ দৌৰাত্ম্যই ভয়ানক ৰূপ হৈছে। চক্ৰ বিষয়া আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ একাংশ বিষয়া–কৰ্মচাৰীয়ে এনে অবৈধ কাৰ্যত দালালসকলক পূৰ্ণ সহযোগ আগবঢ়াই আহিছে। দীৰ্ঘদিনৰ পৰা চলি অহা দালাল আৰু বিভাগীয় কৰ্মচাৰীৰ মাজৰ অবৈধ লেটি–পেটিবোৰ দিনৰ পোহৰৰ দৰে সত্য। এনেধৰণৰ অবৈধ কাৰ্যত জড়িত থকাৰ অপৰাধত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ দুগৰাকী লাট মণ্ডল, কামৰূপ জিলাৰ এগৰাকী ন’টাৰী বিষয়া আৰু উকীলক যোৱা ৪ মে’ত প্ৰশাসনে গ্ৰেপ্তাৰ কৰে। জানিবপৰা মতে– এই তালিকাখন দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। এইচাম দালাল, মাফিয়া, বিষয়া–কৰ্মীৰ অতপালিৰ বাবে আজি শান্তিৰে বসবাস কৰিব খোজাসকলৰ নিশ্চিত নিৰাপত্তা নোহোৱা অৱস্থা এটা হৈছে। অহল্যা বালা দাসৰ নাতি সুনীল দাসৰ পৰিয়ালটোও তাৰেই উদাহৰণ। ননী ঠাকুৰীয়াৰ অনুগত বাহিনীয়ে সুনীল দাস আৰু তেওঁৰ ল’ৰাক কেইবাবাৰো প্ৰাণেমৰাৰ চেষ্টা কৰিছিল। ননী ঠাকুৰীয়াৰ ভেৰণীয়া বাহিনীৰ অশ্লীল গালি–গালাজৰ বাবে সুনীল দাসৰ পৰিয়ালটোয়ে পুৰুষ–মহিলাই মিলি কোনো দিনে কোনো ঠাইত যাব নোৱাৰে। আনকি সুনীল দাসৰ পদূলি মুখতো এই বাহিনীটোৱে সময়ে সময়ে অশ্লীল গালি–গালাজেৰে ভৰাই তোলে। এই সন্দৰ্ভত সুনীল দাসে আৰক্ষী থানাক অৱগত কৰি থাকে যদিও কোনো ফল নধৰে। সেয়ে পৰিয়ালটোৱে নিশ্চিত নিৰাপত্তাৰ বাবে অন্য উপায় নেদেখি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে। মুখ্যমন্ত্ৰীলৈ ভূক্তভোগী সুনীল দাসৰ অনুৰোধ– যি সময়ত প্ৰশাসনে দক্ষিণ কামৰূপত ভূমিৰ অবৈধ কাম–কাজত জড়িত থকাৰ অপৰাধত ভূ–মাফিয়া, পলাশবাৰী ৰাজহ চক্ৰৰ লাট মণ্ডল আৰু জিলা সদৰৰ ন’টাৰী, উকীলক গ্ৰেপ্তাৰ কৰিছে একেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে শ্ৰীশ্ৰীকৃষ্ঞ ৰাস মন্দিৰৰ ভূমি কেলেংকাৰীত জড়িতসকলকো।

শিৰোনামৰ ফটোঃ সুনীল দাসৰ সৌজন্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward