Thursday, April 25, 2024
HomeUncategorizedমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত অতন্দ্ৰ প্ৰহৰীসকলৰ জীৱিকা সুৰক্ষিত কৰিব নে?

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত অতন্দ্ৰ প্ৰহৰীসকলৰ জীৱিকা সুৰক্ষিত কৰিব নে?

প্ৰকাশিত তাৰিখঃ ২৪ আগষ্ট, ২০২০

চি এন ডেস্ক

সুবোধ বসুমতাৰী, নাগেশ্বৰ বসুমতাৰীহত আজি সামান্য বেতনতে বন সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে। যি পৰিমাণৰ মাননি লাভ কৰে সেই ধনেৰে পৰিয়াল চলাবলৈকে নোৱাৰে তথাপি চলাই আছে আৰু নিজেও চলি আছে।

এসময়ত তেওঁলোক বনজ সম্পদ ধ্বংস কাৰ্যত জড়িত আছিল। আৰ্থিকভাৱে দূৰ্বল এই লোকসকলে পৰিয়াল চলোৱাৰ তাগিদাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দূষ্প্ৰাপ্য প্ৰজাতিৰ জীৱজন্তু হত্যা কৰিছিল, গছ কাটিছিল। ২০০৩ চনত তেওঁলোকক মুলসূঁতিলৈ ঘূৰাই আনে। আবছু’ৰ নেতৃত্বত তেওঁলোকে বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত হাতেসজা বন্দুক সহ বিভিন্ন সামগ্ৰী জমা দি আত্মসমৰ্পন কৰে। সেইদিনৰ পৰা তেওঁলোকে প্ৰকৃতিক ভালপোৱাই নহয় সুৰক্ষাৰ দায়িত্বও গ্ৰহণ কৰিলে।

উল্লেখ্য যে, মাউজীগেন্দ্ৰী ইক’ ট্যুৰিজিম ছ’চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠন। যিটো সংগঠনে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়নৰ হকে দেহে–কেহে কাম কৰি আহিছে। আত্মসমৰ্পনকাৰী উগ্ৰপন্থী, চোৰাং চিকাৰী অথবা চোৰাং কাঠকটীয়াসকল মূলসূঁতিলৈ ঘূৰি অহাৰ পাছত উক্ত সংগঠনটোৱে বনজ সম্পদ সুৰক্ষাৰ কামত নিয়োজিত কৰে। সেই সংগঠনৰে সদস্য সুবোধ, নাগেশ্বৰহত। আজি প্ৰায় পঞ্চাশজন সদস্যই হাতত ৰাইফল লৈ দিন–ৰাতি একাকাৰ কৰি উদ্যানখনৰ সুৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে।

এসময়ত যিখন উদ্যানত তেওঁলোকে চিকাৰ কৰিছিল অৱশেষত সেইখন উদ্যানৰে সুৰক্ষাৰ দায়িত্বত নিয়োজিত হ’ল। এতিয়া তেওঁলোকে দিনৰাতি একাকাৰ কৰি উদ্যানখনত পহৰা দি আছে। বন বিভাগে এইসকল সুৰক্ষা কৰ্মীৰ চাকৰি এতিয়াও নিয়মীয়াকৰণ কৰা নাই। চাকৰি নিয়মীয়াকৰণ কৰিব নে নকৰে তাৰো কোনো নিশ্চয়তা নাই। গতিকে চৰকাৰ, বন বিভাগ তথা বিটিচি প্ৰশাসনে এইসকল বন সুৰক্ষাকৰ্মীৰ ভৱিষ্যত নিশ্চিত কৰিব লাগে।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward