Friday, March 29, 2024
Homeবাতৰিমাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰ খনন বন্ধৰে অসমীয়াক ভাতে মৰাৰ ষড়যন্ত্ৰ

মাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰ খনন বন্ধৰে অসমীয়াক ভাতে মৰাৰ ষড়যন্ত্ৰ

প্ৰকাশিত তাৰিখঃ ১৫ জুন, ২০২০
 
চানডুবি নিউজ ডেক্স
ৰাজহুৱা
খণ্ডৰ উদ্যোগ মাৰ্ঘেৰিটা কয়লাক্ষেত্ৰত খনন বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। নৰ্থ
ইষ্ট ক’ল ইণ্ডিয়া লিমিটেডৰ মাৰ্ঘেৰিটা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধকে কয়লা খনন সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে যোৱা ৩ জুন তাৰিখত। এই নিৰ্দেশনাৰ ফলত খনি সমূহত মাইনিঙৰ দায়িত্ব লাভ কৰা ব্যক্তিগত কোম্পানীবোৰে খনন প্ৰক্ৰিয়া বন্ধ ৰাখিছে। লগে লগে ক’ল ইণ্ডিয়া আৰু মাইনিং কোম্পানীসমূহত জড়িত হাজাৰহাজাৰ শ্ৰমিক কৰ্মহীন হৈ পৰিল।
উল্লেখ্য যে, দেশৰ অৰ্থনীতি যোগানত কয়লাক্ষেত্ৰ সমূহে অভূতপুৰ্ব বৰঙণি যোগাই আহিছে। তেনেদৰে মাৰ্ঘেৰিটা কয়লাক্ষেত্ৰৰ অৰিহণাও কম নহয়। উল্লেখযোগ্যে যে, মাৰ্ঘেৰিটাৰ কয়লাখনি সমূহত আজি ৪০ বছৰে মুক্ত খনন চলি থকা বুলি অভিযোগ উত্থাপিত হৈছে। এই মুক্ত খননৰ ফলত ওচৰপাজৰৰ বহুকেইখন গাঁও ক্ষতিৰ সন্মুখীণ হৈ পৰিছিল। এই সন্দৰ্ভত সময়ে সময়ে বিভিন্ন প্ৰতিবাদ হৈছিল। প্ৰতিবাদীসকলৰ এটাই কথা কয়লা খননত কোনো আপত্তি নাই কিন্তু সেয়া বৈজ্ঞানিক পদ্ধতিগত হ’ব লাগিব।
এই পদ্ধতি অৱলম্বনেৰে কয়লা খনন কৰিলে আপত্তি কৰিবলগীয়া একো নাই। কিন্তু এই পদ্ধতিটোকে আজি অ’ত বছৰে কাৰ্যকৰী নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। বৈজ্ঞানিক পদ্ধতিৰে কয়লা আহৰণৰ দাবী জনাই আহোতে বৰ্তমান খনন কাৰ্যকে বন্ধ (অস্থায়ী) কৰি দিলে। এই দাবীত কয়লা খনন বন্ধৰ ৰখাৰ কি যুক্তি বিচাৰি পালে ক’ল ইণ্ডিয়া কৰ্তৃপক্ষই! ইয়াক পূৰ্ব পৰিকল্পিত
যড়যন্ত্ৰ বুলি ভবাৰ থল নাই নে?
এতিয়া ভাৰত চৰকাৰে অসমীয়াক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে মাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰত খনন বন্ধৰ
দ্বাৰা। কিয়নো মাৰ্ঘেৰিটাৰ কয়লাখনিৰ ওপৰত নিৰ্ভৰ কৰি ওচৰ
পাজৰৰ প্ৰায় এশখন গাঁও বৰ্তি আছে। গাঁও কেইখনৰ হাজাৰ হাজাৰ লোক কয়লাখনিত নিয়োজিত হৈ আছে। ক’ল ইণ্ডিয়াৰ কুটীল নিৰ্দেশত সেই ক্ষেত্ৰসমূহত নিয়োজিত শ্ৰমিকসকল আজি কৰ্মহীন হৈ পৰিল।
এই যড়যন্ত্ৰমূলক কাৰ্যৰ বিৰোধীতাৰে যোৱা ১২ জুনত মাৰ্ঘেৰিটা হাইস্কুলত অসমৰ জাতীয় সংগঠনবোৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে। ক’ৰ’ণা সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা সকলো বাধানিষেধ ভংগ কৰি হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে। সামাজিক দুৰত্ব বৰ্তাই ৰাখি অধিক লোক সমবেত হোৱাটো য’ত চৰকাৰী বিধিত নিষেধ আছিল তেনে সময়তে চৰকাৰী নিষেধাজ্ঞাক ক’ৰবাতে ওফোৰাই থৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা।  
অৱশ্যে, মাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰ জীয়াই ৰখাৰ স্বাৰ্থত সাব্যস্ত কৰা এইখনেই প্ৰথম আন্দোলন নহয়। ক’ল ইণ্ডিয়াৰ অন্যায় কাৰ্যৰ বিৰোধীতাৰে বহু আন্দোলন কৰিবলগ হৈছিল অসমৰ জাতীয় সংগঠনবোৰে।
শিৰোনামৰ ফটোঃ ইণ্টাৰনেট
Title Pix: Internet

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward