Saturday, April 20, 2024
HomeNEWSমূল্য বৃদ্ধিৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ উপৰহালীত ৰামপুৰ ব্ল’ক কংগ্ৰেছৰ প্ৰতিবাদ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ উপৰহালীত ৰামপুৰ ব্ল’ক কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰকাশিত তাৰিখঃ ২৩ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ দৈনিক মূল্য বৃদ্ধি। এই মূল্যবৃদ্ধিৰ ফলত ৰাজ্যখনৰ জনতাৰ পানীত হাঁহ নচৰা অৱস্থা। মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যখনত চলি আছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। এই সন্দৰ্ভত আজি অৰ্থাৎ ২৩ আগষ্টত দক্ষিণ কামৰূপৰ ৰামপুৰ ব্লক কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে, উপৰহালী মহকুমা নিয়ন্ত্ৰিত বজাৰত পালন কৰা এই কাৰ্যসূচীত বজাৰখনৰ ক্ৰেতা–বিক্ৰেতাৰ সৈতেও মত বিনিময় কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ–সভাপতি নৃপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক দীপক কলিতা, ৰামপুৰ ব্ল’ক কংগ্ৰেছৰ সভাপতি নিৰঞ্জন, ৰাজীৱ গান্ধী পঞ্চায়তীৰাজ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপ্লৱ তালুকদাৰ, বিকাশ নাথ, মাখন দাস, ধৰ্ম জৈন, সুনীল জৈন, শশধৰ দাস, হবিব আলী, অচ্যুৎ কলিতা আদি বিষয়ববীয়াসকল উপস্থিত থাকে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward