Friday, March 29, 2024
HomeUncategorizedজ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ একাদশ মৃত্যু বাৰ্ষিকী উদ্‌যাপন

জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ একাদশ মৃত্যু বাৰ্ষিকী উদ্‌যাপন

প্ৰকাশিত তাৰিখঃ ২৯ নৱেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট–

জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ একাদশ মৃত্যু বাৰ্ষিকী ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপতো উদ্‌যাপন কৰে। উল্লেখনীয় যে, পলাশবাৰীৰ আমৰাঙ্গা গাঁৱত প্ৰখ্যাত সাহিত্যিক গৰাকীয়ে শৈশৱ অতিক্ৰম কৰিছিল। আৰু আমৰাঙ্গাক কেন্দ্ৰ কৰিয়েই টনকীয়াল কৰিছিল অসমীয়া সাহিত্যৰ ভঁৰাল। ‘মামণি ৰয়ছম গোস্বামী স্মৃতিৰক্ষা সমিতি আমৰাঙ্গা–বৰিহাট’ৰ সৌজন্যত উমাকান্ত–চন্দ্ৰকান্ত গোস্বামী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত আজি বিভিন্ন কাৰ্যসূচীৰে সাহিত্যিক গৰাকীৰ পবিত্ৰ মৃত্যু তিথি পালন কৰে। কাৰ্যসূচী অনুসৰি– ৰাতিপুৱা ১০ বজাত স্মৃতিৰক্ষা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি গজেন্দ্ৰজিৎ দাসে। ১১ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা। সন্ধিয়া সাহিত্যিক গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়।

আনহাতে, দক্ষিণ কামৰূপ ছাত্ৰ সন্থায়ো মিৰ্জাত বিভিন্ন কাৰ্যসূচীৰে সাহিত্যিক গৰাকীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে। লগতে বৰিহাটৰ নৱোদয় আদৰ্শ বিদ্যা মন্দিৰেও এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward