Friday, March 29, 2024
HomeARTICLEমেঘালয়ৰ হুইছলিং ভিলেজ য’ত– মানুহক মাতিবলৈ ব্যৱহাৰ কৰে বিশেষ সুৰ

মেঘালয়ৰ হুইছলিং ভিলেজ য’ত– মানুহক মাতিবলৈ ব্যৱহাৰ কৰে বিশেষ সুৰ

প্ৰকাশিত তাৰিখঃ ২১ ছেপ্টেম্বৰ, ২০২০

চি এন ডেস্ক

মেঘে ঢকা পাহাৰীয়া এখন সৰু গাঁও ‘কংথং’। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এই গাঁওখন খাছি সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ। ৰাজ্যখনৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা ৫৬ কিলোমিটাৰ দূৰত অৱস্থিত উক্ত গাঁওখন পূব খাছি পাহাৰ জিলাৰ চহৰা সংমণ্ডলৰ অন্তৰ্গত। গাঁওখন এইবাবেই জনাজাত যে– এজনে আনজনক মাতিলে নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰে এটি বিশেষ সুৰ। মতা–মাইকী, ল’ৰা–ছোৱালীসকলোৱে এই সুৰেৰে ভাৱবিনিময় কৰে। অৱশ্যে, গাঁওখনৰ মানুহবোৰৰ শিক্ষা–দীক্ষা নথকা নহয়। প্ৰতিটো শিশু স্কুললৈ যায়, আনকি যুৱ প্ৰজন্মৰ বহু সংখ্যকে কলেজত অধ্যয়নৰ বাবে চহৰলৈও ঢাপলি মেলিছে। প্ৰায় কেইবাশ বছৰীয়া পূৰণি পৰম্পৰা এটা তেওঁলোকৰ মাজত আজিও বিদ্যমান। গাঁৱখনৰ প্ৰতিগৰাকী মাতৃয়ে সৰুৰে পৰা নিজৰ সন্তানক নিচুকণি গীত গাই সকলো শিক্ষা প্ৰদান কৰে। স্থানীয়লোকে এই গীতক ‘জিংৰুৱাই লাউবেই’ (Jingrwai lawbei) বুলি কয়। এজনে আনজনৰ লগত পক্ষীৰ মাতৰ দৰে অনন্য সুৰেৰে ভাৱবিনিময় হয় কাৰণে গাঁওখন হুইছলিং (Whistling) গাঁও ৰূপে জনাজাত।

পৰম্পৰাগত লোকসংগীতেৰে ইজনে আনজনৰ লগত ভাৱবিনিময় কৰা বিশেষ গাঁওখনৰ বিষয়ে ২০১৯ত ৰাজ্য সভাতো চৰ্চিত হৈছিল। ইয়াৰ লগেলগে বিহাৰৰ সাংসদ ৰাকেশ সিনহাই উক্ত গাঁওখন চোৱা–চিতাৰ দায়িত্ব গ্ৰহণ কৰিছিল। আধুনিক প্ৰযুক্তি–বিদ্যাৰ ফলত যে এদিন গাঁওখনৰ লোকপৰম্পৰাবোৰৰ বিলুপ্তি ঘটিব সেই আশংকা সাংসদজনে ৰাজ্যসভাতো ব্যক্ত কৰিছিল। সেয়ে আধুনিক বিশ্বত গাঁওখনৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য অটুট ৰাখিবলৈ ইউনেস্ক (UNESCO)ৰ তালিকাত অন্তৰ্ভূক্তি কৰিবলৈও ৰাজ্য সভাক অনুৰোধ জনায়।

উল্লেখযোগ্য যে, প্ৰায় ১৩০টা পৰিয়াল আৰু ৬৮০জন লোক থকা উক্ত গাঁওখনৰ বাসিন্দাসকল কৃষি কৰ্মৰ লগত জড়িত। তামোল বাগান, ঝাড়ু বাগান, মৌপালন, পশুপালন আদিৰেও তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। চাফ চিকুণতাৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়াৰ কাৰণে গাঁওখন পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইপিন, গাঁওখনৰ আশে–পাশে থকা পাহাৰসমূহো ট্ৰেকিঙৰ বাবে উপযোগী হোৱাত পৰ্যটক অধিক আগ্ৰহী হৈ পৰিছে।

‘কংথং’ আধুনিক সমাজ জীৱনৰ পৰা বহু দূৰত যদিও– বৰ্তমান গাঁওখনলৈ বিদ্যুতৰ সৰবৰাহ ঘটিছে আৰু ৰাষ্টা–ঘাটবোৰৰ ব্যৱস্থাও সূচল হৈছে। বিদ্যুতৰ ব্যৱস্থাই গাঁওখনলৈ টেলিভিশ্বন আৰু ম’বাইলৰ প্ৰৱেশ ঘটাইছে। এতিয়া গাঁওখনৰ যুৱ প্ৰজন্মৰ মাজত বলিউডী ঢঙে প্ৰৱেশ কৰিছে। বিশ্বৰ চৌদিশত প্ৰযুক্তি–বিদ্যাৰ জয়জয়–ময়ময় অৱস্থাত কংথং গাঁৱৰ যুৱ প্ৰজন্মৰ মাজত পৰম্পৰাগত আদব–কায়দাবোৰ কিমান দিনলৈ প্ৰচলিত হৈ থাকিব সেয়া আজিৰ তাৰিখত অন্য এটা গুৰুত্বপূৰ্ণ কথা।  

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward