Thursday, March 28, 2024
Homeবাতৰিমেঘালয় আৰু মিজোৰামে মোডী চৰকাৰৰ কথাত উঠা–বহা নকৰে

মেঘালয় আৰু মিজোৰামে মোডী চৰকাৰৰ কথাত উঠা–বহা নকৰে

প্ৰকাশিত তাৰিখঃ ২১ জানুৱাৰী, ২০১৯

০ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু জোৰাম থাংগাৰ স্পষ্ট ভাষা –

০ অসমৰ পিচতে ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, মিজোৰামতো নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা –

চি এন ডেক্স

নাগৰিকত্ব বিধেয়কক লৈ যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মৌনতা অৱলম্বন কৰিছে সেইসময়ত মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে কনৰাড চাংমা আৰু জোৰাম থাংগাই সৱল প্ৰতিবাদ জনাইছে। উত্তৰ–পুৰ্বাঞ্চলৰ সুকীয়া পৰিচয়, সুকীয়া ভাষা–সংস্কৃতি ধ্বংস কৰি হিন্দু বাংলাদেশী সংস্থাপনত ৰাজ্যকেইখনৰ জনসাধাৰণে কেতিয়াও মানি নলয়। যোৱা ১৮ জানুৱাৰীত ৰাজ্য দুয়োখনৰ মুখ্যমন্ত্ৰীদ্বয়ে নতুন দিল্লীত গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি এইকথা স্পষ্টভাৱে  জনাই দিয়ে। ভৱিষ্যতে উত্তৰ–পূৰ্বাঞ্চললৈ বিপদ কঢ়িয়াই আনিব পৰা বিধেয়কখন অতিসোণকালে বাতিল কৰিবলৈও দাবী জনায়। আনকি বিধেয়কখন বিৰোধীতাৰ বাবে মুখ্যমন্ত্ৰী কনৰাড চাংমাই উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকল একত্ৰিত হোৱাৰ বাবে আহ্বান জনায়।

গৃহমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত নতুন দিল্লীত অনুস্থিত হয় এখন সংবাদমেল। উক্ত সংবাদমেলত মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু জোৰামা থাংগাই এইদৰে উল্লেখ কৰে– কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বিষয়টো বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। প্ৰয়োজনত উত্তৰ–পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুস্থিত কৰা হ’ব। লোকসভা অথবা ৰাজ্যসভাত নাগৰিক সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰয়োজন হ’লে উত্তৰ–পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক আহ্বান কৰাৰ কথাও প্ৰকাশ কৰে। 

বাংলাদেশীৰ সৰ্বাধিক প্ৰভাৱিত ৰাজ্য দুখন হ’ল অসম আৰু ত্ৰিপুৰা। মেঘালয়, নগালেণ্ড আৰু মণিপুৰতো বাংলাদেশীৰ প্ৰভাৱ আছে যদিও ই অসম বা ত্ৰিপুৰাৰ অৱস্থালৈ বহুদূৰ বাকী। তথাপিও অসম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে বিধেয়কখন সমৰ্থনৰ পক্ষত থিয় হোৱাৰ বিপৰীতে মেঘালয় আৰু মিজোৰাম মুখ্যমন্ত্ৰীয়ে তীব্ৰ বিৰোধীতা কৰিছে। অথচ মেঘালয়, নগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ চৰকাৰ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ।        

বিপৰীতে ৰাজ্যৰ বিজেপি শাসিত চৰকাৰখনে অসম আৰু অসমীয়া জাতিক ধ্বংস কৰি হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া নাগৰিকত্ব বিধেয়কখনৰ এইপৰ্যন্ত বিৰোধীতা কৰা নাই। বিধেয়কখন ৰাজ্যত বলৱৎ হ’লে অসমীয়া জাতি অধিক সুৰক্ষিত হ’ব বুলিহে চৰকাৰৰ বৰমূৰীয়াসকলে মন্তব্য কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, অসমৰ পিচতে ত্ৰিপুৰা আৰু মণিপুৰে বিধেয়কখনৰ বিৰোধীতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাত ৰাজ্য দুয়োখনৰ পৰিস্থিতি ক্ৰমাৎ অশান্ত হৈ পৰিছে। বিধেয়কখনৰ বিৰোধীতাৰে আন্দোলন কৰাত ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগণে শাসকীয় বাহিনীৰ গুলী খাব লগা হৈছে।

একেদৰে যোৱা ১১ জানুৱাৰী শুক্ৰবাৰে মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত বিধেয়কখনৰ বিৰোধীতাৰে উলিওৱা হয় এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা। সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰাত দুয়োপক্ষৰ মাজত হতাহতি হয়। প্ৰতিবাদীৰ যদ্ধংদেহী ৰূপ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ পৰ্যন্ত প্ৰয়োগ কৰিবলগীয়া হয়। গেছৰ শ্বেল লাগি বহুকেইজন প্ৰতিবাদী আহত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ।

অসমীয়া জাতিৰ ভোগ আৰু হেপাহৰ প্ৰতীক মাঘৰ বিহু। এই মাঘৰ মাহতে জাতিয়ে শুভ কামৰ আৰম্ভ কৰে। জাতীয়তাবাদী নেতাসকলৰ হাতত ক্ষমতা থকাৰ পিচত ৰাজ্যখনৰ বাবে, জাতিটোৰ বাবে কি শুভ কামৰ সূচনা কৰে সেয়া সময়েহে ক’ব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward