Thursday, April 25, 2024
Homeবাতৰিমেঘালয় আৰু মিজোৰামৰ নেতৃত্বত একত্ৰিত হ’ল উত্তৰ–পূৰ্বাঞ্চলৰ আঞ্চলিক শক্তি

মেঘালয় আৰু মিজোৰামৰ নেতৃত্বত একত্ৰিত হ’ল উত্তৰ–পূৰ্বাঞ্চলৰ আঞ্চলিক শক্তি

প্ৰকাশিত তাৰিখঃ ৪ ফেব্ৰুৱাৰী, ২০১৯

 

চি এন ডেক্স

জাতি–মাটি–ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে কেন্দ্ৰৰ শাসনভাৰ লাভ কৰা বিজেপি চৰকাৰৰ আৰু কেইটামান মাহৰ পিচত পাঁচ বছৰীয়া কাৰ্যকালৰ সমাপ্তি ঘটিব। অসমত যদি বিজেপিৰ চৰকাৰ হয় তেনেহ’লে তিনিমাহৰ ভিতৰত ৰাজ্যখনত থকা সকলোবোৰ বাংলাদেশী খেদিব, এয়া কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আছিল। এই প্ৰতিশ্ৰুতিমৰ্মে অসমৰ ৰাইজে বিজেপিকে ৰাজ্যখন চলোৱাৰ দায়িত্বভাৰ অৰ্পণ কৰিলে। কিন্তু গাদী দখলৰ পিচৰে পৰাই আৰম্ভ কৰি দিলে ধৰ্মৰ নামত মেৰু বিভাজন। বাংলাদেশী খেদাৰ সলনি এতিয়া বিভিন্ন দেশত নিৰ্যাতিত হিন্দুসকলক আনি ৰাজ্যখনত স্থায়ী সংস্থাপনৰহে পোষকতা কৰিছে। হিন্দু বাংলাদেশীক স্থায়ীত্ব প্ৰদান কৰিবলৈ নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ বাবে উঠি–পৰি লাগিছে কেন্দ্ৰৰ চৰকাৰখনে। সেয়ে এই বিধেয়ক গৃহীতৰ প্ৰৱল বিৰোধীতাৰে অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। 

উত্তৰ–পূৰ্বাঞ্চলজুৰি অব্যাহত থকা নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনখনক ঐক্যবদ্ধভাৱে আগবঢ়াই নিয়াৰ স্বাৰ্থত একত্ৰিত হ’ল ৰাজ্যকেইখনৰ দহটাকৈ অধিক আঞ্চলিক দ’ল। এই সন্দৰ্ভত যোৱা ২৯ জানুৱাৰী তাৰিখত গুৱাহাটীৰ পঞ্চতাৰকা হোটেল তাজ ভিভাণ্টাত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ আহ্বানমৰ্মে অনুষ্ঠিত হয় এখনি অভিৱৰ্তন। য’ত উপস্থিত আছিল কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্তৰ–পূব উন্নয়নৰ বাবে গঠন কৰি দিয়া ‘নেডা’ৰ অংশীদাৰী দল আৰু জনতা দলৰ(ইউ) প্ৰতিনিধি।

অভিৱৰ্তনৰ শেষত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়– আমাৰ এই ঐক্যবদ্ধ সংগ্ৰামৰ আঁৰত কোনো ৰাজনীতি নাই। উত্তৰ–পূবত অব্যাহত থকা নাগৰিকত্ব বিধেয়ক বিৰোধী আন্দোলনসমূহক একত্ৰিত ৰূপত সংগঠিত কৰাৰ বাবে আমি লগ লাগিছো। আমাৰ মাটি, আমাৰ মানুহক সুৰক্ষা দিবলৈ আমাৰ কণ্ঠবোৰো এক হ’ব লাগিব। সেয়ে আমি একত্ৰিত হৈছো। এই সন্দৰ্ভত আমি দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিম।

অভিৱৰ্তনত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই– নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে উত্তৰ–পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু পৰিচয়ৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব। এয়া আমাৰ দৃঢ় বিশ্বাস। সেয়ে আমি উত্তৰ–পূৰ্বাঞ্চলে ঐক্যবদ্ধভাৱে বিধেয়কখনৰ বিৰোধিতা কৰিছো– বুলি সংবাদমেলত ব্যক্ত কৰে।  

অগপৰ সভাপতি অতুল বৰাই ঐতিহাসিক সভাখনৰ নেতৃত্ববহনৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। অগপ দলে বিধেয়কখন আৰম্ভণিৰ পৰাই বিৰোধ কৰি আহিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰে যিকোনো প্ৰকাৰে বিধেয়কখন গৃহীত কৰিব বুলি জানি অৱশেষত দলটোৱে শাসকীয় চৰকাৰৰ সৈতে থকা বন্ধুত্ব ত্যাগ কৰে।

অভিৱৰ্তনত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যবাহী সভাপতি কেশৱ মহন্ত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামী, ফণীভূষণ চৌধুৰী, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, এন পি পি দলৰ উপ–সভাপতি পেৰেষ্টন টিনছং, সাধাৰণ সম্পাদক ভি ভি আৰ ৱাংখেল, ইউ ডি পিৰ সভাপতি তথা মেঘালয় বিধান সভাৰ অধ্যক্ষ ডনকুপাৰ ৰয়, মেঘালয়ৰ মন্ত্ৰী তথা এইচ এছ পি ডি পিৰ ছামলিন মালডিয়ানছ, পি ডি এফৰ সভাপতি ইভানলুমিয়াছ মাৰব’নিয়াং, কে এইচ এন এ এমৰ বিধায়ক এ নংগ্ৰুম, এইচ এছ পি ডি পিৰ সভাপতি কে পি পাংগাইং,  মণিপুৰৰ উপ–মুখ্যমন্ত্ৰী জয়কুমাৰ সিং, ত্ৰিপুৰাৰ আই পি টি এফ দলৰ বিধায়ক বি দেৱবাৰ্মা, সাধাৰণ সম্পাদক এম কুমাৰ জামাতিয়া, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, এন পি এফৰ বিধায়ক আই ইন্সেজ, বিধায়ক ছুম্বেন মুৰী, এন ডি পি পিৰ সভাপতি ছিংৱাং কন্যাক, উপ–সভাপতি নুংছাং আৰু সাধাৰণ সম্পাদক টি এল মেৰী আৰু জে ডি (ইউ)ৰ উত্তৰ–পূবৰ অধ্যক্ষ এন এছ এন লোথা উপস্থিত থাকে।

   

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward