Friday, April 19, 2024
Homeবাতৰিমেঘালয় চৰকাৰৰ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ প্ৰস্তুতি সম্পূৰ্ণ

মেঘালয় চৰকাৰৰ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ প্ৰস্তুতি সম্পূৰ্ণ

প্ৰকাশিত তাৰিখঃ ৭ ডিচেম্বৰ, ২০২০

চি এন ডেস্ক

আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে চলিত মাহতে আন্তঃৰাজ্যিক পাৰপত্ৰ (ইনাৰ লাইন পাৰ্মিট) প্ৰৱৰ্তন কৰিব। ইতিমধ্যে, ৰাজ্যখনত প্ৰৱেশ কৰিবপৰা মূলপথবোৰৰ তালাচী চকী নিৰ্মাণকে আদিকৰি চৰকাৰখনে সকলোধৰণৰ প্ৰশাসনিক ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।

উল্লেখযোগ্য যে, ক’ভিড কালত মেঘালয় চৰকাৰে ৰাজ্যখনত প্ৰৱেশ কৰিবপৰা সকলোবোৰ পথ বন্ধ কৰি দিছিল। অৱশ্যে, জৰুৰীকালীন প্ৰৱেশ কৰাসকলৰ ক্ষেত্ৰত তথ্য–পাতি পৰীক্ষা–নিৰীক্ষা কৰি ৰাজ্যখনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল। বৰ্তমান এই নিয়ম কিছু পৰিমাণে শিথিল কৰিছে যদিও নিৰ্ভৰযোগ্য তথ্য–পাতি অবিহনে ৰাজ্যখনত প্ৰৱেশৰ অনুমতি প্ৰদান নকৰে। চৰকাৰে ক’ভিড কালৰ পৰীক্ষা–নিৰীক্ষাৰ এই পদ্ধতিটোকে অলপ ইফাল–সিফাল কৰি আন্তঃৰাজ্যিক পাৰপত্ৰৰ ৰূপ দিছে।

সেই নিয়ম অনুসৰি– গুৱাহাটীৰ পৰা শ্বিলং গ’লে উমলিঙত, ৰাণী হৈ মাইৰাং, শ্বিলং, নংষ্টইন গ’লে অসম–মেঘালয় সীমান্তৰ শুকুৰবেৰীয়াত আৰু বৰাক উপত্যকাৰ পৰা অহা লোকসকলে আন্তঃৰাজ্যিক সীমান্তৰ তালাচী চকীত তথ্য–পাতিসমূহ লিপিবদ্ধ কৰিব লাগিব।

ইপিনে, মেঘালয় চৰকাৰে প্ৰৱৰ্তন কৰা আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাত বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব বৰাক উপত্যকাৰ লোকসকল। কিয়নো তেওঁলোকে মেঘালয়ৰ মাজেৰে অহাযোৱা কৰিব লাগে। বৰাকৰ পৰা গুৱাহাটী নতুবা গুৱাহাটীৰ পৰা বৰাকলৈ গ’লেও মেঘালয়ৰ মাজেৰেই যাব লাগিব। তেনেক্ষেত্ৰত আন্তঃৰাজ্যিক সীমান্তৰ প্ৰৱেশ দ্বাৰত যে অসমৰ লোকসকল হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব সেয়া নিশ্চিত। সেয়ে মেঘালয়ৰ তেনে ব্যৱস্থা কাৰ্যতঃ প্ৰতিবাদমুখৰ হৈ পৰিছে বৰাকৰ বিভিন্ন ব্যক্তি, দল–সংগঠনে।

আনহাতে, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদকে আদিকৰি বিভিন্ন দল–সংগঠনে দীৰ্ঘ দিনৰে পৰাই কৰি আহিছে। এই দাবী সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদ আৰু টাই আহোম ছাত্ৰ সন্থাই দেশৰ উচ্চতম ন্যায়ালয়ত সুকীয়া সুকীয়াকৈ আবেদন দাখিল কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে, কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া অসম চুক্তিৰ ষষ্ঠ দফা ৰূপায়ণ কমিটীখনেও ৰাজ্যখনত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল। লক্ষণীয়ভাৱে কেন্দ্ৰীয় অথবা ৰাজ্য কোনো এখন চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই। অসম–মেঘালয়ক বাদ দি উত্তৰ–পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে ইতিমধ্যে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা বাহাল আছিল। শেহতীয়াভাৱে আমাৰ চুবুৰীয়া মেঘালয়েও চলিত মাহতে এই ব্যৱস্থা প্ৰৱৰ্তন কৰিব। এই জটিল সন্ধিক্ষণত অসমৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News    

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward