Saturday, May 4, 2024
HomeNEWSৰাণীৰ পাট হালধীয়া পাহাৰৰ ৰঙামাটিৰ অবৈধ খনন কাৰ্যত জড়িতসকলৰ শাস্তি হ’বনে?

ৰাণীৰ পাট হালধীয়া পাহাৰৰ ৰঙামাটিৰ অবৈধ খনন কাৰ্যত জড়িতসকলৰ শাস্তি হ’বনে?

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট–

সম্প্ৰতি দক্ষিণ কামৰূপত পাহাৰৰ ৰঙামাটি, পথাৰ মাটি, বাম মাটি খনন কৰি জৈৱ–বৈচিত্ৰ্য নিয়ন্ত্ৰণত মুখ্য ভূমিকা লোৱা আমাৰ প্ৰাকৃতিক সম্পদ খাল–বিল, জলাশয়বোৰ পোতা কাৰ্য আৰম্ভ হৈছে। ইয়াৰ ফলত এসময়ৰ খাল–বিল, জলাশয়বোৰ বৰ্তমান কংক্ৰীটৰ চহৰ হৈ পৰিছে। লাহে লাহে এনেবোৰ কাৰ্যই ভয়ংকৰ দিশত গতি কৰিবলৈ লৈছে। চৰকাৰে এনেবোৰ কাৰ্যক নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰাত এই কাৰ্যৰ সতে জড়িত লোকসকল দুগুণ উৎসাহিত হৈ পৰিছে। পাহাৰ, সমতল অঞ্চলৰ মাটি খনন কৰি খাল–বিল, জলাশয় পুতি কংক্ৰীটৰ চহৰ গঢ়ি তোলা কাৰ্য প্ৰকৃততে এক অপৰিকল্পিত উন্নয়ন, এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। অপৰিকল্পিত তেনেবোৰ উন্নয়নে জৈৱ–বৈচিত্ৰ্যলৈ এক ভয়াৱহ সংকট নমাই আনিব ই সূৰ্যৰ পোহৰৰ দৰে সত্য। অথচ প্ৰকৃতিৰ ভঁৰাল স্বৰূপ দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত তেনে কাৰ্যই দৈনন্দিন চলিবলৈ লৈছে। (ৰাণীৰ পাট হালধীয়া পাহাৰৰ ৰঙামাটিৰ অবৈধ খনন কাৰ্যত জড়িতসকলৰ শাস্তি হ’বনে?)

উল্লেখনীয় যে– পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পাট হালধীয়া পাহাৰৰ তেনে এটি ঘটনা। অঞ্চলটোৰ পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত পূৰা মাত্ৰাই সহযোগ কৰি অহা পাহাৰখনত বন বিভাগৰ সেউজ সংকেটত একাংশ বেপাৰীয়ে চৌদিশৰ পৰা ৰঙা মাটি কটা আৰম্ভ কৰিছিল। এই সন্দৰ্ভত দৈনিক অসম কাকতত বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ পাইছিল। এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত নামনি অসমৰ মাণ্ডলিক বন সংৰক্ষকে অনুসন্ধান চলাইছিল। এই অনুসন্ধান কাৰ্যত পাহাৰখনত ভয়ংকৰ ৰূপত চলি থকা ৰঙামাটি খনন কাৰ্য পোহৰলৈ আহে। সেয়ে পৰৱৰ্তী সময়ত বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষই এক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিব পৰা গৈছিল। উক্ত ঘটনাত তদন্তৰ আওতালৈ আহিছিল নালাপাৰা আৰু শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়। সেয়ে ঊৰ্দ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ লগতে নালাপাৰা আৰু শুকুৰবেৰীয়া খণ্ড বন কাৰ্যালয়ৰ একাংশ বিষয়া–কৰ্মীয়ে পূব কামৰূপ বন সংমণ্ডল কাৰ্যালয়ত জবানবন্দী দিবলগীয়া হৈছিল। তেনে এক সময়তে সকলো পক্ষকে আচৰিত কৰি পাট হালধীয়া পাহাৰত পুনৰ ৰঙা মাটি খনন কাৰ্য আৰম্ভ হৈছিল। কেইবাদিন ধৰি পাট হালধীয়া গাঁৱৰ কাষত থকা চাপৰ পাহাৰখনত ৰঙা মাটি খনন কৰি শ শ ডাম্পাৰ গাড়ীৰে সৰবৰাহ চলি আহিছিল। যি হাৰত পাহাৰখনৰ মাটি কাটি ডাম্পাৰেৰে সৰবৰাহ কৰা হৈছিল হয়তো পাহাৰখন শেষ হ’বলৈ আৰু বেছিদিনৰ প্ৰয়োজন নহ’লহেঁতেন।

উল্লেখ্য যে অসীম ৰাভা নামৰ বেপাৰীজনে পাট হালধীয়া পাহাৰৰ এজন ব্যক্তিৰ ভূমি খননৰ বাবে বিভাগীয়ভাৱে অনুমতি লাভ কৰিছিল। কিন্তু অনুমতি লাভ কৰা ভূমিৰ খননৰ ম্যাদ কাহানিবাই উকলি গৈছিল। বিপৰীতে বন বিভাগ আৰু বেপাৰীৰ গোপন বুজাবুজিত ব্যাপক হাৰত অবৈধ খনন চলি আছিল। বন বিভাগ আৰু বেপাৰীসকলৰ অবৈধ কাৰ্য উদঙাই দি দৈনিক অসমত পুনৰ এক বাতৰি প্ৰকাশ পোৱাত সেই কাৰ্যও বন্ধ হৈ পৰিছিল।

উল্লেখযোগ্য যে, এক বিশেষ সূত্ৰে লাভ কৰা খবৰ মতে– পাট হালধীয়া পাহাৰৰৰ ৰঙামাটিৰ অবৈধ খননত জড়িত সকলক বিভাগীয় তদন্ত প্ৰক্ৰিয়াই চিনাক্ত কৰি উলিয়াইছিল। সেই অনুসৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত গ্ৰেড টু ফৰেষ্টাৰ হৰি প্ৰসাদ প্ৰধান, ফৰেষ্ট গাৰ্ড মনমোহন ৰাভা এই দুজন কৰ্মচাৰীৰ নাম ঘটনাটোৰ লগত প্ৰত্যক্ষভাৱে সাঙোৰ খাই পৰিছিল। বিভাগীয়ভাৱে সেই খবৰ ৰাজহুৱাকৈ প্ৰকাশ নকৰিলেও দুয়োজন কৰ্মচাৰীৰ শাস্তি প্ৰায় নিশ্চিত বুলিও জানিবপৰা গৈছিল। কিন্তু মাজ ভাগৰপৰা তদন্ত প্ৰক্ৰিয়াই গেথেলা মাৰি থাকিল। অৱশেষত তদন্তৰ ঘটনাই ওলোটাকৈহে খৰ মাৰিলে। যাৰ ফলত হৰি প্ৰসাদ প্ৰধানে শাস্তিৰ পৰিৱৰ্তে গ্ৰেড ওৱান ফৰেষ্টাৰলৈ পদন্নতি লাভ কৰি বৰ্তমান পূব কামৰূপ বন সংমণ্ডলত যোগদান কৰিছে আৰু অন্য এজন কৰ্মচাৰী মনমোহন ৰাভা এইপৰ্যন্ত ৰাণী বনাঞ্চলিক কাৰ্যালয়তে কৰ্মৰত হৈ আছে।

ইপিনে– ঘটনাৰ নিৰৱদৰ্শী বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীয়ো এ চি এফ বিষয়াৰূপে পদন্নতি লাভ কৰি গুৱাহাটীৰ ৰাজ্যিক জিৰিয়াখানাত যোগদান কৰা বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্দৰ্ভত ৰাইজে মুকলিভাৱে প্ৰশ্ন কৰিছে– পাট হালধীয়াৰ ৰঙামাটিৰ অবৈধ খনন কাৰ্যত অকল হৰি প্ৰসাদ প্ৰধান আৰু মনমোহন ৰাভাই দোষী আছিল নে? আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰা বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ ভূমিকা নিৰ্দোষী বুলি ক’ব পৰা যায় নেকি? ইমানখিনি ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতো পূব কামৰূপ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই বাৰু কিয় ৰহস্যজনকভাৱে নিৰৱতা অৱলম্বন কৰিছে! ৰাইজে এই প্ৰশ্নৰো উত্তৰ বিচাৰি ৰৈ আছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward