Monday, May 6, 2024
Homeবাতৰিশ্বিলঙত এছ বি আইৰ ডিজিটেল শাখা মুকলি

শ্বিলঙত এছ বি আইৰ ডিজিটেল শাখা মুকলি

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৬

 

চানডুবি নিউজ ডেক্স –

অলপতে মেঘালয়ৰ শ্বিলঙ চহৰত ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ ডিজিটেল শাখা এটা মুকলি কৰে। সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰত এইটোৱেই প্ৰথম আৰু একমাত্ৰ অত্যাধুনিক ডিজিটেল যুক্ত শাখা। মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঃ মুকুল চাংমাই উক্ত শাখাটো উদ্বোধন কৰে। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে– এই অত্যাধুনিক নতুন শাখাই সকলোবোৰ স্মাৰ্ট গ্ৰাহকক স্মাৰ্ট বেংকিঙৰ সুবিধা প্ৰদান কৰিব। লগতে বিত্তীয় ব্যৱস্থা প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব। উক্ত শাখাটোত ইণ্টাৰনেট বেংকিং, ইণ্টাৰনেট ছেভিংছ, ম’বাইল বেংকিং আদি সুবিধা সমূহ প্ৰদান কৰা হৈছে। গতিকে এতিয়াৰে পৰা এই সুবিধাসমূহ গ্ৰাহকসকলে লাভ কৰিব পাৰিব।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward