Friday, April 19, 2024
HomeUncategorizedশ্ৰমজীৱিৰ বিহু

শ্ৰমজীৱিৰ বিহু

প্ৰকাশিত তাৰিখঃ ১৭ এপ্ৰিল, ২০২৩

কল্প ৰঞ্জন গগৈ –

বিহু অসমীয়াৰ বাপতি–সাহোন, জাতীয় উৎসৱ ইত্যাদি ইত্যাদি। যথেষ্ট আবেগময় কথা। হেমাংগ বিশ্বাসে কৈছিল– যি আছে অসমত সকলো আছে বিহুত আৰু যি নাই অসমত সি নাই বিহুত। সেয়ে বিহু অসমৰ তথা অসমীয়াৰ দাপোণহে। জাতিটোৰ প্ৰাণময় দিশবোৰ প্ৰতিফলন হয় বিহুৰ মাধ্যমত। (শ্ৰমজীৱিৰ বিহু)

অৰ্থনীতি আৰু লগতে ৰাজনীতি হৈছে জাতিৰ বুনিয়াদ আৰু সংস্কৃতি হৈছে উপৰিসৌধ। এই উপৰিসৌধৰ মাধ্যমেৰে গম পোৱা যায় অসমীয়াৰ বৰ্তমানৰ ৰাজনীতি আৰু অৰ্থনীতিৰ স্বৰূপটো।

সময়ৰ লগে লগে যি পৰিৱৰ্তন হয় তাৰেই প্ৰতিফলন ঘটে সংস্কৃতিৰ মাধ্যমত। বিহু যে জনতাৰ সংগ্ৰামৰ লগত জড়িত তাকো গম পোৱা যায় বিহুৰ কাৰ্যসূচীৰ মাধ্যমত।

সময় পৰিবৰ্তনশীল, সমাজ গতিশীল। সেয়ে সময়ৰ লগে লগে পথাৰৰ বিহু মঞ্চ পালেহি। আৰু বৰ্তমানৰ উত্তৰ, উত্তৰ–আধুনিক যুগৰ অৰ্থনীতি–ৰাজনীতিৰ প্ৰতিফলন ঘটিছে বিহুত।

বিহু নিজেই সংগ্ৰামী জনতাৰ জীৱনৰ অংগ। প্ৰকৃতিৰ বিৰুদ্ধে সংগ্ৰামত, লগতে জীৱন সংগ্ৰামত যে মানুহে জয়লাভ কৰিবলৈ প্ৰতিজ্ঞা কৰে তাৰেই প্ৰতিফলন ঘটে বিহুনামত– নাচত। ইয়াৰ ভিতৰত যে এক আন্তৰিকতা আছে, বহুত্ববাদী সহযোগিতা আছে তাৰেই প্ৰমাণ হুচৰিৰ দৰে কাৰ্যসূচী।

জীৱনক ভাল পাবলৈ শিকাই বিহুৱে। লগতে প্ৰকৃতি– মানুহৰ আন্তৰিকতাৰ প্ৰতিফলন হয় বিহুৰ সমগ্ৰ কাৰ্যসূচীৰ মাজেদি। সেয়ে বিহুক বুজিবলৈ ইয়াক বহুমাত্ৰিক দৃষ্টিৰেহে চাব লাগিব। নহ’লে অন্ধৰ হস্তীদৰ্শনৰ দৰেহে হ’ব।

ইতিহাসৰ চালিকা শক্তি হৈছে মানুহ। এই মানুহৰ উৎপাদনশীল অংশৰ প্ৰতিফলন হয় বিহুৰ মাধ্যমত। একেসময়তে শ্ৰমজীৱি জনতাৰ লগতে এক পৰজীৱি শক্তিও যে বাস্তৱ তাকো দাঙি ধৰে বিহুৱে। সমাজখন বিকাশৰ কোনটো স্তৰত আছে তাকো তুলি ধৰে বিহুৱে। একেটা সময়তে মানুহৰ সমাজ নামৰ বস্তটোক পৰিৱৰ্তন কৰাৰ বতৰাও বিহুৰ মাজতেই আছে।

সেয়ে আমাৰ ধীমানসকলে তাহানিৰে পৰা বিহুৰ চৰিত্ৰ, ঐতিহ্য আদিৰ বিষয়ে নিজৰ নিজৰ দৃষ্টিৰে তুলি ধৰিছিল। বৰ্তমান সময়ৰ যি অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন বাস্তৱৰ প্ৰতিফলন ঘটিছে তাক বুজিবলৈ আজিৰ অসমীয়াই প্ৰকৃত দৰ্শনৰ সহায় ল’ব লাগিব। বৰ্তমানৰ উপভোক্তা সমাজখনৰ ফলন ঘটিছে বিহুৰ কাৰ্যসূচীত। সেয়ে মহানগৰৰ বিহুৰ কাৰ্যসূচীত সময়ৰ লগে লগে নতুন মাত্ৰা যোগ হৈছে।

আমাৰ কেৱল এটাই অনুৰোধ– বিহুক কৰি ৰাখক আন্তৰিক– মানৱিক। এই আন্তৰিকতা হৈ পৰক দীৰ্ঘস্থায়ী। যাতে অমানৱিক অপসংস্কৃতি জাতীয় জীৱনৰ ওচৰ চাপিব নোৱাৰে আমাৰ দৰে পিছপৰা সমাজ এখনৰ বাবে ইয়েই প্ৰয়োজনীয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward