Friday, March 29, 2024
Homeবাতৰিশ শ পখিলাৰ মৃত্যু নামবৰ অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় পথত

শ শ পখিলাৰ মৃত্যু নামবৰ অভয়াৰণ্যৰ ৰাষ্ট্ৰীয় পথত

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

নামবৰ–দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত যান–বাহনৰ চেপা–খুন্দাত নিতৌ মৃত্যু হৈছে বিৰল প্ৰজাতিৰ জাক জাক পখিলাৰ। বাতৰিটো জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি অশনি সংকেত স্বৰূপ। বিৰল আৰু বিচিত্ৰ প্ৰজাতিৰ ৰং–বিৰঙৰ পখিলাৰে ভৰ–পূৰ এই অভয়াৰণ্যখনৰ গৰমপানী অঞ্চল এতিয়া পখিলাৰ মৃত্যু উপত্যকাত পৰিণত হৈছে।

অসমৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নামবৰ অভয়ৰণ্যৰ মাজেৰে অতিক্ৰম কৰিছে। বিশেষকৈ গ্ৰীষ্মৰ কালছোৱাত ৰাতিপুৱাৰ পৰা গধুলিলৈকে বিৰল প্ৰজাতিৰ ব্লু জয়, কমল ব্লু বটল, অৰেঞ্জ অৱল, চৰডটেইল, কমল মাৰমণ, হেলেন, কমল বাৰ্ড উইং, ড্ৰেগন টেইল আদি জাক জাক পখিলাৰ ৰাজপথত অৱস্থান গ্ৰহন কৰা দৃশ্যই ঠাইখনকে অতি মনোমোহা কৰি তোলে। এই পখিলাবোৰকে এতিয়া ৰাষ্ট্ৰীয় পথেৰে চলাচল কৰা যান–বাহনে মহটিয়াই লৈ যোৱাত সমগ্ৰ পথছোৱা মৃত পখিলাৰে ভৰি পৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ।

উল্লেখযোগ্য যে, পখিলাসমূহে প্ৰজননৰ সময়ত নৈ–জান–জুৰি–নিজৰাৰ বালি–বোকাময় ঠাই, মুকলি বাট–পথ আদিৰ পৰা লৱণ সংগ্ৰহ কৰে। এই লৱণ সংগ্ৰহৰ উদ্দেশ্যে মুকলি ৰাষ্ট্ৰীয় ঘাইপথত পৰি ৰোৱা পখিলাৰ জাকবোৰে হঠাৎ উৰিব নোৱাৰাৰ ফলত যান–বাহনৰ চেপা–খুন্দাত মৃত্যু হৈছে। জানিব পৰামতে, নামবৰ অভয়াৰণ্য হেনো ২৫০ বিধৰো অধিক পখিলাৰ আবাসভূমি। সেই আবাসভূমিতে এতিয়া স্বাভাৱিক জীৱন–যাত্ৰাৰ বাবে কঠিন পৰিৱেশ–পৰিস্থিতিৰ মাজত দিন অতিবাহিত হ’ব ধৰিছে এইবোৰ পখিলাৰ জীৱন চক্ৰ।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtsey: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward