Thursday, March 28, 2024
HomeARTICLEসংবিধান, দেশীয় স্বায়ত্তশাসন ও ভৱিষ্যতৰ পৃথিৱী

সংবিধান, দেশীয় স্বায়ত্তশাসন ও ভৱিষ্যতৰ পৃথিৱী

প্ৰকাশিত তাৰিখঃ ২৮ ফেব্ৰুৱাৰী, ২০২২

কল্প ৰঞ্জন গগৈ–

সাহসেৰে কৈছো ভৱিষ্যতৰ পৃথিৱীৰ কথা– ইমান দ্ৰুতগতিৰে পৰিৱৰ্তন ঘটি থকা পৃথিৱীখন তীব্ৰ দ্বন্দৰ যোগেদি আগবঢ়া/ পিছপৰা পৃথিৱীখন আৰু এটা শতিকাৰ পিছত কি ৰূপ ল’ব তাক জীৱনৰ ছটা দশক অতিক্ৰম কৰা সকলে ক’ব নোৱাৰিব পাৰে চুটি দৃষ্টিৰ বুদ্ধিজীৱিসকলে উট পক্ষীৰ দৰে বালিত মুৰ গুজি থাকিব পাৰে, ক্ষমাহীন সময়ত পতনশীল দুস্কৃতিক সমৰ্থন জনাব পাৰে কিন্তু বিভ্ৰান্তিৰ পৰা মুক্ত আত্মসমৰ্পন নকৰা, প্ৰশ্নৰ ওপৰি প্ৰশ্ন কৰি যোৱা ‘প্ৰতিবাদী বিকৰ্ণ’ সকলেহে ভৱিষ্যতক আদৰি আনিব।

সম্পূৰ্ণ দুবছৰ এঘাৰ মাহ ওঠৰ দিনৰ মুৰত মাননীয় সংবিধানখনৰ খচৰা প্ৰস্তুত কৰি ২৬ জানৱাৰী ১৯৫০ চনত গণতান্ত্ৰিক গণৰাজ্যখন স্থপন কৰা হৈছিল। লক্ষ্য আছিল এখন পৰিপূৰ্ণ সাধাৰণতন্ত্ৰ। বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ সভাপতিত্বত থকা এই সংবিধান সমিতিৰ সদস্যসকল আছিল এন মাধৱ ৰাও, চৈয়দ মহম্মদ চাদুল্লা, আলাহি কৃষ্ঞস্বামী আয়াৰ, চাৰ বি এন ৰাও, এচ এন মুখাৰ্জী, যুগল কিশোৰ খান্না আৰু কেৱল কৃষ্ঞন (উৎস– হিন্দু ২৪–০২–২০২২)

আজি তেনেংগানাৰ মুখ্যমন্ত্ৰীজনে এই সংবিধানখনৰ অতিকেন্দ্ৰীক চৰিত্ৰই ভাৰতবৰ্ষৰ ৰাজ্যসমুহক টেটু চেপি ধৰা বুলি অভিযোগ আনি এখন নতুন সংবিধানৰ পোষকতা কৰিছে। ভাৰতৰ সংবিধানখন পুনৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ‘সংবিধান পৰ্যালোচনা কমিটি’ গঠন কৰিছিল কুৰি শতিকাত। তাৰ অৰ্থ স্পষ্ট– কেন্দ্ৰীয় চৰকাৰে তেতিয়াই স্বীকাৰ কৰি কৈছিল যে ভাৰতবৰ্ষৰ অস্থিৰ অৱস্থাৰ মূল কাৰণসমূহ সংবিধান খনতেই নিহিত হৈ আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ ১২ মাৰ্চত চিহ্নিত কৰিছিল সংবিধানখনৰ অতিকেন্দ্ৰীক চৰিত্ৰ আৰু সেয়ে ৰাজ্যখনত পূৰ্ণ স্বায়ত্তশাসন/ স্বনিয়ন্ত্ৰণৰ অধিকাৰৰ কথা কৈছিল। সেই সময়ৰ জাতীয়তাবাদী বক্তব্য আছিল– The growth of excessive centralization is leading in practice blood pressure at the center and anaemia at the periphery কেন্দ্ৰত ৰক্তচাপ– বাহিৰত ৰক্তহীনতা।

আজিৰ অসম দেশৰ ভিতৰত বহু তলত স্বাধীনতা প্ৰাপ্তিৰ সময়ত দেশৰ ভিতৰত অসমৰ স্থান তৃতীয়। ১৯৬০–৬১ চনত ষষ্ঠ, ১৯৯৩–৯৪ চনত দশম আৰু তাৰ পিছত? কোভিডৰ পিছত? ভাষণেৰে, বোকা ছটিওৱা ভেদ ৰাজনীতিৰে, খণ্ডিত চিন্তাৰে কোনোধৰণৰ জাগৰণ অসম্ভৱ। ইয়াৰ বাবে লাগিব সঠিক চিন্তাৰ সংঘৰ্ষ নৱনিৰ্মাণৰ বাবে– Root and Branch Reform।

কোভিডৰ পিছত যি বিশ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি সঠিক কৰ্মসূচী লাগিব– কৰ্মী বাহিনী লাগিব– একেবাৰে তৃণমুলৰ পৰা। অতিকেন্দ্ৰীভূত পৰিস্থিতিত আমি যিমানেই কেন্দ্ৰীমুখী হম সিমানেই আমাৰ ৰক্তহীনতা বাঢ়িব আৰু গোটেই সমাজখনেই দুৰ্বল হৈ পৰিব– মানে দুৰ্বলতা আৰু বাঢ়িব। আজি দুৰ্বলতা– অস্থিৰতা ভিতৰি ভিতৰি। আমাৰ নেতাগণে হয় বিশ্লেষণ কৰিব পৰা নাই অথবা– hijack অপহৰণ কৰা হৈছে।

আজি সমগ্ৰ বিশ্ব বিভ্ৰান্ত নে বিচ্যুত? ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীক নিয়ন্ত্ৰিত কৰিবলৈ– ২৪–১০–১৯৪৫ চনত। তাৰ পিছত পৃথিৱী বিভৎস কাণ্ডবোৰক গৰিহণা জনাবলৈ। কিন্তু চুবুৰীৰ বাংলাদেশ যাক ভাৰতীয় সৈন্য বাহিনীয়ে পাকিস্তানৰ হত্যালীলাৰ পৰা মুক্ত কৰিছিল ১৯৭১ চনত সেইক্ষেত্ৰত ৰাষ্ট্ৰসংঘ টোপনিত লালকাল। ২৫ মাৰ্চ ১৯৭১ চনৰ নিশাৰ পৰা সম্পূৰ্ণ ন মাহ জুৰি পাকিস্তানী ৰাজাকাৰ, আল–বদৰ বাহিনীয়ে ৩ নিযুত (3 million)মানুহ হত্যা, ৩ লাখ নাৰী ধৰ্ষণ, অগ্নিসংযোগ, বাংলাদেশৰ শ্ৰেষ্ঠ বুদ্ধিজীৱি সকলক হত্যা কৰা হৈছিল। সেই সময়ত পাকিস্তানৰ পক্ষত প্ৰৱল শক্তিশালী গণতান্ত্ৰিক মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পূব পাকিস্তানৰ পক্ষত ছোভিয়েট দেশ আৰু ভাৰতবৰ্ষ। ইন্দিৰা গান্ধী, ছেম মানেকশ্বৰ নেতৃত্বত ভাৰতীয় সৈন্য বাহিনীৰ পূৱ পাকিস্তান দখল আৰু বাংলাদেশ হিচাপে মুক্ত। সেই সময়ত ধৰ্ম নিৰ্বিশেষে দহ নিযুত মানুহৰ ভাৰতবৰ্ষত আশ্ৰয়। এই কথা ৰাষ্ট্ৰসংঘই কিয় পাহৰিলে সেয়া মোৰ বাবে সাঁথৰ।

সকলো খেলিমেলি নেওঁচি আমি ভৱিষ্যতৰ ভাৰতবৰ্ষ তথা পৃথিৱীৰ বাবে প্ৰশ্ন কৰিম সাহসেৰে– প্ৰথমে অসমীয়া হিচাপে দেশৰ সংবিধান আৰু সুন্দৰ বিশ্বৰ বাবে ৰাষ্ট্ৰসংঘক।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubinews

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward