Friday, April 26, 2024
HomeNEWSমুদুকীৰ সুঁৱৰি উৎসৱে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনক   

মুদুকীৰ সুঁৱৰি উৎসৱে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনক   

প্ৰকাশিত তাৰিখঃ ২৭ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

সমন্বয়ৰ বাৰ্তাৰে ২৬ এপ্ৰিলত দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমান্তৰ মুদুকী খেলপথাৰত আঞ্চলিকভাৱে সুঁৱৰি উৎসৱ উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি– পৰম্পৰাগতভাৱে চলি অহা এই সুঁৱৰি উৎসৱত মাংগলিক পৰ্ব শান্তি জলেৰে শুদ্ধিকৰণৰ পিছত গোসাঁইৰ থাপনা প্ৰতিস্থা কৰা হয়। ইয়াৰ পিছত মুদুকী খণ্ড বন কাৰ্যালয়ৰ কৰ্মচাৰী বৃন্দৰ দ্বাৰা বৃক্ষ ৰোপন কৰা হয়।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন ৰাভাই সুঁৱৰি উৎসৱৰ মুখ্যদ্বাৰ মুকলি কৰাৰ পিছত বিয়লি ভক্তি ৰসেৰে গোসাঁই স্থাপন কৰা হয়। সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি বিয়লি হাতী আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা আয়োজন কৰে। লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চেমিম আখটাৰে হাতী দৌৰ আৰু সাংবাদিক গিৰীন্দ্ৰ কলিতাই ঘোঁৰা দৌৰ প্ৰতিযোগিতা উদ্ধোধন কৰে।

উল্লেখযোগ্য যে, সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তাৰে ২০১২ চনৰ পৰা সুঁৱৰি উৎসৱৰ দিনটোত হাতী আৰু ঘোঁৰা দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছিল। সুঁৱৰি উদ্‌যাপন সমিতিৰ প্ৰাক্তন সভাপতি গোবিন্দ ৰাভাই এইকথা প্ৰকাশ কৰে। উক্ত সুঁৱৰি উৎসৱৰ বাকৰিত অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ নৃত্য–গীত–মাতেৰেও মুখৰ হৈ পৰে।

সুঁৱৰি উৎসৱত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰশ্মিবালা ৰাভাই নিমন্ত্ৰিত অতিথিৰূপে অংশ গ্ৰহণ কৰে। লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাছি লোকসকলৰ অংশ গ্ৰহণে সুঁৱৰি উৎসৱক জাকত–জিলিকা কৰি তোলে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward