Friday, March 29, 2024
HomeNEWSৰাণী বনাঞ্চলিক কাৰ্যালয়ত বিদায় সম্বৰ্ধনা অনুষ্ঠান

ৰাণী বনাঞ্চলিক কাৰ্যালয়ত বিদায় সম্বৰ্ধনা অনুষ্ঠান

প্ৰকাশিত তাৰিখঃ ২৭ ফেব্ৰুৱাৰী, ২০২৩  

পূৱ কামৰূপ বন সংমণ্ডল অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত উপ–বন সংপালক কৰুণাকান্ত তালুকদাৰ আৰু বনপালক– ২ হেমেন দাসৰ চাকৰিকাল আজি অন্ত পৰে। এই উপলক্ষে আজি বনাঞ্চলিক কাৰ্যালয়ত বিভাগীয়ভাৱে এক বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত পূৱ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া (আই এফ এছ) ৰোহিনী বল্লভ শইকীয়া, এচিএফ ক্ৰমে– পুষ্পধৰ বৰগোহাঁই, জয়ন্ত নাথ, ৰাণী বনাঞ্চলিক বিষয়া জয়ন্ত কুমাৰ গোস্বামী, অসম বন কৰ্মচাৰী সন্থাৰ উপদেষ্টা পুলীন মহন্ত, সভাপতি হোমেন পেগু, স্থানীয় সমাজ সেৱক অপূৰ্ব গোস্বামী লগতে বিভাগটোৰ বহুসংখ্যক বনকৰ্মচাৰী উপস্থিত থাকে। বিদায়ী কৰ্মচাৰী দুজনক গামোচা, জাপি, ফুলৰ থোপা, মানপত্ৰ, শৰাই, ছাতি, ধৰ্ম গ্ৰন্থ, ঘড়ী আদিৰে সম্বৰ্ধনা জনোৱা হয়। লগতে কৰ্মচাৰী দুয়োগৰাকীৰ সহঃধৰ্মীনিকো সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্যযোগ্য যে, ১৯৮৫ চনৰ ১৫ চেপ্তেম্বৰত উপ–বন সংপালক কৰুণাকান্ত তালুকদাৰ আৰু ১৯৮৩ চনৰ ১৫ জুনত হেমেন দাসে বন বিভাগৰ চাকৰিত যোগদান কৰিছিল।

সংবাদ আৰু ফটোঃ ধৰ্মেন্দ্ৰ দাসৰ সৌজন্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward