Thursday, March 28, 2024
HomeUncategorizedসাতপাৰাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ কামৰূপ জিলা সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক অধিবেশন

সাতপাৰাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ কামৰূপ জিলা সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক অধিবেশন

প্ৰকাশিত তাৰিখঃ ৭ ফেব্ৰুৱাৰী, ২০২২

চি এন ডেস্ক –

ৰাভা হাছং পৰিষদীয় এলেকাৰ ষষ্ঠ অনুসূচী দাবী সমিতিৰ কামৰূপ জিলা সমিতিৰ ৬ষ্ঠ ত্ৰি–বাৰ্ষিক অধিবেশন অহা ১২ আৰু ১৩ মাৰ্চত ছয়গাঁৱৰ সাতপাৰা খেলপথাৰতআৰম্ভ হ’ব। ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও ৰাভা মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ যৌথ উদ্যোগত আৰু সাতপাৰা আঞ্চলিক যুৱক সংঘ, সাতপাৰা আঞ্চলিক উন্নয়ন সমিতিৰ সহযোগত এই অধিবেশন আয়োজন কৰিছে।

অধিবেশনৰ লগত সংগতি ৰাখি চতুৰ্দশ বাৰ্ষিক মদন চন্দ্ৰ ৰাভা সোঁৱৰণী ভলীবল প্ৰতিযোগিতাখনো আয়োজন কৰিছে। আয়োজকসকলে প্ৰতিযোগিতাখনত ট্ৰফীৰ সৈতে ২০ হাজাৰ ১টকা প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ ১৫ হাজাৰ ১টকা লগতে ট্ৰফী আৰু শ্ৰেষ্ঠ খেলুৱৈক ২ হাজাৰ ১টকা লগতে ট্ৰফী প্ৰদান কৰিব।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই অধিবেশনৰ লাইখুটা স্থাপন কৰে। ৬ ফেব্ৰুৱাৰীত এই উপলক্ষে অনুষ্ঠিত কাৰ্যসূচীত সংগঠনকেইটাৰ বিষয়–ববীয়া আৰু ৰাইজ উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward