Wednesday, April 17, 2024
HomeARTICLEসাথো কলিতাই এই জনমত চৰকাৰী আঁচনিৰ মুখ দেখিবনে?

সাথো কলিতাই এই জনমত চৰকাৰী আঁচনিৰ মুখ দেখিবনে?

প্ৰকাশিত তাৰিখঃ ৫ অক্টোবৰ, ২০২১

চি এন ডেস্ক

সাথো কলিতা, পলাশবাৰী সমষ্টিৰ আমৰাঙ্গা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজকুছি গাঁৱৰ বাসিন্দা। প্ৰায় ষাঠিৰ দেওনা গৰকা অবিবাহিতা মহিলাগৰাকীৰ বাবে পৰিয়াল বুলিবলৈ আগে–পিছে কোনো নাই। দৈনিক আনৰ ঘৰত কাম–বন কৰি ভাত মুঠিৰ যোগাৰ কৰে। মানুহে হেনো এই দুৰ্ভগীয়া মহিলাগৰাকীকহে ভাগ্যৱতী বুলি অভিহিত কৰিব খোজে। নিজ হাতৰ উপাৰ্জনেৰে ৰান্ধি–বাঢ়ি খোৱাৰ সমান আনন্দ, স্বাধীনতা কাৰ আছে বুলি! ওপৰে ওপৰে ভাবিলে মহিলাগৰাকীৰ অপাৰ স্বাধীনতা থকা যেনেই লাগে। নে কোনোই বাধা দিব, নে কোনোবাই অশান্তি দিব। কিন্তু এদিন উপাৰ্জন কৰিব নোৱাৰিলেই সকলোবোৰ ওলোট–পালট লাগি যায়। উপাৰ্জন কৰিব পৰা ব’ল–শক্তিৰ সম্পৰ্ক বয়সৰ লগত জড়িত থাকে। গতিকে বয়স যোৱাৰ লগেলগে উপাৰ্জন কৰিব পৰা বল–শক্তি অটুট থাকিব জানো? যদি উপাৰ্জন কৰিব পৰা ব’ল–শক্তিয়েই অটুট নাথাকে তেনেহ’লে নিজ হাতে ৰান্ধি–বাঢ়ি খোৱা–বোৱাৰ স্বাধীনতা, আনন্দ থাকিবনে?

সাথো কলিতাই জৰাজীৰ্ণ পঁজা এটাত বসবাস কৰে। সেইটোকো যোৱা বৰ্ষৰ কোনোবা এটা ধুমুহাই উৰাই লৈ গৈছিল। গাঁওখনৰ কেইজনমানলোকে ঘৰটো মেৰামতি কৰি কোনোমতে থাকিব পৰা ব্যৱস্থা এটা কৰি দিয়ে। জীৱনৰ যিকেইটা বসন্ত গৰকিলে সেয়া ভগা পজাটিৰ পৰাই পাৰ কৰিছে। ভোটাধিকাৰ লাভ কৰা দিন ধৰি সাথোই ভোটদান কৰি আহিছে। সাথোহঁতৰ দৰে মানুহ নিৰ্বাচনৰ সময়ত বৰ প্ৰাসংগিক হৈ পৰে। প্ৰয়োজন নাথাকিলে সাথোৰ ভগা পঁজাত গাঁৱৰ কোনেও ভৰি নিদিয়ে। প্ৰয়োজন থাকিলেও বাটৰ পৰাই কথাবোৰ কৈ উভতি আহে, চোতাল গৰকি নাপায়। কিন্তু নিৰ্বাচনৰ সময়ত সাথোৰ চোতালত মানুহ গোট খায়। ভোট কাক দিব লাগিব, কাক দিব নালাগিব সেয়া সাথোক বুজায়। নিৰ্বাচনৰ পাছত বহু কিবাকিবি আঁচনিত নাম অন্তৰ্ভূক্ত কৰিব বুলি আশা দিয়ে। কিন্তু আশাবোৰে কেতিয়াও বাস্তৱ ৰূপ নলয়। কাৰণ নিৰ্বাচন পাৰ হোৱাৰ পাছত সাথোহঁতৰ দৰে মানুহৰ কোনো মূল্য নাথাকে। ৰাজনৈতিক নেতা–পালিনেতাসকলৰ মাজত স্বজন–তোষণ আৰম্ভ হয়।

অসম চৰকাৰে দুখীয়া লোকৰ কাৰণে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। বিশেষকৈ অবিবাহিত মহিলাসকলৰ কাৰণে। চৰকাৰে ঘোষণা কৰা আঁচনিবোৰৰ বাবে সাথোহঁতেই উপযুক্ত হিতাধিকাৰী হ’ব লাগে। কিন্তু শাসকীয় পক্ষৰ বিধায়কসকলৰ নেতা–পালিনেতাসকলৰ স্বজন–তোষণৰ বাবে প্ৰয়োজন নোহোৱা সত্বেও তেনেবোৰ ব্যক্তিৰ হাতলৈ চৰকাৰী আঁচনিবোৰ গুচি গৈছে। যাৰ ঘৰৰ প্ৰয়োজন নাই তাক ঘৰ দিয়া হৈছে। উপাৰ্জন সূচল থকা লোককো পেঞ্চন দিয়া হৈছে। প্ৰয়োজনীয় গেছৰ সংযোগ থকাৰ পাছতো নতুনকৈ দিয়া হৈছে। এই সকলোবোৰ আঁচনিৰেই সাথোৰ বাবে প্ৰয়োজন। কিন্তু ইমানবোৰ চৰকাৰী আঁচনি থকাৰ পাছতো সাথোই কোনো এখন আঁচনিৰ মুখ আজিলৈকে দেখা নাই। বিগত বছৰবোৰত প্ৰতিগৰাকী বিধায়ককে এনেবোৰ চৰকাৰী আঁচনি লাভৰ বাবে আবেদন–নিবেদন কৰিছিল কিন্তু কোনো ফল নাপালে। বৰ্তমানৰ বিধায়কগৰাকীৰ হাততো ইতিমধ্যে আবেদন দাখিল কৰিছে। কিন্তু শাসকীয় বিধায়কগৰাকীয়ে মহিলাগৰাকীৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে প্ৰমাণ হ’ব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward