Friday, May 3, 2024
HomeNEWSপলাশবাৰীৰ চুমি কলিতাৰ সাফল্য অৰ্জন

পলাশবাৰীৰ চুমি কলিতাৰ সাফল্য অৰ্জন

প্ৰকাশিত তাৰিখঃ ২২ জানুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট

ৰাজ্য চৰকাৰৰ সাংকৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত বিষ্ণু ৰাভা, জ্যোতি, ভূপেন্দ্ৰ আৰু ৰৱীন্দ্ৰ সংগীত প্ৰতিযোগিতাত দক্ষিণ কামৰূপৰ পলাশবাৰীৰ হুদুমপুৰ গাঁৱৰ চুমি কলিতাই জিলা পৰ্যায়ৰ ৰাভা সংগীতত প্ৰথম আৰু ভূপেন্দ্ৰ সংগীতত দ্বিতীয় স্থান অধিকাৰেৰে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখনীয় যে গাঁৱে-ভূঞে, চহৰে-নগৰে, পাহাৰে-ভৈয়ামে থকা অখ্যাত শিল্পীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই প্ৰতিযোগিতাসমূহৰ আয়োজন কৰিছিল।

উক্ত প্ৰতিযোগীসকলক প্ৰথম পৰ্যায়ত পঞ্চায়ত ভিত্তিত নিৰ্বাচন কৰা হয়। পঞ্চায়ত পৰ্যায়ত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকলক ১৭ আৰু ১৮ জানুৱাৰীত উত্তৰ কামৰূপৰ দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত জিলাভিত্তিত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।

জিলাপৰ্যায়ৰ প্ৰতিোগিতাত স্থান লাভ কৰা পলাশবাৰীৰ চুমি কলিতাক ২০ জানুৱাৰীত কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলা উন্নয়ন আয়ুক্তৰ উপস্থিতিত বঁটাসমূহ প্ৰদান কৰে।

ইপিনে, ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহো অতি সোনকালে অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। চুমি কলিতা শিক্ষক তথা সমাজকৰ্মী অনিল কলিতা আৰু চিত্ৰা কলিতাৰ জীয়ৰী।

চুমি কলিতাৰ সাফল্যত আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু’ৰ মহানগৰ সমিতি, ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপকে ধৰি বহু সংখ্যক দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward