Saturday, April 20, 2024
Homeবাতৰিইণ্ডো–ম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ চাৰিখন ৰাজ্যৰ বাসিন্দাই লাভ কৰিব

ইণ্ডো–ম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ চাৰিখন ৰাজ্যৰ বাসিন্দাই লাভ কৰিব

প্ৰকাশিত তাৰিখঃ ২২ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

বৈদেশীক ৰাষ্ট্ৰ ম্যানমাৰ (বাৰ্মা)ত প্ৰৱেশ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম এই চাৰিখন ৰাজ্যৰ স্থানীয় বাসিন্দাসকলে অনুমতি লাভ কৰিব। দুয়োখন ৰাষ্ট্ৰৰ সীমান্ত অঞ্চলত বসবাস কৰা স্থানীয় লোকসকলক অহা–যোৱাত সুবিধা হোৱাকৈ প্ৰদান কৰিব ইণ্ডোম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে সীমান্ত অঞ্চলৰ ১৬ কিলোমিটাৰ ব্যাসাৰ্ধত বাসকৰা নাগৰিকসকলকহে প্ৰদান কৰিব এই প্ৰৱেশ পত্ৰ। সংশ্লিষ্ট অঞ্চলসমূহত বসবাস কৰা নাগৰিকসকলক ইণ্ডোম্যানমাৰ সীমান্ত প্ৰৱেশ পত্ৰ দিবলৈ ৰাজ্যকেইখনৰ চৰকাৰক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। তদুপৰি অতি সোনকালে সীমান্ত অঞ্চলৰ বাসিন্দাসকলক আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিছে।

দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া দেশৰ গণতন্ত্ৰ দিৱসত এইবাৰ মুখ্য অতিথিৰূপে উপস্থিত থাকিব ম্যানমাৰৰ ৰাষ্ট্ৰপতি আং ছান ছ্যু কী। বিদেশী ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ কালছোৱাতে দুয়োদেশৰ মাজত হ’বলগীয়া চুক্তি এখনত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰিব বুলিও জনা গৈছে।

সম্প্ৰতি সীমান্তৰে প্ৰৱেশ কৰি অৰ্থনৈতিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত ভাৰত–ম্যানমাৰৰ মাজত হ’বলগীয়া চুক্তিখন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে। সেয়ে সীমান্তৰ সিপাৰত চলি থকা বিদ্ৰোহীৰ কাৰ্যকলাপ ৰোধ আৰু অবাধ হাৰৰ চোৰাং ব্যৱসায়ীৰ প্ৰৱেশ বন্ধ কৰিবলৈ ভাৰতে পূৰ্বৰে পৰা দাবী উত্থাপন কৰি আহিছিল। তাৰ পৰিপ্ৰেক্ষিতত সীমান্তৰ বাসিন্দাসকলক এই বিশেষধৰণৰ প্ৰৱেশ পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ভাৰত–ম্যানমাৰ সীমান্তৰ উত্তৰ–পূবৰ এই চাৰিখন ৰাজ্যৰ ১৬৪৩ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত। অৰুণাচল প্ৰদেশত ৫২০ কিলোমিটাৰ, মণিপুৰত ৩৯৮ কিলোমিটাৰ, নাগালেণ্ডত ২১৫ কিলোমিটাৰ আৰু মিজোৰামত ৫১০ কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈ পৰি আছে। 

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward