Friday, March 29, 2024
HomeARTICLEৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ গাৰোপাৰা দামা শিলত বনৰীয়া হাতীৰ উপদ্ৰৱ

ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ গাৰোপাৰা দামা শিলত বনৰীয়া হাতীৰ উপদ্ৰৱ

প্ৰকাশিত তাৰিখঃ ১২ ছেপ্টেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

এনেই মৰিছো ঋষিৰ শাপত আৰু দিছা জুইৰ ভাপত– ঋষিৰ শাপত মৰিছেই তাৰপিচতো জুইৰ ভাপ দিলে এজন মানুহৰ অৱস্থা কেনে হ’ব পাৰে! অনুমান কৰক চোন। অসমৰ মানুহক বাৰিষাৰ বানেও মাৰে আৰু খৰাঙেও মাৰে। ৰাজ্যখনৰ এটা ফালে বানৰ কৱলত খেতিয়েই কৰিব নোৱাৰিলে আনটো ফালে খেতি কৰিছে যদিও খৰাঙত ই দহি গৈছে। সপ্তাহটোৰ যোৱা দুটা দিনৰ পৰা কিছু পৰিমাণে বৰষুণ পৰাৰ ফলত খেতিপথাৰৰ ধান সেউজীয়া ৰূপ ল’ব ধৰিছিলহে মাত্ৰ। কিন্তু তেনে সময়তে বনৰীয়া হাতীৰ জাকে এফালৰ পৰা শেষ কৰি গ’ল। ঘটনাটো ঘটিছে পশ্চিম গুৱাহাটী সমষ্টিৰ গাৰোপাৰাৰ দামা শিলত। দামা শিল অঞ্চলটো বিভাগীয়ভাৱে পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত। উল্লেখ্য যে, সৰুপানী–বগডোবা পথৰ দুয়ো কাষে শ শ বিঘা কৃষি ভূমি আছে। উক্ত খেতিপথাৰ সমূহত বিগত বৰ্ষৰ পৰা চলি থকা বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত বহু খেতিয়কে খেতি কৰিবলৈ বাদ দিছে। যিসকলে খেতি কৰি আহিছে তেওঁলোকৰ দূৰ্দশা নিশ্চয় ছবিত দেখিয়েই অনুমান কৰিব পাৰিছে। সম্বলহীন কৃষকসকলে কিবা উপায়েৰে ধান কেইডাল পুতিছিল, কিন্তু সেইকেইডালকো হাতীয়ে শেষ কৰিলে। অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ এটি পুৰণি সমস্যা। শুনা যায়, বনৰীয়া হাতীৰ উপদ্ৰৱ নিৰাময়ৰ বাবে বন বিভাগে গ্ৰহণ কৰা বহু পদক্ষেপৰ বিষয়ে। তৎসত্বেও বনৰীয়া হাতীৰ উপদ্ৰৱত খেতিয়কৰ খেতিপথাৰ উচন হৈয়েই আছে। বৰঞ্চ এই সমস্যা হ্ৰাস পোৱাৰ সলনি ই দিনে দিনে বাঢ়ি গৈহে আছে। বিষয়টো অতি গুৰুত্বপূৰ্ণই নহয় ই চিন্তনীয়ও। এতিয়া সম্বলহীন খেতিয়কৰ যন্ত্ৰণা কোনে বুজিব! যি সময়ত বন বিভাগে নিজৰ সম্পতি গছ–গছনি, মাটি–বালি–শিলক সুৰক্ষা দিব পৰা নাই তেনেক্ষেত্ৰত খেতিয়কৰ খেতিপথাৰ সুৰক্ষা দিবলৈ সক্ষম হ’ব নে? সেয়ে বঞ্চিত খেতিয়কসকলে নিজক নিজে সান্তনা লভিব লগা হৈছে।

শিৰোনামৰ ফটোঃ দেৱজিৎ ৰাভাৰ সৌজন্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward