Friday, April 26, 2024
HomeNEWSৰাণীৰ বাকাৰাপাৰা গাঁৱত এটি বনৰীয়া হাতীৰ মৃত্যু

ৰাণীৰ বাকাৰাপাৰা গাঁৱত এটি বনৰীয়া হাতীৰ মৃত্যু

প্ৰকাশিত তাৰিখঃ ১১ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বাকাৰাপাৰা গাঁৱৰ বাসিন্দা ধৰ্মেশ্বৰ বড়োৰ বাৰীৰ কাষত আজি পুৱতি নিশা পুনৰ এটি বনৰীয়া হাতীৰ মৃত্যু ঘটে। প্ৰায় ২০বছৰীয়া মখনা হাতীটো কি কাৰণত মৃত্যু ঘটিল এই পৰ্যন্ত তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, বিগত ২০২০ বৰ্ষত এই বাকাৰাপাৰা গাঁওখনতেই বৈদ্যুতিক তাঁৰত স্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছিল। পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এই অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে বিভিন্ন গাঁৱৰ লোকসকলে ধানখেতি বাদ দিবলগীয়া হৈছে।

বাকাৰাপাৰাৰ বাসিন্দা ধৰ্মেশ্বৰ বড়োই জনোৱা মতে– গাঁওখনৰ কাষৰ পাহাৰখনত বনৰীয়া হাতীৰ এটি বৃহৎ জাক আছে। সেই জাকটোৰ পৰা ভাঙি আহি সৰু সৰু গোটত বিভক্ত হৈ বনৰীয়া হাতী গাঁৱত প্ৰৱেশ কৰি বিভিন্ন লোকৰ খেতিবাতি তহিলং কৰে। পাহাৰত থকা হাতীৰ জাকটোৱে বিভিন্ন সময়ত চিঞৰি থাকে। যোৱা কালি সন্ধিয়াৰ পৰা আজি পুৱতি নিশালৈ হাতীৰ জাকটোৱে চিঞৰীয়েই আছিল। কিন্তু পুৱতি নিশা তেখেতৰ বাৰীৰ সীমাত হাতীটোৰ মৃত্যু ঘটাৰ কথা বড়োৱে জনা নাছিল।

উল্লেখ্য যে, আজি মৃত্যু ঘটা হাতীটোৰ পৰা এশ মিটাৰ নিলগত বিগত ২০২০ বৰ্ষত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছিল। ঘটনাস্থলীত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া জয়ন্ত গোস্বামী লগতে বনকৰ্মী আৰু পশু চিকিৎসকৰ দল এটি উপস্থিত থাকে। বন বিভাগৰ যাৱতীয় কাম–কাজৰ অন্তত পশু চিকিৎসকৰ দলটোৱে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত দূৰ্ঘটনাস্থলীৰ পৰা কিছু দূৰত লৈ গৈ বন বিভাগে হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে। ইপিনে, মৰণোত্তৰ পৰীক্ষাৰ ফলাফল আহি পালেহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি বন বিভাগে জানিব দিয়ে।       

ৰাজ্যখনত প্ৰায় সপ্তাহজুৰি বনৰীয়া হাতীৰ মৃত্যুৰ বাতৰি আহিয়েই আছে। এইপৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰায় ১০টাকৈ বনৰীয়া হাতীৰ মৃত্যু ঘটিছে। বিপৰীতে, হাতী–মানুহৰ সংঘাতৰ সংখ্যাও বাঢ়ি গৈছে। চৰকাৰ তথা ৰাজ্যৰ বন বিভাগে বনৰীয়া হাতী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি ৰাইজে দাবী কৰি আহিছে। সময় থাকোতে হাতী নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহ’লে আহি থকা দিনবোৰত হাতী–মানুহৰ সংঘাত ভয়ানকভাৱে বৃদ্ধি পাব। য’ত– হাতীও মৰিব আৰু মানুহৰো মৃত্যু ঘটিব বুলিও ৰাইজে আশংকা প্ৰকাশ কৰে।

ফটোঃ প্ৰভাত ৰাভা

Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward