Friday, March 29, 2024
HomeNEWSঅসম–মেঘালয় সীমান্তৰ মাটাইখাৰত সুঁৱেৰী উৎসৱঃ পৰম্পৰাগত হাতী দৌৰ খেল প্ৰতিযোগিতা

অসম–মেঘালয় সীমান্তৰ মাটাইখাৰত সুঁৱেৰী উৎসৱঃ পৰম্পৰাগত হাতী দৌৰ খেল প্ৰতিযোগিতা

প্ৰকাশিত তাৰিখঃ ২০ এপ্ৰিল, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

আজি ২০ এপ্ৰিলত পশ্চিম গুৱাহাটী সমষ্টিৰ অসম–মেঘালয় সীমান্তৰ মাটাইখাৰৰ মাটিফুটা সত্ৰত আয়োজন কৰা হয় সুঁৱেৰী উৎসৱ। প্ৰতিটো বৰ্ষৰ ৬ব’হাগ (৭বিহু)ত আয়োজন কৰি অহা সুঁৱেৰী উৎসৱৰ পৰম্পৰা প্ৰায় ১৭শতিকাৰ পৰাই প্ৰচলন হৈ আহিছিল। আজিৰ সুঁৱেৰী উৎসৱত অঞ্চলটোৰ বিভিন্ন জাতি–বৰ্ণ–ধৰ্মৰ লোকে অংশ গ্ৰহণ কৰে।

সুঁৱেৰী উৎসৱৰ আয়োজক সমিতিয়ে পৰম্পৰাগত হাতী দৌৰ খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। আজিৰ খেল প্ৰতিযোগিতাত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অহা পাঁচটা হাতী অংশ গ্ৰহণ কৰে। উল্লেখনীয় যে, পূৰ্বতে ঘোৰা দৌৰ, কুকুৰা যুঁজ আদি পৰম্পৰাগত খেল–ধেমালিৰ প্ৰতিযোগিতাৰো আয়োজন কৰি আহিছিল। যদিও হাতী দৌৰ খেলৰ বাদে অন্যান্য খেল–ধেমালি বোৰ ক্ৰমাৎ হেৰাই গৈছিল। আজিৰ হাতী দৌৰ প্ৰতিযোগিতা মুকলি কৰে মাটাইখাৰৰ মাটিফুটা সত্ৰৰ সত্ৰাধিকাৰ গজেন ৰাভাই।

সুঁৱেৰী উৎসৱস্থলীত ৰাভা জনগোষ্ঠীয় নৃত্য–গীত মাতৰ লগতে, বিহু হুচৰি আৰু জেং বিহু পৰিবেশন কৰে।

উল্লেখযোগ্য যে, হিন্দু ধৰ্মৰ মঠ–মন্দিৰ, সত্ৰ–দেৱালয়, থান আদিৰ বিগ্ৰহ সমূহ মুকলি পথাৰত স্থাপন কৰি ৰাইজক সেৱা জনোৱাৰ সুবিধাৰ্থে ব’হাগ মাহত সুঁৱেৰী উৎসৱ আয়োজন কৰি আহিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা প্ৰচলন ঘটা এই সুঁৱেৰী উৎসৱৰ ধাৰাবাহিকতা আজিও বৰ্তি আছে। সুঁৱেৰী উৎসৱ সমূহে অঞ্চলটোৰ বিভিন্ন জাতি–বৰ্ণ–ধৰ্মৰ মাজত সমন্বয় স্থাপন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward