Sunday, April 28, 2024
HomeNEWSনহিৰাত প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ প্ৰথমটো আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

নহিৰাত প্ৰধানমন্ত্ৰী শ্ৰী আঁচনিৰ প্ৰথমটো আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

প্ৰকাশিত তাৰিখঃ ৯ ডিচেম্বৰ, ২০২৩

উৎপল দাস, মিৰ্জা

দক্ষিণ কামৰূপৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ সন্মুখত সোণালী জয়ন্তীবৰ্ষৰ সামৰণি কাৰ্যসূচী। তেনে সময়তে আৰু এক ভাল খৱৰ আহিছে বিদ্যালয়খনলৈ। প্ৰধানমন্ত্ৰী শ্ৰী আঁচনি লাভ কৰিছে নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলে। শনিবাৰে পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই বিদ্যালয়খনত উপস্থিত হৈ বিদ্যায়লখনৰ পি এম শ্ৰী আঁচনিৰ অনুমোদিত অতিৰিক্ত শ্ৰেণী কোঠাৰ আধাৰশিলা স্থাপন কৰে। বিধায়ক গৰাকী উপস্থিত হোৱাৰ লগে লগে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক–শিক্ষয়ত্ৰীৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। পিছত বিধায়ক গৰাকীয়ে নাৰিকল ভাঙি অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ কামৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে, অহা ২২ ডিচেম্বৰৰপৰা ২৪ ডিচেম্বৰলৈ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল খেলপথাৰৰ বাকৰিত বিদ্যালয়খনৰ সোণালী জয়ন্তীবৰ্ষ শেষ কাৰ্যসূচী উদযাপন কৰা হ’ব। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। শনিবাৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ সোণালী জয়ন্তীবৰ্ষ উদযাপনৰ এটি অস্থায়ী কাৰ্যালয়ো মুকলি কৰে। উক্ত কাৰ্যলয়টো মুকলি কৰাৰ প্ৰাক্‌ মুহূৰ্তত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নয়ন মহন্তই বিধায়ক গৰাকীক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়। উক্ত কাৰ্যসূচীত বিধায়ক গৰাকীক নহিৰা গাঁও পঞ্চায়তৰ সভাপতি মহেশ্বৰ ঠাকুৰীয়া, আঞ্চলিক সদস্য চন্দ্ৰকান্ত নাথৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সংগ দিয়ে।

ইফালে বিধায়ক হেমাংগ ঠাকুৰীয়াই উক্ত বিদ্যালয়খনত চৰকাৰে দক্ষিণ কামৰূপৰ প্ৰথমটো পি এম শ্ৰী আঁচনি প্ৰদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে। সোণালী জয়ন্তীবৰ্ষ উদযাপন কাৰ্যসূচীত বিধায়ক গৰাকীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মত প্ৰকাশ কৰে।

আনহাতে, নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেণ কুমাৰে বিধায়ক গৰাকীক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক সময়ত বিদ্যালয়খনৰ উন্নতিৰ প্ৰতি চকু ৰাখিবলৈ আহ্বান জনায়। লগতে প্ৰধান শিক্ষক গৰাকীয়ে সোণালী জয়ন্তীবৰ্ষ উদযাপনত অসমৰ বিভিন্ন প্ৰান্তত থকা নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকলক সহায়–সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনায়।

শিৰোনামৰ ফটোঃ উৎপল দাস
Title Pix: Utpal Das

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward