Monday, April 29, 2024
Homeবাতৰি‘হৰ্নবিল উৎসৱ’ যাৰ জৰিয়তে বিশ্বজুৰি চিনাকী

‘হৰ্নবিল উৎসৱ’ যাৰ জৰিয়তে বিশ্বজুৰি চিনাকী

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী

 

উদিত ভাস্কৰ ৰাভা

২০১৫ চনৰ ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ দহ দিনীয়া বৰ্ণঢ্য কাৰ্যসূচীৰে নাগালেণ্ড ৰাজধানী ক’হিমাৰ হেৰিটেজ ভিলেজ কিচামাত অষ্টাদশসংখ্যক ‘হৰ্নবিল’ উৎসৱ অনুষ্ঠিত হয়। আৰম্ভণিতে এই উৎসৱৰ কাৰ্যসূচী এদিনীয়া, তিনিদিনীয়া, পাঁচদিনীয়া আৰু সাদিনীয়া আছিল। উৎসৱৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি যোৱাৰ লগেলগে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পায়। সেয়ে হৰ্নবিল উৎসৱৰ কাৰ্যসূচী দহ দিনলৈ বৃদ্ধি কৰা হয়।

ডিমাপুৰ চহৰৰ পৰা ক’হিমালৈ প্ৰায় তিনি ঘণ্টীয়া বাট। অকোৱা-পকোৱা পাহাৰীয়া পথেৰে অতিক্ৰম কৰাৰ অন্তত গন্তব্যস্থান পোৱা যায়। পথটোৰ কাষে-কাষে বিভিন্ন স্থানত নগালোকসকলৰ আনাৰস, কল আদি নানা ফল-মুলৰ দোকান। নিজৰ দায়িত্ব অনুসৰি পথটোত ভাৰতীয় সেনা আৰু নগা আৰক্ষীৰ নিশ্চিদ্ৰ পহৰা। পহৰা নাথাকিবনো কিয়? মুক্তি যুজাৰু ‘ফিজো’ৰ দেশ তদুপৰি এন এছ চি এন (আই এম) (কে) আদি বিভিন্ন উগ্ৰপন্থী গোটৰ প্ৰভাৱ থকা নাগালেণ্ডত সেনা-আৰক্ষী পহৰা অবিহনে কোনো কথা চিন্তা কৰিব পাৰিনে?

পৰ্যটকজনে যদি গুৱাহাটীৰ পৰা যাত্ৰা কৰে তেনেহ’লে প্ৰথমে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নুমলীগড়লৈ তাৰ পিছত নুমলীগড়ৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিমাপুৰলৈ যাব পাৰি। এই মসৃণ পথছোৱা যাত্ৰা কৰোতে নামবৰ অভয়াৰণ্যৰ ঘন অৰণ্যৰ মাজেৰে অতিক্ৰম কৰিব লাগিব। নামবৰ অৰণ্যৰ শান্ত, নিজান-নিস্তব্ধ পৰিবেশে পৰ্যটকক ৰোমাঞ্চিত কৰি তুলিব।

তাৎপৰ্যপূৰ্ণ যে আজিৰ হৰ্নবিল উৎসৱৰ মূল থলী ‘কিচামা’ ভিলেজ হ’ল নগাজাতিক মুক্তিৰ সোৱাদ দিব খোজা এসময়ৰ মুক্তিযুজাৰু তথা সংগ্ৰামী নেতা ‘ফিজো’ৰ জন্ম গাঁও। এই নেতাগৰাকীৰ সোঁৱৰণতে কিচামা ভিলেজত নগাজাতিৰ সু-পৰিকল্পিত অনুষ্ঠান ‘হৰ্নবিল’। স্বাধীনভাৱে জীয়াই থাকিব খোজা নগালোকসকলে আজিও ভাৰত ৰাষ্ট্ৰৰ ঔপনিবেশিকতাক স্বীকাৰ কৰিবলৈ টান পায়। নাগালেণ্ডৰ স্বাধীনতাৰ স্বাৰ্থত আজিও এচামে অব্যাহত ৰাখিছে সশস্ত্ৰ সংগ্ৰাম। তেওঁলোকৰ মনত এক বৈপ্লৱিক চেতনাৰ উক্‌মুকনিৰ ধাৰা আজিও বৈ আছে। নিশাৰ আন্ধাৰত ৰাজধানী ক’হিমা চহৰ পোহৰৰ মায়াজালেৰে আবৃত হৈ থাকে। সকলোৰে চকু নিবদ্ধ হ’ব পোহৰৰ এই অপূৰ্ব মেলাত। পথটোৰ দুয়ো কাষে গছৰ ঠাল-ঠেঙুলিবোৰত নানা ৰঙৰ আলোকসজ্জা। নগাসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক তদুপৰি সম্মুখত ‘বৰদিন’। গতিকে উৎসৱৰ সমানে সমানে বৰদিন উদ্‌যাপনৰো কুজকাৱাজ সমানে চলাই গৈছে।

নাগালেণ্ড ভ্ৰমণ কৰিবলৈ হ’লে অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত থকা চেকগে’টৰ মাজেৰে অতিক্ৰম কৰিব লগা হয়। এই চেকগে’ট বৃহৎ আৰু চোকা পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে প্ৰতিজন পৰ্যটকে প্ৰৱেশ কৰিব লগা হয়। উক্ত গেটত প্ৰতিজন ব্যক্তিৰ বিপৰীতে ইনাৰলাইন পাৰ্মিট বাধ্যতামূলক। গুৱাহাটীৰ পৰা যাত্ৰা কৰা পৰ্যটকসকলে গুৱাহাটীস্থ নাগালেণ্ড হাউচৰ পৰা প্ৰতিগৰাকীৰ বিপৰীতে ইনাৰলাইন পাৰ্মিট সংগ্ৰহ কৰি ল’ব লাগে। কিন্তু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কোনো উৎসৱ নাগালেণ্ডত অনুস্থিত হ’লে ইনাৰলাইন চেকগে’ট সমূহৰ পৰীক্ষা-নিৰীক্ষা শিথিল কৰি দিয়ে। আনকি ইনাৰলাইন পাৰ্মিটসমূহো পৰীক্ষা নকৰে। উৎসৱ উপলক্ষে পৰ্যটকৰ বাবে সকলো মুকলি ৰাখে।

নাগালেণ্ডৰ ডিমাপুৰ চহৰত অৱস্থিত বিখ্যাত ‘হংকং’ মাৰ্কেটখন সকলোৰে পৰিচিত এই সু-বৃহৎ বজাৰ খনত নাগালেণ্ড ৰাজ্যৰ থলুৱাভাৱে উৎপাদন কৰা বিভিন্ন সা-সামগ্ৰীৰ লগতে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু ম’ৰে চহৰ প্ৰতিবেশী ম্যানমাৰ, চীন, ভিয়েটনাম, কম্বডিয়া আদি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা ৰঙ-বিৰঙৰ সামগ্ৰীৰ ভৰপূৰ। উন্নতভাৱে তৈয়াৰী চামৰাৰ সামগ্ৰীও পোৱা যায়। কিন্তু সেইবোৰ সামগ্ৰীৰ দামো অন্যৰ তুলনাত অত্যধিক।

স্বাভাবিকতে আমাৰ অসমত আয়োজন কৰা উৎসৱ আৰু কিচামাৰ আয়োজন কৰা উৎসৱৰ মাজত বিপৰীত ছবি এখন প্ৰত্যক্ষ হয়। নেদেখিলে অৱশ্যে কোনো ধাৰণা কৰিব নোৱাৰি। নগাসকল কাৰিকৰীভাৱে কিমান দক্ষ তাৰে উমান পোৱা যায় প্ৰদৰ্শনী মেলাত বাঁহেৰে নিৰ্মাণ কৰা গোলাকাৰ, সুউচচ পেভিলিয়নটো দেখা পোৱাৰ পাচতহে। আচৰিত কথা এয়ে যে- আমাৰ অসমত বিভিন্ন সংগঠনে আয়োজন কৰা উৎসৱ-মেলাবোৰত সাধাৰণতে ৰাজ্য চৰকাৰৰ খাদী, হস্ততাঁত বস্ত্ৰ শিল্প, বয়ন, কুটীৰ শিল্পৰ লগতে বহিৰাগত ষ্টল উভৈনদী হৈ পৰে। বিপৰীতে হৰ্নবিল উৎসৱৰ Bamboo Pavillionত নাগালেণ্ড চৰকাৰৰ ইণ্ডাট্ৰিজ এণ্ড কমাৰ্চ, হৰ্টিকালচাৰ, হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্‌ট আদি বিভিন্ন বিভাগৰ অসংখ্য ষ্টলৰ যোগদান চাবলগীয়া। ৰঙ-বিৰঙৰ বস্ত্ৰ, গহনা-গাথুৰি, থলুৱা আৰ্হিত নিৰ্মাণ কৰা সুন্দৰ ডিজাইনৰ দা-কটাৰী, কোৰ, খন্তি, মাটিৰ বাচন-বৰ্তন, কাঠ, বাঁহ-বেতৰ আচবাব। চালে চকু ৰোৱা। সকলো দৃষ্টি গোচৰ হোৱাৰ পিছত এখন আটকধুনীয়া আৰু দেখনিয়াৰ সামগ্ৰীৰ বৃহৎ মেলা বুলি স্বীকাৰ কৰিবই লাগিব। আমাৰ অসম চৰকাৰৰ নিজস্ব বিভাগ Industries & Commerce, Tourism, Handloom, Textile, Horticulture আৰু আত্মসহায়ক গোটসমূহে এই ক্ষেত্ৰত ফেৰ মাৰিবই নোৱাৰে। নাগালেণ্ডৰ মহিলাসকলে থলুৱা আৰ্হিত প্ৰস্তুত কৰা বস্ত্ৰ, অন্যান্য সা-সঁজুলি সকলোবোৰ সামগ্ৰীয়ে পৰ্যটকৰ মন মোহিত কৰে। চালে চকু ৰোৱা নিভাঁজ আৰু নিখুঁটকৈ থলুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰীবোৰৰ দাম চৰা যদিও পৰ্যটকৰ সাধ্যানুসৰি নিজ পচন্দৰ সামগ্ৰী ক্ৰয় নকৰাকৈ নাথাকে।

কঠিত আছে যে, নগাসকলে সিদ্ধ আহাৰত অধিক গুৰুত্ব দিয়ে। সেয়ে তেওঁলোক স্বাস্থ্যবান, নিৰোগী, সুষ্ট-সবল। উৎসৱস্থলীত জুইত সেক দিয়া গাহৰিৰ মাংস, চুঙাত ৰন্ধা গাহৰিৰ মাংস সহজলভ্য। নগা জনজাতি বিশেষে কুকুৰ-মেকুৰীৰ মাংস, ম’হ-মেঠনৰ মাংস, শামুক-কেঁকোৰা আৰু স্থানীয়ভাৱে তৈয়াৰী মদৰ প্ৰচলনো লেখত ল’বলগীয়া। দেশী-বিদেশী পৰ্যটকেৰে ঠাহ খাই থকা উৎসৱস্থলীৰ পেভিলিয়নত কন্যাক, আও, আংগামী, লুথা, চুমি আদি কেইবাটাও জনগোষ্ঠীয়ে তেওঁলোকৰ নিজস্ব তথা পৰম্পৰাগত নৃত্য, গীত-মাত, ঘিলা খেল, মল্লযুঁজ আদি কাৰ্যসূচী নিৰবচ্ছিন্নভাৱে চলিয়ে থাকে।

সাধাৰণতে নাগালেণ্ড বা নগা বুলিলে অসমবাসীৰ মনত বিৰূপ ধাৰনা এটা প্ৰকট হয়। ধাৰনাৰ মূল কাৰণ হ’ল অসম-নাগালেণ্ডৰ সীমান্তত সময়ে সময়ে সংঘটিত হৈ থকা অপ্ৰীতিকৰ উত্তপ্ত পৰিস্থিতিসমুহ। কিন্তু ডিমাপুৰ পাৰ হৈ ক’হিমাত ভৰি দিয়াৰ পিচতহে অনুভৱ হ’ব নাগালেণ্ড কেনেকুৱা। হৰ্নবিল উৎসৱত উপস্থিত হোৱাৰ পাচত অনুভৱ হ’ব নগা লোকৰ আচৰণ, মাত-কথা তথা স্বভাৱ-চৰিত্ৰ, ব্যৱহাৰ-পাতি আদিৰ। ভাবি থকা সকলো ধাৰণা অসত্য যেন অনুভৱ হ’ব। তেওঁলোকৰ পৰ্যটকৰ প্ৰতি থকা দায়বদ্ধতা, অতিথিপৰায়ণতা, সৌহাৰ্দমূলক আচাৰ-ব্যৱহাৰে সকলোকে আকৰ্ষণ নকৰাকৈ নাথাকে। নাগালেণ্ড চৰকাৰে ৰাজ্যৰ সকলোবোৰ জনজাতিক সম্প্ৰীতিৰ এনাজৰীৰে কটকটীয়াকৈ একত্ৰিত কৰাৰ প্ৰয়াসেৰে আজিৰ পৰা ১৮ বছৰ আগতে হৰ্নবিল উৎসৱৰ পাতনি মেলিছিল। সেই কাৰ্য আজি শতাংশই সফল হোৱা উল্লেখ কৰিব পাৰি।

আমাৰ অসম বিভিন্ন জাতি-জনগোষ্ঠী তথা বাৰেৰহনীয়া চহকী শিল্প-সংস্কৃতি পৰিপুৰ্ণ। অতি দুখৰ বিষয়, এইবোৰক আজি আমি একেখন মঞ্চত দেখিবলৈ নাপাওঁ। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ লাভালাভৰ অংকই টুকুৰা-টুকুৰ কৰিছে। ইটোৱে আনটোৰ প্ৰতি শত্ৰুতামূলক আচৰণ, গোষ্ঠী সংঘৰ্ষ, অৰিয়াঅৰি আদি ঘটনাবোৰ আজিও বিদ্যমান। এই মনোভাৱে প্ৰতিটো জনগোষ্ঠীক উন্নয়ণৰ পৰা বহু আঁতৰত ৰাখিছে। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি হৰ্নবিল উৎসৱ। উৎসৱ নহয় যেন সমন্বয়ৰহে প্ৰতীক। নাই কোনো পৃথক গোষ্ঠীৰ লাভালাভৰ অংক, নাই কোনো বিৰোধ আচৰণ কিম্বা ভেম-ফিতাহি। উৎসৱৰ পৰ্যটকক অকুণ্ঠ সহযোগিতা আগবঢ়োৱাই যেন নগাসকলৰ লাভালাভৰ অংক। মুঠতে কথা-বাৰ্তা, চাল-চলন সকলোতে অমায়িকতা। এককথাত জাতীয় চিন্তাত সকলো নগালোক একে মঞ্চত ঠিয় হয়। এইটোৱেই যেন নাগালেণ্ডৰ লাভালাভৰ অংক।

নাগালেণ্ড চৰকাৰে অতি পৰিকল্পিতভাৱে আৰু শৃংখলিতভাৱে হৰ্ণবিল উৎসৱৰ পাতনি মেলি পুঁজি সংগ্ৰহ কৰে। যদিও নাগালেণ্ডৰ সকলো জনজাতিৰ মাজত একতা-শান্তি-সম্প্ৰীতিৰ এনাজৰীডালো কটকটীয়াকৈ গঢ়ি তুলিছে। এনেদৰে নগাসকলে হৰ্নবিল উৎসৱক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈও সক্ষম হৈছে। একদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা উৎসৱটিক দহ দিনলৈ বৃদ্ধি কৰিব লগা হ’ল। বছৰি বৃদ্ধি পোৱা পৰ্যটকৰ আগমনেই উৎসৱৰ শ্ৰীবৃদ্ধিৰ অন্যতম কাৰক। সেয়ে হয়তো অধিক পৰ্যটকৰ আগমণে উৎসৱৰ দিন বৃদ্ধি কৰিবলৈ আয়োজকক দাবী কৰিব পাৰে। নগাসকল এইক্ষেত্ৰত যেন অধিক সিদ্ধহস্ত। শ্ৰম দিলে ফল পোৱা যায়, তাৰ ব্যতিক্ৰম নগাসকল নিশ্চয় নহ’ব। উৎসৱ এটি ইমান ফলপ্ৰসু কৰি তোলাৰ পাচত নাগালেণ্ড চৰকাৰ, নগা বাসিন্দাসকল ধন্যবাদৰ পাত্ৰ নহ’বনে ?

 

শিৰোনামৰ ছবিঃ কুশল দৈমাৰী

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward